“বছৰ বছৰ ধৰি ন্যায়পালিকা আৰু অধিবক্তা সমাজ ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ ৰক্ষক হৈ আহিছে”
“আইনী বৃত্তিৰ অভিজ্ঞতাই স্বাধীন ভাৰতৰ ভেটি সুদৃঢ় কৰাৰ কাম কৰিছে আৰু আজিৰ নিৰপেক্ষ ন্যায়িক ব্যৱস্থাই ভাৰতৰ প্ৰতি বিশ্বৰ আস্থা বৃদ্ধিতো সহায় কৰিছে”
“নাৰী শক্তি বন্দন আইনে ভাৰতৰ মহিলা নেতৃত্বাধীন উন্নয়নক নতুন দিশ আৰু শক্তি প্ৰদান কৰিব”
“যেতিয়া বিপদসমূহ বৈশ্বিক হয়, তেতিয়া ইয়াৰ সৈতে মোকাবিলা কৰাৰ উপায়সমূহো বৈশ্বিক হোৱা উচিত”
“নাগৰিকসকলে আইনখন তেওঁলোকৰ বাবে বুলি অনুভৱ কৰা উচিত”
“আমি এতিয়া ভাৰতত সহজ ভাষাত নতুন আইনৰ খচৰা প্ৰস্তুত কৰাৰ চেষ্টা কৰিছো”
“আইনী বৃত্তিৰ সৈতে জড়িতসকলে নতুন প্ৰযুক্তিগত উন্নতিৰ সহায় ল’ব লাগে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ‘আন্তঃৰাষ্ট্ৰীয় অধিবক্তা সন্মিলন ২০২৩’ উদ্বোধন কৰে। এই সন্মিলনৰ লক্ষ্য হৈছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিভিন্ন আইনী বিষয়ৰ ওপৰত অৰ্থপূৰ্ণ আলোচনা আৰু আলোচনাৰ মঞ্চ হিচাপে কাম কৰা, ধাৰণা আৰু অভিজ্ঞতাৰ আদান-প্ৰদানৰ পোষকতা কৰা আৰু আইনী বিষয়সমূহৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু বুজাবুজি শক্তিশালী কৰা।

 

এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে বিশ্ব আইনী ভ্ৰাতৃত্ববোধৰ মহান ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰাৰ সুযোগ পাই আনন্দ প্ৰকাশ কৰে। ইংলেণ্ডৰ লৰ্ড চেঞ্চেলৰ শ্ৰীযুত এলেক্স চক আৰু ইংলেণ্ডৰ বাৰ এছ’চিয়েশ্যনৰ প্ৰতিনিধি, কমনৱেলথ আৰু আফ্ৰিকান দেশৰ প্ৰতিনিধি আৰু সমগ্ৰ দেশৰ জনসাধাৰণৰ উপস্থিতিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২৩ চনৰ আন্তঃৰাষ্ট্ৰীয় অধিবক্তা সন্মিলনে ‘বসুধৈৱ কুটুম্বকম’ৰ আত্মাৰ প্ৰতীক হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে বিদেশী বিশিষ্ট ব্যক্তিসকলক ভাৰতলৈ আদৰণি জনোৱাৰ লগতে এই কাৰ্যসূচীৰ আয়োজনত আগভাগ লোৱাৰ বাবে ভাৰতীয় উকীল সন্থাকো ধন্যবাদ জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে যিকোনো দেশৰ উন্নয়নত আইনী ভ্ৰাতৃত্ববোধৰ ভূমিকাক গুৰুত্ব আৰোপ কৰে। তেওঁ কয় “বছৰ বছৰ ধৰি ন্যায়পালিকা আৰু অধিবক্তা সমাজে ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ ৰক্ষক হৈ আহিছে৷” প্ৰধানমন্ত্ৰী মোদীয়ে স্বাধীনতা সংগ্ৰামত আইনী বৃত্তিৰ সৈতে জড়িতসকলৰ ভূমিকাৰ ওপৰতো আলোকপাত কৰে। তেওঁ মহাত্মা গান্ধী, বাবা চাহেব আম্বেদকাৰ, বাবু ৰাজেন্দ্ৰ প্ৰসাদ, জৱাহৰলাল নেহৰু, চৰ্দাৰ পেটেল, লোকমান্য তিলক আৰু বীৰ ছাৱাৰকাৰৰ উদাহৰণ দাঙি ধৰে। তেওঁ লগতে কয়, ‘আইনী বৃত্তিৰ অভিজ্ঞতাই স্বাধীন ভাৰতৰ ভেটি শক্তিশালী কৰাৰ কাম কৰিছে আৰু আজিৰ নিৰপেক্ষ ন্যায় ব্যৱস্থাই ভাৰতৰ প্ৰতি বিশ্বৰ আস্থা বৃদ্ধিতো সহায় কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় অধিবক্তা সন্মিলন এনে সময়ত অনুষ্ঠিত হৈছে যিটো সময়ত দেশবাসীয়ে কেইবাটাও ঐতিহাসিক সিদ্ধান্তৰ সাক্ষী হৈছে৷ তেওঁ বিশেষকৈ লোকসভা আৰু ৰাজ্যসভাত নাৰী শক্তি বন্দন অধিনিয়ম গৃহীত হোৱাৰ কথা উনুকিয়ায়, যিয়ে  লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ সুযোগ প্ৰদান কৰিব৷ “নাৰী শক্তি বন্দন আইনে ভাৰতৰ মহিলা নেতৃত্বাধীন উন্নয়নক নতুন দিশ আৰু শক্তি প্ৰদান কৰিব”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ লগতে উল্লেখ কৰে যে নতুন দিল্লীত সদ্য সমাপ্ত জি-২০ সন্মিলনত ভাৰতৰ গণতন্ত্ৰ, জনগাঁথনি আৰু কূটনীতিৰ আভাস বিশ্ব লাভ কৰিছিল। আজিৰ দিনটোতে অৰ্থাৎ এমাহ পূৰ্বে চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ সফলতাৰে অৱতৰণ কৰা ভাৰত বিশ্বৰ প্ৰথমখন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছিল বুলি প্ৰধানমন্ত্ৰীয়ে সোঁৱৰাই দিয়ে৷ এই কৃতিত্বসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আত্মবিশ্বাসেৰে ভৰি থকা আজিৰ ভাৰতে ২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ৰ লক্ষ্য বাস্তৱায়িত কৰাৰ বাবে কাম কৰি আছে। তেওঁ উন্নত দেশৰ লক্ষ্যত উপনীত হ’বলৈ ভাৰতত আইনী দিশৰ বাবে শক্তিশালী, স্বতন্ত্ৰ আৰু নিৰপেক্ষ ভেটিৰ প্ৰয়োজনীয়তা কথাও প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে ২০২৩ চনৰ আন্তঃৰাষ্ট্ৰীয় অধিবক্তা সন্মিলন অত্যন্ত সফল হৈ উঠিব আৰু প্ৰতিখন দেশে আন দেশৰ উত্তম পদ্ধতিৰ পৰা শিকিবলৈ সুযোগ লাভ কৰিব।

 

প্ৰধানমন্ত্ৰী মোদীয়ে আজিৰ পৃথিৱীৰ গভীৰ সংযোগৰ বিষয়ে বিৱৰি কয়। তেওঁ কয় যে আজি বিশ্বত এনে বহু শক্তি আছে, যিয়ে সীমান্ত আৰু ন্যায়িক ক্ষেত্ৰৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। “যেতিয়া বিপদসমূহ বৈশ্বিক হয়, তেতিয়া ইয়াৰ সৈতে মোকাবিলা কৰাৰ উপায়ো বৈশ্বিক হোৱা উচিত”, তেওঁ কয়। তেওঁ চাইবাৰ সন্ত্ৰাসবাদ, ধন সৰবৰাহৰ, কৃত্ৰিম বুদ্ধিমত্তাৰ অপব্যৱহাৰৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰি এনে বিষয়সমূহৰ ওপৰত বৈশ্বিক পৰিকাঠামো প্ৰস্তুতৰ জৰিয়তে বিভিন্ন দেশৰ আইনী পৰিকাঠামোৰ মাজত সংযোগ স্থাপনৰ আহ্বান জনায়।

বিকল্প বিবাদ নিষ্পত্তিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে বাণিজ্যিক লেনদেনৰ জটিলতা বৃদ্ধিৰ লগে লগে সমগ্ৰ বিশ্বতে এডিআৰে গুৰুত্ব লাভ কৰিছে। তেওঁ কয় যে ভাৰতত বিবাদ নিষ্পত্তিৰ অনানুষ্ঠানিক পৰম্পৰাক পদ্ধতিগত কৰি তুলিবলৈ ভাৰত চৰকাৰে মধ্যস্থতা আইন প্ৰণয়ন কৰিছে। ঠিক তেনেদৰে লোক আদালতসমূহেও বৃহৎ ভূমিকা পালন কৰি আছে৷ লোক আদালতসমূহে বিগত ৬ বছৰত প্ৰায় ৭ লাখ গোচৰ সমাধান কৰিছে।

 

ন্যায় প্ৰদানৰ এটা গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ভাষা আৰু আইনৰ সৰলীকৰণৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ পন্থাৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰাৰ লগতে যিকোনো আইন দুটা ভাষাত উপস্থাপন কৰাৰ সন্দৰ্ভত চলি থকা আলোচনাৰ বিষয়ে অৱগত কৰে-এটা আইনী ব্যৱস্থাৰ জড়িতসকলৰ আৰু আনটো সাধাৰণ নাগৰিকৰ বাবে। “নাগৰিকসকলে আইনখন তেওঁলোকৰ বাবে বুলি অনুভৱ কৰা উচিত” বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে সজোৰে কয় যে চৰকাৰে সৰল ভাষাত নতুন আইনৰ খচৰা প্ৰস্তুত কৰাৰ প্ৰচেষ্টা চলাইছে৷ এই উপলক্ষে তেওঁ তথ্য সুৰক্ষা আইনখনৰ উদাহৰণ দাঙি ধৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানসমূহ ৪টা স্থানীয় ভাষা হিন্দী, তামিল, গুজৰাটী আৰু উড়িয়ালৈ অনুবাদ কৰাৰ ব্যৱস্থা কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ কীৰ্তিচিহ্নস্বৰূপ পৰিৱৰ্তনৰ পদক্ষেপৰ প্ৰশংসা কৰে।

 

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে প্ৰযুক্তি, সংস্কাৰ আৰু নতুন ন্যায়িক প্ৰক্ৰিয়াৰ জৰিয়তে আইনী প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰাৰ উপায় বিচাৰি উলিওৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে প্ৰযুক্তিগত উন্নতিয়ে ন্যায় ব্যৱস্থাৰ বাবে নতুন পথ মুকলি কৰিছে আৰু আইনী বৃত্তিৰ সৈতে জড়িতসকলক তেওঁ এই প্ৰযুক্তিগত সংস্কাৰৰ সুযোগ ল’বলৈ আহ্বান জনায়।

এই উপলক্ষে অনুষ্ঠানত ভাৰতৰ মুখ্য ন্যায়াধীশ  ড° ডি ৱাই চন্দ্ৰচুড়, কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱাল, ভাৰতৰ এটৰ্নী জেনেৰেল শ্ৰী আৰ ভেংকটাৰমণি, ভাৰতৰ ছলিচিটৰ জেনেৰেল শ্ৰী তুষাৰ মেহতা, বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ অধ্যক্ষ শ্ৰী মানন কুমাৰ মিশ্ৰ আৰু ব্ৰিটেইনৰ লৰ্ড চেন্সেলৰ শ্ৰীযুত এলেক্স চকৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tirupati Begins First Mango Pulp Exports To UK Under India-UK FTA

Media Coverage

Tirupati Begins First Mango Pulp Exports To UK Under India-UK FTA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses anguish over the loss of lives due to tunnel collapse in Namchi, Sikkim
July 21, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed anguish over the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. He extended his deepest condolences to the bereaved families and prayed that those injured recover at the earliest.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. Shri Modi stated that the injured would be given Rs. 50,000.

In a post on X, the Prime Minister shared:

"Anguished by the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. I extend my deepest condolences to the bereaved families. I pray that those injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"