ভাৰতৰ উচ্চতম ন্যায়ালয় স্থাপনৰ ৭৫ বছৰ পূৰ্তিৰ স্মৃতিত ডাকটিকট আৰু মুদ্ৰা মুকলি
“উচ্চতম ন্যায়ালয়ৰ ৭৫ বছৰ - এয়া ভাৰতৰ সংবিধান আৰু ইয়াৰ সাংবিধানিক প্ৰমূল্যবোধৰ যাত্ৰা! গণতন্ত্ৰ হিচাপে বিকশিত হোৱা ভাৰতৰ এই যাত্ৰা!”
“উচ্চতম ন্যায়ালয়ৰ ৭৫ বছৰে গণতন্ত্ৰৰ মাতৃ হিচাপে ভাৰতৰ গৌৰৱ বঢ়াই তুলিছে”
“আজাদী কা অমৃত কালত ভাৰতৰ ১৪০ কোটি নাগৰিকৰ এটাই সপোন – বিকশিত ভাৰত, নব্য ভাৰত”
“ভাৰতীয় ন্যায় সংহিতাৰ মনোভাৱ হৈছে ‘নাগৰিক প্ৰথম, মৰ্য্যাদা প্ৰথম আৰু ন্যায় প্ৰথম’”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ উচ্চতম ন্যায়ালয় প্ৰতিষ্ঠাৰ ৭৫ বছৰ পূৰ্তিৰ স্মৃতিত ডাকটিকট আৰু মুদ্ৰাও মুকলি কৰে। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ উদ্যোগত আয়োজিত এই দুদিনীয়া সন্মিলনত জিলা ন্যায়পালিকাৰে সম্পৰ্কীয় বিষয়সমূহ যেনেঃ আন্তঃগাঁথনি আৰু মানৱ সম্পদ, সকলোৰে বাবে অন্তৰ্ভুক্ত আদালত কক্ষ, ন্যায়িক সুৰক্ষা আৰু ন্যায়িক কল্যাণ, গোচৰ ব্যৱস্থাপনা আৰু ন্যায়িক প্ৰশিক্ষণ সন্দৰ্ভত আলোচনা আৰু বিচাৰ-বিবেচনাৰ বাবে পাঁচ কৰ্ম অধিৱেশন অনুষ্ঠিত হ’ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণৰ স্মৃতি ৰোমন্থনেৰে ভাষণ আৰম্ভৰে উচ্চতম ন্যায়ালয়ৰ ৭৫ সংখ্যক বৰ্ষ উদযাপনৰ অংশ হিচাপে আজি আয়োজিত জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলনত উপস্থিত থাকিবলৈ পোৱাত সন্তোষ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৭৫ বছৰীয়া যাত্ৰা কেৱল এটা প্ৰতিষ্ঠানৰ সৈতেই জড়িত নহয়, বৰঞ্চ এয়া ভাৰতৰ সংবিধান, ইয়াৰ প্ৰমূল্যবোধ আৰু গণতন্ত্ৰ হিচাপে বিকশিত হোৱা ভাৰতৰ যাত্ৰাও। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই যাত্ৰাত সংবিধান প্ৰণেতা আৰু সমগ্ৰ ন্যায় ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ ভূমিকাক আলোকপাত কৰে। এই ন্যায়িক ব্যৱস্থাৰ ওপৰত আস্থা ৰখা ভাৰতৰ কোটি-কোটি নাগৰিকৰ ভূমিকাৰ কথাও তেখেতে উল্লেখ কৰে। “ভাৰতৰ উচ্চতম ন্যায়ালয় বা ন্যায়পালিকাৰ প্ৰতি ভাৰতৰ জনসাধাৰণে কেতিয়াও অবিশ্বাস প্ৰদৰ্শন কৰা নাই”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়। সেয়েহে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৭৫ বছৰীয়া যাত্ৰাই গণতন্ত্ৰৰ মাতৃ হিচাপে ভাৰতৰ গৌৰৱক সাহসী কৰি তুলিছে। ই সত্য মেৱ জয়তেৰ আহ্বানক সুদৃঢ়় কৰিছে। ৰাষ্ট্ৰখনে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰি সংবিধানৰ ৭৫ বছৰ পূৰ্তি উদযাপন কৰিবলৈ অগ্ৰসৰ হৈছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই অনুষ্ঠানটো গৌৰৱ আৰু প্ৰেৰণাৰে ভৰা। এই উপলক্ষে তেখেতে ন্যায়িক ব্যৱস্থা সমাজ আৰু ভাৰতৰ নাগৰিকক অভিনন্দন জ্ঞাপনৰ লগতে জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰা আটাইকে শুভেচ্ছা জ্ঞাপন কৰে।

 

“ন্যায়পালিকাক আমাৰ গণতন্ত্ৰৰ ৰক্ষক বুলি গণ্য কৰা হয়”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। ইয়াক এক বৃহৎ দায়িত্ব বুলি অভিহিতকৰণেৰে শ্ৰী মোদীয়ে এই দিশত নিজৰ দায়িত্ব দক্ষতাৰে পালনৰ ক্ষেত্ৰত সন্মানীয় উচ্চতম ন্যায়ালয়ৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে স্বাধীনতাৰ পিছৰেপৰা ন্যায়পালিকাই ন্যায়ৰ মনোভাৱ ৰক্ষা কৰি আহিছে বুলি মন্তব্য প্ৰদানেৰে জৰুৰীকালীন অশান্ত সময়তো সংবিধান ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণৰ বাবে ন্যায়পালিকাক প্ৰশংসা কৰে। তেখেতে আৰু কয় যে উচ্চতম ন্যায়ালয়ে মৌলিক অধিকাৰ খৰ্বৰ বেলিকা সুৰক্ষা প্ৰদান কৰে আৰু যেতিয়াই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰশ্ন উত্থাপন হয়, তেতিয়াই ন্যায়পালিকাই ৰাষ্ট্ৰীয় স্বাৰ্থক সৰ্বোচ্চ কৰি ভাৰতৰ ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰে। এই সকলোবোৰ সাফল্যৰ বাবে শ্ৰী মোদীয়ে ন্যায়পালিকাৰ সকলো বিশিষ্ট ব্যক্তিলৈ এই স্মৰণীয় ৭৫ বছৰ পূৰ্তি উপলক্ষে অভিনন্দন জ্ঞাপন কৰে।

বিগত ১০ বছৰত ন্যায়ৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৰাজি সম্পৰ্কে আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে মিছন পৰ্য্যায়ত আদালতৰ আধুনিকীকৰণৰ বাবে অব্যাহত কামৰ কথা উল্লেখেৰে উচ্চতম ন্যায়ালয় আৰু ন্যায়পালিকাৰ অৱদান সম্পৰ্কে আলোকপাত কৰে। জিলা ন্যায়পালিকাৰ বাবে ৰাষ্ট্ৰীয় সন্মিলন ইয়াৰ আন এক উদাহৰণ বুলি উল্লেখেৰে উচ্চতম ন্যায়ালয় আৰু গুজৰাট উচ্চ ন্যায়ালয়ে ‘সৰ্ব ভাৰতীয় জিলা আদালতৰ ন্যায়াধীশ সন্মিলন’ আয়োজনৰ কথা স্মৰণ কৰে। ন্যায়ৰ সুগমতাৰ বাবে এনেধৰণৰ অনুষ্ঠানৰ গুৰুত্বৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰী মোদীয়ে আগন্তুক দুদিনত আলোচনা হ’বলগীয়া বিষয়সমূহত আলোকপাতেৰে বিচাৰাধীন গোচৰসমূহৰ ব্যৱস্থাপনা, মানৱ সম্পদ আৰু আইনী সমাজৰ অগ্ৰগতিৰ উদাহৰণ দাঙি ধৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আনন্দ প্ৰকাশেৰে কয় যে আগন্তুক দুদিনত ন্যায়িক কল্যাণ সন্দৰ্ভতো এখন অধিৱেশনৰ আয়োজন কৰা হৈছে। “ব্যক্তিগত কল্যাণ সামাজিক কল্যাণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা”, তেখেতে লগতে কয়।

 

 

“উন্নত ভাৰত, নব্য ভাৰত - আজিৰ আজাদী কা অমৃত কালত ১৪০ কোটি নাগৰিকৰ আকাংক্ষা আৰু সপোন”, প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয়। তেখেতে লগতে কয় যে নব্য ভাৰত মানে চিন্তা আৰু দৃঢ়তাৰে আধুনিক ভাৰত। শ্ৰী মোদীয়ে আলোকপাত কৰে যে আমাৰ ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ ভিত্তি হিচাপে ন্যায়পালিকা এই দৃষ্টিভংগী আৰু বিশেষকৈ জিলা ন্যায়পালিকা ইয়াৰ এক শক্তিশালী স্তম্ভ। তেখেতে মন্তব্য কৰে যে জিলা ন্যায়পালিকা হৈছে দেশৰ এজন সাধাৰণ নাগৰিকৰ ন্যায়ৰ প্ৰথম স্পৰ্শ কেন্দ্ৰ। সেয়েহে ন্যায়ৰ প্ৰথম কেন্দ্ৰসমূহ সকলো দিশতে সক্ষম আৰু আধুনিক হোৱাটো সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় বুলি তেখেতে গুৰুত্ব আৰোপ কৰে। আস্থা প্ৰকাশেৰে শ্ৰী মোদীয়ে কয় যে এই ৰাষ্ট্ৰীয় সন্মিলন আৰু ইয়াৰ আলোচনাই দেশৰ আশা পূৰণত সহায় কৰিব।

ইজ অৱ লিভিঙৰদ্বাৰা নিৰ্ধাৰিত সাধাৰণ নাগৰিকৰ জীৱন ধাৰণৰ মানদণ্ড যিকোনো দেশৰ বাবে উন্নয়নৰ আটাইতকৈ অৰ্থপূৰ্ণ পৰিমাপ বুলি আলোকপাতৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জীৱন-যাপনৰ সহজতাৰ বাবে ন্যায়ৰ সহজ আৰু সুচল উপলব্ধতা অতি প্ৰয়োজনীয়। তেখেতে কয় যে জিলা আদালতসমূহ আধুনিক আন্তঃগাঁথনি আৰু প্ৰযুক্তিৰে সজ্জিত হ’লেহে সেয়া সম্ভৱ হ’ব পাৰে। জিলা আদালতত প্ৰায় ৪.৫ কোটি গোচৰ নিষ্পত্তি নোহোৱাকৈ থকা কথাটো আঙুলিয়াই দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ন্যায়ৰ ক্ষেত্ৰত এই পলম দূৰ কৰাৰ বাবে যোৱা দশকত একাধিক স্তৰত কাম কৰা হৈছে। তেখেতে অৱগত কৰে যে ন্যায়িক আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে দেশে প্ৰায় ৮,০০০ কোটি টকা ব্যয় কৰিছে। তেখেতে আৰু কয় যে বিগত ২৫ বছৰত ন্যায়িক আন্তঃগাঁথনিৰ বাবে ব্যয় কৰা ধনৰ ৭৫ শতাংশ ধন কেৱল যোৱা ১০ বছৰত কৰা হৈছে। “এই ১০ বছৰত জিলা ন্যায়পালিকাৰ বাবে ৭.৫ হাজাৰৰো অধিক আদালত হল হ’ল আৰু ১১ হাজাৰ আৱাসিক ইউনিট স্থাপন কৰা হৈছে”, তেখেতে লগতে কয়।

ই-ক’ৰ্টৰ গুৰুত্ব সম্পৰ্কে আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে প্ৰযুক্তিৰ হস্তক্ষেপে ন্যায়িক প্ৰক্ৰিয়াক ত্বৰান্বিতকৰণেই নহয়, বৰঞ্চ অধিবক্তাৰপৰা অভিযোগকাৰীলৈকে সকলোৰে সমস্যাও ক্ষীপ্ৰতাৰে হ্ৰাস কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে দেশৰ আদালতসমূহ ডিজিটেলাইজ কৰা হৈছে আৰু এই সকলোবোৰ প্ৰচেষ্টাত উচ্চতম ন্যায়ালয়ৰ ই-কমিটিয়ে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ২০২৩ত ই-ক’ৰ্ট প্ৰকল্পৰ তৃতীয় পৰ্য্যায়ত অনুমোদন জনোৱা হৈছে। তেখেতে লগতে কয় যে ভাৰত এক ঐক্যবদ্ধ প্ৰযুক্তি মঞ্চ গঠনৰ দিশে অগ্ৰসৰ হৈছে, য’ত কৃত্ৰিম বুদ্ধিমত্তা আৰু অপটিকেল চৰিত্ৰ স্বীকৃতিৰ দৰে উদীয়মান প্ৰযুক্তিক অন্তৰ্ভুক্ত কৰা হৈছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এনে প্ৰযুক্তিগত মঞ্চই বিচাৰাধীন গোচৰ বিশ্লেষণত সহায় কৰিব আৰু ভৱিষ্যতৰ গোচৰৰ ভৱিষ্যদ্বাণীও কৰিব। তেখেতে লগতে কয় যে প্ৰযুক্তিয়ে আৰক্ষী, ফৰেনছিক, জেল, আদালতৰ দৰে ভিন্ন বিভাগৰ কাম একত্ৰিত আৰু ক্ষীপ্ৰতাৰে কৰিব। “আমি এনে এক ন্যায় ব্যৱস্থাৰ অভিমুখে অগ্ৰসৰ হৈছোঁ, যি সম্পূৰ্ণৰূপে ভৱিষ্যতৰ বাবে সাজু হ’ব”, শ্ৰী মোদীয়ে মন্তব্য কৰে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰখনৰ ৰূপান্তৰশীল যাত্ৰাত আন্তঃগাঁথনিগত আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ লগতে নীতি আৰু আইনৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে আলোকপাত কৰে। সেয়েহে শ্ৰী মোদীয়ে কয় যে স্বাধীনতাৰ ৭০ বছৰৰ পাছত প্রথমবাৰৰ বাবে ৰাষ্ট্ৰখনে আইনী কাঠামোত ইমান বৃহৎ আৰু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰিছে। ভাৰতীয় ন্যায় সংহিতাৰ ৰূপত নতুন ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই আইনসমূহৰ মনোভাৱ হৈছে ‘নাগৰিক প্ৰথম, মৰ্য্যাদা প্ৰথম আৰু ন্যায় প্ৰথম।’ তেখেতে আঙুলিয়াই দিয়ে যে ভাৰতৰ ফৌজদাৰী আইনসমূহ শাসক আৰু দাসৰ ঔপনিৱেশিক মানসিকতাৰপৰা মুক্ত হৈছে। তেখেতে দেশদ্ৰোহৰ দৰে ঔপনিৱেশিক যুগৰ আইন বাতিলৰ উদাহৰণ দাঙি ধৰে। প্ৰধানমন্ত্ৰী মোদীয়ে মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন আৰু সৰু-সৰু অপৰাধৰ শাস্তিৰ বাবে সামূহিক সেৱাৰ ব্যৱস্থা প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তনৰ কথা উল্লেখ কৰে। শ্ৰী মোদীয়ে ভাৰতীয় সাক্ষ্য অধিনিয়মৰ বিষয়েও কয় আৰু নতুন আইনৰ অধীনত ইলেক্ট্ৰনিক আৰু ডিজিটেল ৰেকৰ্ডক প্ৰমাণ হিচাপে স্বীকৃতি দিয়া হৈছে বুলি কয়। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ কথাও উল্লেখেৰে তেখেতে কয় যে ন্যায়পালিকাৰ ওপৰত বিচাৰাধীন গোচৰৰ বোজা কমাব পৰাকৈ ইলেক্ট্ৰনিক মডত চমন প্ৰেৰণৰ ব্যৱস্থা স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত জিলা ন্যায়পালিকাক এই নতুন ব্যৱস্থা সম্পৰ্কে প্ৰশিক্ষণ প্ৰদানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈয়ো আহ্বান জনায়। তেখেতে ন্যায়াধীশ আৰু অধিবক্তাসকলকো এই অভিযানৰ অংশ হ’বলৈ পৰামৰ্শ আগবঢ়ায়। “এই নতুন ব্যৱস্থাৰ সৈতে জনসাধাৰণক পৰিচিতকৰণত আমাৰ অধিবক্তাসকল আৰু বাৰ এছ’চিয়েচনৰ এটি গুৰুত্বপূৰ্ণ ভূমিকা আছে”, তেখেতে লগতে কয়।

সমবেতসকলক জ্বলন্ত বিষয়ত দৃষ্টি আকৰ্ষণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে যে মহিলা আৰু শিশুৰ ওপৰত হোৱা অত্যাচাৰ আৰু তেওঁলোকৰ সুৰক্ষা আজি সমাজৰ এক গুৰুতৰ চিন্তাৰ বিষয়। শ্ৰী মোদীয়ে আলোকপাত কৰে যে দেশত মহিলাসকলৰ সুৰক্ষাৰ বাবে একাধিক কঠোৰ আইন প্ৰণয়ন কৰা হৈছিল। তেখেতে লগতে কয় যে ২০১৯ত চৰকাৰে ফাষ্ট ট্ৰেক বিশেষ আদালত স্থাপনৰ পৰিকল্পনা কৰিছিল। আৰু ইয়াৰ ব্যাখ্যাৰে তেখেতে কয় যে ফাষ্ট ট্ৰেক বিশেষ আদালতৰ অধীনত গুৰুত্বপূৰ্ণ সাক্ষীৰ বাবে জবানবন্দী কেন্দ্ৰৰ ব্যৱস্থা আছে। তেখেতে আৰু অধিক গুৰুত্ব আৰোপেৰে কয় যে জিলা ন্যায়াধীশ, জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকৰে গঠিত ফাষ্ট ট্ৰেক বিশেষ আদালতৰ অধীনত জিলা নিৰীক্ষণ কমিটিসমূহৰ এই ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেখেতে লগতে কয় যে অপৰাধমূলক ন্যায় ব্যৱস্থাৰ ভিন্ন দিশৰ মাজত সমন্বয় সৃষ্টিৰ ক্ষেত্ৰত কমিটিখনৰ ভূমিকা গুৰুত্বপূৰ্ণ। শ্ৰী মোদীয়ে এনে কমিটিসমূহক অধিক সক্ৰিয়কৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেখেতে লগতে কয় যে মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ সৈতে জড়িত গোচৰত যিমানেই ক্ষীপ্ৰ সিদ্ধান্ত লোৱা হ’ব, সিমানেই আধা জনসংখ্যাৰ সুৰক্ষাৰ নিশ্চয়তা অধিক হ’ব।

 

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে আস্থা প্ৰকাশেৰে কয় যে ইয়াত হ’বলগীয়া আলোচনাই দেশক মূল্যৱান সমাধান সূত্ৰ প্ৰদান কৰিব আৰু ‘সকলোৰে ন্যায়’ৰ পথ সুগম কৰিব।

এই কাৰ্য্যসূচীত ভাৰতৰ মুখ্য ন্যায়াধীশ, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, উচ্চতম ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশ, ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ বি আৰ গাভাই, কেন্দ্ৰীয় আইন আৰু ন্যায় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী অৰ্জুন ৰাম মেঘৱাল, ভাৰতৰ এটৰ্নী জেনেৰেল শ্ৰী আৰ ভেংকটাৰমণি, উচচতম ন্যায়ালয়ৰ উকীল সন্থাৰ সভাপতি শ্ৰী কপিল ছিৱাল আৰু ভাৰতীয় বাৰ কাউন্সিলৰ অধ্যক্ষ শ্ৰী মনন কুমাৰ মিশ্ৰকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট লোকসকল উপস্থিত থাকে।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's commercial vehicle sales surge, manufacturers double growth projections to 10-15% this fiscal

Media Coverage

India's commercial vehicle sales surge, manufacturers double growth projections to 10-15% this fiscal
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister remembers victims of 9/11 attacks, reiterates unwavering resolve to combat terrorism
September 11, 2026

The Prime Minister, Shri Narendra Modi has remembered and honoured the victims of the horrific 9/11 attacks on the 25th anniversary and expressed solidarity with the families whose lives were forever changed.

Shri Modi said that terrorism has claimed countless lives around the world and noted that, as a victim of cross-border terrorism, India has been at the forefront of the fight against terrorism for several decades.

He further added that while the threat of terrorism continues to evolve, India’s resolve and opposition to terrorism in all its forms and manifestations remain unwavering. He expressed solidarity with all efforts to combat this scourge.

The Prime Minister also shared glimpses from his visit to the 9/11 Memorial & Museum in 2014.

In a post on X, Shri Modi said;

“25 years on from the horrific 9/11 attacks, we remember and honour the victims and stand in solidarity with the families whose lives were forever changed.

Terrorism has claimed countless lives around the world. As a victim of cross-border terrorism, India has been at the forefront of this fight for several decades.

While the threat keeps evolving, our resolve and opposition to terrorism in all its forms and manifestations remain unwavering. We stand in solidarity with all efforts to combat this scourge.

Here are glimpses from my visit to the 9/11 Memorial & Museum in 2014.”