‘অমৃত কাল ভিজন, ২০৪৭’ - ভাৰতীয় সামুদ্ৰিক সুনীল অৰ্থনীতিৰ ৰূপৰেখা উন্মোচন
২৩,০০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা
গুজৰাটৰ দীনদয়াল বন্দৰ প্ৰাধিকৰণত টুনা টেক্ৰা ডিপ ড্ৰাফ্ট টাৰ্মিনেলৰ আধাৰশিলা স্থাপন
সামুদ্ৰিক খণ্ডত বৈশ্বিক আৰু ৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ বাবে ৩০০ ৰোধিক বুজাবুজিৰ চুক্তি (MoU) উৎসৰ্গা
“পৰিৱৰ্তিত বিশ্ব ব্যৱস্থাত বিশ্বই নতুন আকাংক্ষাৰে ভাৰতলৈ চাই আছে”
বিশ্ব বাণিজ্যত সাগৰীয় পথৰ ভূমিকাক আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’ৰোনাৰ পিছৰ বিশ্বত এক নিৰ্ভৰযোগ্য যোগান শৃংখলৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে বিনিয়োগকাৰীসকলে এই অভিযানৰ অংশ হৈ ভাৰতত যোগদানৰ এক বৃহৎ সুযোগ আছে।
এই প্ৰচেষ্টাসমূহে কৰ্মসংস্থাপনৰ সুযোগ আৰু ইজ অৱ লিভিং বহুগুণে বৃদ্ধি কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
“আমি এনে এটি ভৱিষ্যতৰ দিশে আগবাঢ়িছো য’ত সুনীলা অৰ্থনীতিই হ’ব এটি সেউজ গ্ৰহ সৃষ্টিৰ মাধ্যম”।
তেখেতে লগতে কয় যে ভাৰতে নিজৰ অত্যাধুনিক আন্তঃগাঁথনিৰ জৰিয়তে বিশ্বব্যাপী ক্ৰুজ হাব হোৱাৰ দিশত আগবাঢ়িছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মুম্বাইত গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২৩ৰ তৃতীয় সংস্কৰণৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ সামুদ্ৰিক সুনীল অৰ্থনীতিৰ ৰূপৰেখা ‘অমৃত কাল ভিজন, ২০৪৭’ উন্মোচন কৰে। এই ভৱিষ্যৎ পৰিকল্পনাৰে সংগতি ৰাখি, প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় সামুদ্ৰিক সুনীল অৰ্থনীতিৰ বাবে ‘অমৃত কাল ভিজন, ২০৪৭’ৰে সংগতিপূৰ্ণ ২৩,০০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। এই সন্মিলনে দেশখনৰ সামুদ্ৰিক খণ্ডত বিনিয়োগক আকৰ্ষণৰ বাবে এক উৎকৃষ্ট মঞ্চ প্ৰশস্ত কৰিছে।

 

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২৩ৰ তৃতীয় সংস্কৰণলৈ সকলোকে আদৰণি জনায়। ২০২১ত এই সন্মিলন অনুষ্ঠিত হোৱাৰ সময়ত সমগ্ৰ বিশ্বতে ক’ভিড মহামাৰীৰ অনিশ্চয়তাই কেনেদৰে ক্ষতিগ্ৰস্ত হৈছিল, সেই কথা সোঁৱৰাই দিয়ে। পৰিৱৰ্তিত বিশ্ব ব্যৱস্থাৰ প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বই নতুন আকাংক্ষাৰে ভাৰতলৈ চাই আছে। তেখেতে উল্লেখ কৰে যে অৰ্থনৈতিক সংকটৰাজিৰে মোকাবিলা কৰি থকা বিশ্বখনত ভাৰতৰ অৰ্থনীতি অহৰহভাৱে শক্তিশালী হৈ উঠিছে আৰু ভাৰত বিশ্বৰ শীৰ্ষ ৩ অৰ্থনীতিৰ অন্যতম হ’বলৈ বেছি পৰ নাই। বিশ্ব বাণিজ্যত সাগৰীয় পথৰ ভূমিকাক আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’ৰোনাৰ পিছৰ বিশ্বত এক নিৰ্ভৰযোগ্য যোগান শৃংখলৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ সামুদ্ৰিক সামৰ্থ্যই বিশ্বক সদায় উপকৃত কৰি আহিছে বুলি ইতিহাসে সাক্ষ্য প্ৰদান কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত কেইবছৰমানৰপৰা এই খণ্ডক সুদৃঢ়কৰণৰ বাবে গ্ৰহণ কৰা পদ্ধতিগত পদক্ষেপসমূহৰ কথা উল্লেখ কৰে। তেখেতে প্ৰস্তাৱিত ভাৰত-মধ্যপ্ৰাচ্য ইউৰোপ অৰ্থনৈতিক কৰিডৰত ঐতিহাসিক জি-২০ ঐক্যমতৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ কথা ব্যক্ত কৰে। তেখেতে কয় যে পূৰ্বৰ ছিল্ক পথে বহু দেশৰ অৰ্থনীতি সলনিৰ লেখীয়াকৈ এই কৰিডৰেও বিশ্ব বাণিজ্যৰ দৃশ্যপট ৰূপান্তৰিত কৰিব। তেখেতে কয় যে ইয়াৰ অধীনত পৰৱৰ্তী-প্ৰজন্মৰ মেগা বন্দৰ, আন্তঃৰাষ্ট্ৰীয় কন্টেইনাৰ ট্ৰেন্স-শ্বিপমেন্ট বন্দৰ, দ্বীপ উন্নয়ন, অভ্যন্তৰীণ জলপথ আৰু মাল্টি-ম’ডাল হাব স্থাপন কৰা হ’ব যাৰ ফলত ব্যৱসায়িক ব্যয় হ্ৰাস পাব আৰু নিয়োগৰ সুযোগ সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে বিনিয়োগকাৰীসকলে এই অভিযানৰ অংশ হৈ ভাৰতত যোগদানৰ এক বৃহৎ সুযোগ আছে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ কয় যে আজিৰ ভাৰতে আগন্তুক ২৫ বছৰত এখনি উন্নত ৰাষ্ট্ৰ হোৱাৰ সংকল্প পৰিপূৰণৰ বাবে কাম কৰি আছে। চৰকাৰখনে প্ৰতিটো খণ্ডতে বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিছে বুলি উল্লেখেৰে ভাৰতৰ সামুদ্ৰিক খণ্ডক সুদৃঢ়কৰণৰ বাবে কৰা কামৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জনাই যে যোৱা দশকত ভাৰতৰ বৃহৎ বন্দৰসমূহৰ ক্ষমতা দুগুণ হৈছে আৰু বৃহৎ জাহাজৰ টাৰ্ণআউট সময় ২০১৪ত ৪২ ঘন্টাৰ তুলনাত ২৪ ঘন্টাৰো কমলৈ হ্ৰাস পাইছে। তেখেতে নতুন পথ স্থাপনৰ কথাও উল্লেখ কৰে। বন্দৰ সংযোগ বৃদ্ধি কৰিবলৈ আৰু উপকূলীয় আন্তঃগাঁথনি সুদৃঢ়কৰণৰ বাবে সাগৰমালা প্ৰকল্পৰ কথা উল্লেখ কৰে। এই প্ৰচেষ্টাসমূহে কৰ্মসংস্থাপনৰ সুযোগ আৰু ইজ অৱ লিভিং বহুগুণে বৃদ্ধি কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

“চৰকাৰৰ ‘সমৃদ্ধিৰ বাবে বন্দৰ আৰু প্ৰগতিৰ বাবে বন্দৰ’ৰ দৃষ্টিভংগীয়ে তৃণমূল পৰ্য্যায়ত লক্ষণীয় পৰিৱৰ্তন সাধন কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে উল্লেখ কৰে যে ‘উৎপাদনশীলতাৰ বাবে বন্দৰ’ৰ মন্ত্ৰকো উৎসাহিত কৰা হৈছে। শ্ৰী মোদীয়ে জনায় যে লজিষ্টিক খণ্ডটোক অধিক কাৰ্য্যক্ষম আৰু ফলপ্ৰসূ কৰি অৰ্থনৈতিক উৎপাদনশীলতা বৃদ্ধিৰ বাবে চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। তেখেতে ভাৰতত উপকূলীয় জাহাজ চালনাৰ ধৰণসমূহৰো আধুনিকীকৰণ কৰা হৈছে বুলি আলোকপাতেৰে কয় যে যোৱা দশকত উপকূলীয় মালবাহী যাতায়ত দুগুণ হৈছে, যাৰ ফলত জনসাধাৰণৰ বাবে ব্যয়বহুল লজিষ্টিক বিকল্পৰ ব্যৱস্থা প্ৰশস্ত হৈছে। ভাৰতৰ অভ্যন্তৰীণ জলপথৰ উন্নয়ন সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে জনায় যে ৰাষ্ট্ৰীয় জলপথৰ কাৰ্গ’ পৰিচালনা চাৰিগুণ বৃদ্ধি পাইছে। লগতে বিগত ৯ বছৰত ভাৰতৰ লজিষ্টিক পাৰফৰ্মেন্স ইনডেক্সৰ অগ্ৰগতিৰ কথাও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে জাহাজ নিৰ্মাণ আৰু মেৰামতি খণ্ডত চৰকাৰৰ গুৰুত্ব আৰোপৰ কথা কয়। তেখেতে কয় যে থলুৱা বিমানবাহী জাহাজ আইএনএছ বিক্ৰান্ত ভাৰতৰ বৰ্ধিত সামৰ্থ্যৰ প্ৰমাণ। “অনাগত দশকত ভাৰত জাহাজ নিৰ্মাণৰ শীৰ্ষ পাঁচখন দেশৰ অন্যতম হৈ উঠিব। আমাৰ মন্ত্ৰ হৈছে ‘মেক ইন ইণ্ডিয়া – মেক ফৰ দ্য ৱৰ্ল্ড’”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে অৱগত কৰে যে চৰকাৰে সামুদ্ৰিক ক্লাষ্টাৰৰ জৰিয়তে এই খণ্ডৰ সকলো অংশীদাৰক একত্ৰিতকৰণৰ অৰ্থে কাম কৰি আছে। বহু ঠাইত জাহাজ নিৰ্মাণ আৰু মেৰামতি কেন্দ্ৰ গঢ়ি তোলা হ’ব। তেখেতে উল্লেখ কৰে যে জাহাজ পুনঃব্যৱহাৰৰ ক্ষেত্ৰত ভাৰত ইতিমধ্যে দ্বিতীয় স্থানত আছে। তেখেতে এই খণ্ডৰ বাবে নেট-জিৰ’ কৌশলৰ জৰিয়তে ভাৰতৰ প্ৰধান বন্দৰসমূহক কাৰ্বন শূন্যকৰণৰ প্ৰচেষ্টাৰ বিষয়েও অৱগত কৰে। “আমি এনে এটি ভৱিষ্যতৰ দিশে আগবাঢ়িছো য’ত সুনীলা অৰ্থনীতিই হ’ব এটি সেউজ গ্ৰহ সৃষ্টিৰ মাধ্যম”।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে সামুদ্ৰিক খণ্ডটোৰ বৃহৎ প্লেয়াৰসকলে ভাৰতত প্ৰৱেশ কৰিছে বুলি উল্লেখেৰে আহমেদাবাদৰ গিফ্ট চিটিৰ কথা কয় যিয়ে একে সময়তে ৰেহাই প্ৰদানৰ লগতে বিত্তীয় সেৱা হিচাপে জাহাজ লিজিং আৰম্ভ কৰিছে। শ্ৰী মোদীয়ে কয় যে বিশ্বৰ ৪টা গ্ল’বেল জাহাজ লিজিং কোম্পানীয়েও গিফ্ট আইএফএছচিত পঞ্জীয়ন কৰিছে। এই সন্মিলনত উপস্থিত থকা আন-আন জাহাজ লিজিং কোম্পানীসমূহক গিফ্ট আইএফএছচিত যোগদান কৰিবলৈয়ো তেখেতে আহ্বান জনায়।

“ভাৰতৰ বিশাল উপকূল, শক্তিশালী নদী ব্যৱস্থা আৰু চহকী সাংস্কৃতিক ঐতিহ্য আছে, যিয়ে সামুদ্ৰিক পৰ্যটনৰ বাবে নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে'', প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেখেতে ভাৰতৰ প্ৰায় ৫ হাজাৰ বছৰ পুৰণি লোথাল ডকয়াৰ্ডৰ কথা উল্লেখেৰে এয়া বিশ্ব ঐতিহ্য আৰু ইয়াক ‘ক্ৰেডল অৱ শ্বিপিং’ বুলি অভিহিত কৰে। এই বিশ্ব ঐতিহ্য সংৰক্ষণৰ বাবে মুম্বাইৰ সমীপৰ লোথালত এটা ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সো নিৰ্মাণ কৰা হৈছে বুলি জনায় আৰু ইয়াৰ সম্পূৰ্ণ হোৱাৰ লগে-লগে নাগৰিকসকলক দৰ্শন কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ সামুদ্ৰিক পৰ্যটনক প্ৰোৎসাহিতকৰণৰ অৰ্থে প্ৰৱৰ্তন কৰা বিশ্বৰ সুদীৰ্ঘ ৰিভাৰ ক্ৰুজ সেৱাৰ কথা উল্লেখ কৰে। তেখেতে মুম্বাইত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ টাৰ্মিনেল তথা বিশাখাপট্টনম আৰু চেন্নাইৰ আধুনিক ক্ৰুজ টাৰ্মিনেল সম্পৰ্কে অৱগত কৰে। তেখেতে লগতে কয় যে ভাৰতে নিজৰ অত্যাধুনিক আন্তঃগাঁথনিৰ জৰিয়তে বিশ্বব্যাপী ক্ৰুজ হাব হোৱাৰ দিশত আগবাঢ়িছে।

 

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন, জনগাঁথনি, গণতন্ত্ৰ আৰু চাহিদাৰ সংমিশ্ৰণ থকা কেইখনমান দেশৰ ভিতৰত ভাৰত অন্যতম। “ভাৰতে ২০৪৭ৰ ভিতৰত এখনি উন্নত দেশ হোৱাৰ লক্ষ্যৰ অভিমুখে আগবঢ়াৰ এই সময় আপোনালোকৰ বাবে এক সোণালী সুযোগ”, শ্ৰী মোদীয়ে এইদৰে কয় আৰু সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীসকলক ভাৰতলৈ আমন্ত্ৰণ জনায়।

এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে।

পটভূমি

এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সামুদ্ৰিক সুনীল অৰ্থনীতিৰ দীৰ্ঘম্যাদী ৰূপৰেখা ‘অমৃত কাল ভিজন, ২০৪৭’ উন্মোচন কৰে। এই ৰূপৰেখাত বন্দৰৰ সুবিধাসমূহৰ বৰ্ধন, বহনক্ষম পদ্ধতিসমূহক প্ৰোৎসাহন আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে কৌশলগত পদক্ষেপসমূহৰ পৰিকল্পনা হৈছে। এই ভৱিষ্যৎ পৰিকল্পনাৰে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সামুদ্ৰিক সুনীল অৰ্থনীতিৰ বাবে ‘অমৃত কাল ভিজন, ২০৪৭’ৰে সংগতিপূৰ্ণ ২৩,০০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে টুনা টেক্ৰা অল-ৱেদাৰ ডিপ ড্ৰাফ্ট টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰে, গুজৰাটৰ দীনদয়াল বন্দৰ প্ৰাধিকৰণত ৪,৫০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে ইয়াক স্থাপন কৰা হ’ব। এই অত্যাধুনিক গ্ৰীনফিল্ড টাৰ্মিনেলটো পিপিপি ম’ডত স্থাপন কৰা হ’ব। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশৰ সম্ভাৱনা থকা এই টাৰ্মিনেলটোৱে ১৮,০০০ বিশ-ফুট সমতুল্য ইউনিট (TEU)তকৈ অধিক পৰৱৰ্তী-প্ৰজন্মৰ জাহাজ পৰিচালনা কৰিব আৰু ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰৰ (IMEEC) জৰিয়তে ভাৰতীয় বাণিজ্যৰ বাবে প্ৰৱেশদ্বাৰ হিচাপে কাম কৰিব। প্ৰধানমন্ত্ৰীয়ে সামুদ্ৰিক খণ্ডত বৈশ্বিক আৰু ৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ বাবে ৭ লাখ কোটি টকাৰো অধিক মূল্যৰ ৩০০ ৰোধিক বুজাবুজিৰ চুক্তিও (MoU) উৎসৰ্গা কৰে।

এই সন্মিলন হৈছে দেশৰ ভিতৰতে সৰ্ববৃহৎ মেৰিটাইম ইভেন্ট। ইয়াত ইউৰোপ, আফ্ৰিকা, দক্ষিণ আমেৰিকা, এছিয়া (মধ্য এছিয়া, মধ্যপ্ৰাচ্য আৰু বিমষ্টেক অঞ্চলকে প্ৰমুখ্য কৰি)ক প্ৰতিনিধিত্ব কৰা সমগ্ৰ বিশ্বৰ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰে। এই সন্মিলনত বিশ্বৰ ভিন্ন প্ৰান্তৰ গ্ল’বেল চিইঅ’, ব্যৱসায়ী, বিনিয়োগকাৰী, বিষয়া আৰু আন-আন অংশীদাৰসকলেও অংশগ্ৰহণ কৰে। তদুপৰি ভাৰতৰ কেইবাখনো ৰাজ্যকো এই সন্মিলনত প্ৰতিনিধিত্ব কৰে মন্ত্ৰী আৰু আন-আন বিশিষ্ট ব্যক্তিসকলে।

তিনিদিনীয়া এই সন্মিলনত ভৱিষ্যতৰ বন্দৰকে প্ৰমুখ্য কৰি সামুদ্ৰিক খণ্ডৰ মূল বিষয়সমূহত আলোচনা কৰা হ’ব। ডিকাৰ্বনাইজেচন; উপকূলীয় জাহাজ আৰু অভ্যন্তৰীণ জল পৰিবহণ; জাহাজ নিৰ্মাণ; মেৰামতি আৰু পুনঃব্যৱহাৰ; বিত্ত, বীমা আৰু মধ্যস্থতা; সামুদ্ৰিক ক্লাষ্টাৰ; উদ্ভাৱন আৰু প্ৰযুক্তি; সামুদ্ৰিক সুৰক্ষা আৰু নিৰাপত্তা তথা সামুদ্ৰিক পৰ্যটন সন্দৰ্ভত আলোচনা কৰা হ’ব। এই সন্মিলনে দেশৰ সামুদ্ৰিক খণ্ডত বিনিয়োগ আকৰ্ষণৰ বাবেও এক উৎকৃষ্ট মঞ্চ প্ৰশস্ত কৰিব।

২০১৬ত মুম্বাইত প্ৰথম মেৰিটাইম ইণ্ডিয়া সন্মিলন অনুষ্ঠিত হৈছিল। ২০২১ত ভাৰ্চুৱেলভাৱে অনুষ্ঠিত হৈছিল দ্বিতীয় সামুদ্ৰিক সন্মিলন।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s economy resilient despite West Asia headwinds

Media Coverage

India’s economy resilient despite West Asia headwinds
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi receives a phone call today from President of Sri Lanka
March 24, 2026
The two leaders discuss disruptions affecting global energy security.
Both leaders reiterate the importance of keeping shipping lines open and secure.
The two leaders review progress on various initiatives aimed at strengthening bilateral energy cooperation and enhancing regional security.
PM reiterates India’s firm commitment to work closely together in addressing shared challenges.

Prime Minister Shri Narendra Modi received a phone call today from the President of Sri Lanka, H.E. Anura Kumara Disanayaka.

The two leaders discussed the evolving situation in West Asia with an emphasis on disruptions affecting global energy security.

Both leaders reiterated the importance of keeping shipping lines open and secure in the interest of the whole world.

The two leaders reviewed progress on various initiatives aimed at strengthening India-Sri Lanka energy cooperation and enhancing regional security.

Prime Minister reiterated India’s firm commitment to work closely together in addressing shared challenges in line with India’s Neighbourhood First policy and MAHASAGAR Vision.

The two leaders agreed to stay in touch.