প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰায় ৯৮০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত ওখা মহাদ্বীপ আৰু বেত দ্বাৰকা দ্বীপ সংযোগী সুদৰ্শন সেতু উদ্বোধন কৰে।প্ৰায় ২.৩২ কিঃমিঃ দৈৰ্ঘ্যৰ এই সেতু হৈছে দেশৰ দীৰ্ঘতম কেবল-ধাৰিত দলং।

 

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

“প্ৰায় ৯৮০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত সুদৰ্শন সেতুৱেওখা মহাদ্বীপ আৰু বেত দ্বাৰকা দ্বীপক সংযোগ কৰিছে।প্ৰায় ২.৩২ কিঃমিঃ দৈৰ্ঘ্যৰ এই সেতু হৈছে দেশৰ দীৰ্ঘতম কেবল-ধাৰিত দলং।”

 

“মোহনীয়া সুদৰ্শন সেতু!”

 

 

 

পটভূমি

অনন্য শৈলীৰেগঢ়া সুদৰ্শন সেতুৰদুয়োফালশ্ৰীমদ্ভাগৱত গীতাৰ শ্লোক আৰু ভগৱান কৃষ্ণৰ ছবিৰে সজাই তোলা হৈছে। ইয়াৰ উপৰিও,পদপথৰ ওপৰৰ অংশত সৌৰ পেনেল স্থাপন কৰা হৈছে, যিয়ে এক মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব। এই দলংখনে যাতায়াত সুচল কৰি তুলিব তথাভক্তসকলৰ বাবে দ্বাৰকা আৰু বেত-দ্বাৰকাৰ মাজত যাত্ৰাৰ সময় বহু পৰিমাণে হ্ৰাস কৰিব। দলংখন নিৰ্মাণৰ পূৰ্বে তীৰ্থযাত্ৰীসকলে বেত দ্বাৰকালৈ যাবলৈ নাওঁ পৰিবহণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। এই মোহনীয়া দলংখনে দেৱভূমি দ্বাৰকাৰ পৰ্যটনক সমৃদ্ধ কৰিব।

 

সেতুখনৰ উদ্বোধনী অনুষ্ঠানত গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য্য দেৱব্ৰত, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল আৰু সাংসদ শ্ৰী চি আৰ পাটিল উপস্থিত থাকে।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's manufacturing outlook remains resilient despite global headwinds; machine tools, metals and auto lead optimism

Media Coverage

India's manufacturing outlook remains resilient despite global headwinds; machine tools, metals and auto lead optimism
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 জুলাই 2026
July 01, 2026

PM Modi's Vision: Driving Digital Empowerment, Inclusive Development and India's Global Rise