ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ ৰাজভাষা বিভাগে আয়োজন কৰা পূব আৰু উত্তৰ-পূব অঞ্চলৰ যুটীয়া আঞ্চলিক ৰাজভাষা সন্মিলন আৰু বঁটা বিতৰণ অনুষ্ঠান কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। এই সন্মিলনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে অংশ গ্ৰহণ কৰিব। সন্মিলনখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সাংসদ শ্ৰী দিলীপ শইকীয়া আৰু শ্ৰীমতী বিজুলী কলিতা মেধি।

 

আজি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি গৃহ মন্ত্ৰালয়ৰ ৰাজভাষা বিভাগৰ যুটীয়া সচিব ড০ মীনাক্ষী জলীয়ে জানিবলৈ দিয়ে যে কাইলৈৰ সন্মিলনখন পূব আৰু উত্তৰ-পূব দুয়োটা অঞ্চলৰ  এক যুটীয়া আঞ্চলিক চৰকাৰী ভাষা সন্মিলন হ'ব। পূব অঞ্চলত পশ্চিম বংগ, উৰিষ্যা, বিহাৰ, ঝাৰখণ্ড আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ অন্তৰ্ভুক্ত আছে, আনহাতে উত্তৰ-পূব অঞ্চলৰ ভিতৰত আছে অসম, ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড, মণিপুৰ, মেঘালয়, ছিকিম আৰু অৰুণাচল প্ৰদেশ।

 

যুটীয়া সচিবগৰাকীয়ে লগতে কয় যে কাইলৈৰ সন্মিলনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজভাষাৰ ক্ষেত্ৰত বিভিন্ন স্তৰত আগবঢ়োৱা উৎকৃষ্ট কাম-কাজৰ বাবে বঁটা প্ৰদান কৰিব। কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়, বেংক, প্ৰতিষ্ঠান আদিৰ পৰা বহু সংখ্যক জ্যেষ্ঠ বিষয়া সন্মিলনখনত উপস্থিত থাকিব৷ ইয়াৰ উপৰিও, ‘নগৰ চৰকাৰী ভাষা ৰূপায়ণ সমিতি’ (টিঅএলচি)সমূহক ৰাজভাষা সন্মানেৰে সন্মানিত কৰা হ'ব৷ তথ্য ব্যৱস্থাপনা প্ৰণালীৰ জৰিয়তে দাখিল কৰা ‘ত্ৰৈমাসিক প্ৰগতি প্ৰতিবেদন’ৰ আধাৰত বাছনি কৰাসকলক কাইলৈৰ সমাৰোহত মুঠ ৪৮ টা বঁটা প্ৰদান কৰা হ'ব।

এই উপলক্ষে বিভাগীয় আলোচনী ‘ৰাজভাষা ভাৰতী’ আৰু ‘ভাৰতীয় ভাষা অনুভাগ’ৰ বাবে বহুভাষিক অনুবাদ ছফ্টৱেৰ ‘কণ্ঠস্থ’ (৩.০) ৰ আলফা সংস্কৰণ  মুকলি কৰা হ'ব।

এই বছৰৰ আৰম্ভণিতে, প্ৰথম আঞ্চলিক সন্মিলনখন ২০২৫ চনৰ ৪ জানুৱাৰীত কৰ্ণাটকৰ মহীশূৰত অনুষ্ঠিত হৈছিল, তাৰ পিছত ১৭ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে জয়পুৰত দ্বিতীয় সন্মিলন অনুষ্ঠিত হৈছিল৷ সন্মিলনৰ প্ৰাথমিক উদ্দেশ্য হৈছে কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়, বেংক, পিএছইউ, স্বায়ত্তশাসিত সংস্থা আৰু ‘নগৰ ৰাজভাষা ৰূপায়ণ সমিতি’ (টিঅ'এলআইচি)সমূহত ৰাজভাষা নীতিৰ কাৰ্যকৰী ৰূপায়ণক উত্সাহিত কৰা৷

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Emerging cities see 42% growth in GCC jobs, outpacing metros: Report

Media Coverage

Emerging cities see 42% growth in GCC jobs, outpacing metros: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 মে’ 2026
May 27, 2026

Strategic, Sustainable, Self-Reliant: How PM Modi is Building Viksit Bharat