কক্ষপথলৈ উপগ্ৰহ উৎক্ষেপণ কৰিব পৰা স্কাইৰুটৰ প্ৰথমটো কক্ষীয় ৰকেট বিক্ৰম-১ উন্মোচন প্ৰধানমন্ত্ৰীৰ
আমাৰ যুৱ শক্তি ইয়াৰ উদ্ভাৱন, বিপদাশংকা গ্ৰহণৰ ক্ষমতা আৰু উদ্যমিতাৰ সৈতে নতুন শিখৰত উপনীত হৈছেঃ প্ৰধানমন্ত্ৰী
ইছৰোৱে দশক দশক ধৰি ভাৰতৰ মহাকাশ যাত্রাক নতুন উচ্চতালৈ লৈ গৈছে, ইয়াৰ বিশ্বাসযোগ্যতা, সামৰ্থ্য আৰু মূল্যৰ জৰিয়তে ভাৰতে বিশ্ব মহাকাশ ক্ষেত্ৰখনত এক পৃথক পৰিচয় গঢ়ি তুলিছেঃ প্ৰধানমন্ত্ৰী
মাত্ৰ যোৱা ছয়ৰ পৰা সাত বছৰত ভাৰতে ইয়াৰ মহাকাশ খণ্ডক এক মুক্ত, সহযোগিতামূলক আৰু উদ্ভাৱন-চালিত পৰিবেশতন্ত্ৰলৈ ৰূপান্তৰ কৰিছেঃ প্ৰধানমন্ত্ৰী
চৰকাৰে মহাকাশ খণ্ড মুকলি কৰাত আমাৰ যুৱক-যুৱতীসকল আৰু বিশেষকৈ জেন জেড, এই সুযোগৰ সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ আগবাঢ়ি আহিছিলঃ প্ৰধানমন্ত্ৰী
মহাকাশ খণ্ডত ভাৰতৰ এনে সামৰ্থ্য আছে, যিটো বিশ্বৰ খুব কমসংখ্যক দেশৰহে আছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তেলেংগানাৰ হায়দৰাবাদত স্কাইৰুটৰ ইনফিনিটি কেম্পাছ উদ্বোধন কৰে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি ৰাষ্ট্ৰই মহাকাশ খণ্ডত এক অভূতপূৰ্ব সুযোগ প্ৰত্যক্ষ কৰিছে আৰু ব্যক্তিগত খণ্ডই উৰা মৰাৰ লগে লগে ভাৰতৰ মহাকাশ পৰিবেশতন্ত্ৰই এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে স্কাইৰুটৰ ইনফিনিটি কেম্পাছে ভাৰতৰ নতুন চিন্তাধাৰা, উদ্ভাৱন আৰু যুৱ শক্তিক প্ৰতিফলিত কৰে আৰু দেশৰ যুৱক-যুৱতীসকলৰ উদ্ভাৱন, বিপদাশংকা গ্ৰহণৰ ক্ষমতা আৰু উদ্যমিতাই নতুন শিখৰত উপনীত হৈছে। শ্ৰী মোদীয়ে কয় যে আজিৰ কাৰ্যসূচীয়ে আগন্তুক সময়ত বিশ্বৰ উপগ্ৰহ উৎক্ষেপণ পৰিস্থিতিতন্ত্ৰত ভাৰত কেনেদৰে অগ্ৰণী হৈ উঠিব তাৰ প্ৰতিফলন। তেওঁ শ্ৰী পৱন কুমাৰ চন্দনা আৰু শ্ৰী নাগা ভাৰত ডাকাক শুভেচ্ছা জ্ঞাপন কৰি উল্লেখ কৰে যে দুয়োজন যুৱ উদ্যমীয়ে সমগ্ৰ দেশৰ অগণন যুৱ মহাকাশ উদ্যমীৰ বাবে অনুপ্ৰেৰণা। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে দুয়োজনে নিজকে বিশ্বাস কৰিছিল, বিপদাশংকা গ্ৰহণ কৰিবলৈ সংকোচ কৰা নাছিল আৰু ইয়াৰ ফলস্বৰূপে সমগ্ৰ ৰাষ্ট্ৰই আজি তেওঁলোকৰ সফলতা প্ৰত্যক্ষ কৰিছে, দেশখনে তেওঁলোকক লৈ গৌৰৱ অনুভৱ কৰিছে।

ভাৰতৰ মহাকাশ যাত্ৰা সীমিত সম্পদৰ সৈতে আৰম্ভ হৈছিল বুলি উল্লেখ কৰি কিন্তু ৰাষ্ট্ৰৰ উচ্চাকাংক্ষা কেতিয়াও সীমিত নাছিল বুলি গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে চাইকেলত ৰকেটৰ অংশ কঢ়িয়াই নিয়াৰ পৰা আৰম্ভ কৰি বিশ্বৰ আটাইতকৈ নিৰ্ভৰযোগ্য উৎক্ষেপণ বাহনৰ বিকাশ ঘটোৱালৈকে, ভাৰতে প্ৰমাণ কৰিছে যে সপোনৰ উচ্চতা সম্পদৰ দ্বাৰা নহয়, সংকল্পৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। ‘ইছৰোৱে কেইবা দশক ধৰি ভাৰতৰ মহাকাশ যাত্রাক নতুন দিশ প্ৰদান কৰি আহিছে আৰু বিশ্বাসযোগ্যতা, সামৰ্থ্য আৰু মূল্যই এই খণ্ডত ভাৰতৰ স্বতন্ত্র পৰিচয় প্ৰতিষ্ঠা কৰিছে বুলি গুৰুত্ব আৰোপ কৰিছে’, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

 

পৰিবৰ্তিত সময়ত মহাকাশ খণ্ডৰ সম্প্ৰসাৰণ স্পষ্ট বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে ই যোগাযোগ, কৃষি, সামুদ্ৰিক নিৰীক্ষণ, নগৰ পৰিকল্পনা, বতৰৰ পূৰ্বানুমান আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ভেটি হৈ পৰিছে। তেওঁ কয় যে সেইবাবেই ভাৰতৰ মহাকাশ খণ্ডত ঐতিহাসিক সংস্কাৰ সাধন কৰা হৈছিল, চৰকাৰে ইয়াক ব্যক্তিগত উদ্ভাৱনৰ বাবে মুকলি কৰি এক নতুন মহাকাশ নীতি প্ৰস্তুত কৰিছিল। শ্ৰী মোদীয়ে লগতে মন্তব্য কৰে যে ষ্টাৰ্টআপ আৰু উদ্যোগক উদ্ভাৱনৰ সৈতে সংযোগ কৰাৰ প্ৰয়াস কৰা হৈছিল আৰু ষ্টাৰ্টআপসমূহক ইছৰোৰ সুবিধা আৰু প্ৰযুক্তি প্ৰদান কৰিবলৈ ‘ইন-স্পেচ’ প্ৰতিষ্ঠা কৰা হৈছিল। ‘মাত্ৰ যোৱা ছয়ৰ পৰা সাত বছৰত ভাৰতে ইয়াৰ মহাকাশ খণ্ডক এক মুক্ত, সহযোগিতামূলক আৰু উদ্ভাৱন-চালিত পৰিৱেশ তন্ত্ৰলৈ ৰূপান্তৰিত কৰিছে’, প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে আজিৰ কাৰ্যসূচী হৈছে এই পৰিবৰ্তনৰ প্ৰতিফলন।

ভাৰতৰ যুৱক-যুৱতীসকলে সদায় ৰাষ্ট্ৰীয় স্বাৰ্থক সৰ্বোপৰি ৰাখে আৰু প্ৰতিটো সুযোগৰ সৰ্বোত্তম ব্যৱহাৰ কৰে বুলি গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে যেতিয়া চৰকাৰে মহাকাশ খণ্ড মুকলি কৰিছিল, তেতিয়া দেশৰ যুৱক-যুৱতীসকল, বিশেষকৈ জেন-জেড প্ৰজন্মই ইয়াৰ সম্পূৰ্ণ সুবিধা ল’বলৈ আগবাঢ়ি আহিছিল। তেওঁ উল্লেখ কৰে যে আজি ৩০০ৰো অধিক মহাকাশ ষ্টাৰ্টআপে ভাৰতৰ মহাকাশ ভৱিষ্যতক নতুন আশা প্ৰদান কৰিছে। তেওঁ উল্লেখ কৰে যে এই ষ্টাৰ্টআপসমূহৰ অধিকাংশই সৰু সৰু গোটৰ সৈতে আৰম্ভ হৈছিল-কেতিয়াবা দুজন লোক, কেতিয়াবা পাঁচজন, কেতিয়াবা এটা সৰু ভাড়াত লোৱা কোঠাত-সীমিত সম্পদৰ সৈতে কিন্তু নতুন উচ্চতাত উপনীত হোৱাৰ সংকল্পৰ সৈতে। ‘এই মনোভাৱে ভাৰতত ব্যক্তিগত মহাকাশ বিপ্লৱৰ জন্ম দিছে’ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে জেন-জেড ইঞ্জিনীয়াৰ, আৰ্হি প্ৰস্তুতকৰ্তা, কোড বিশেষজ্ঞ আৰু বিজ্ঞানীসকলে নতুন প্ৰযুক্তি সৃষ্টি কৰি আছে; সেয়া প্ৰপালচন প্ৰণালী, মিশ্ৰিত সামগ্ৰী, ৰকেট পৰ্যায় বা উপগ্ৰহ প্লেটফৰ্মতেই হওক, ভাৰতৰ যুৱক-যুৱতীসকলে এনেবোৰ ক্ষেত্ৰত কাম কৰি আছে, যিটো মাত্ৰ কেইবছৰমান পূৰ্বে অকল্পনীয় আছিল। তেওঁ মন্তব্য কৰে যে ভাৰতৰ ব্যক্তিগত মহাকাশ প্ৰতিভাই সমগ্ৰ বিশ্বতে এক পৃথক পৰিচয় প্ৰতিষ্ঠা কৰিছে আৰু লগতে কয় যে আজি বিশ্বৰ বিনিয়োগকাৰীসকলৰ বাবে ভাৰতৰ মহাকাশ খণ্ড এক আকৰ্ষণীয় গন্তব্যস্থান হৈ পৰিছে।

সমগ্ৰ বিশ্বতে ক্ষুদ্ৰ উপগ্ৰহৰ চাহিদা নিৰন্তৰভাৱে বৃদ্ধি পাই থকা বিষয়টোত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে উৎক্ষেপণৰ সঘনতাও বৃদ্ধি পাইছে, নতুন কোম্পানীসমূহে উপগ্ৰহ সেৱা প্ৰদান কৰিবলৈ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছে আৰু গুৰুত্ব আৰোপ কৰে যে মহাকাশে এতিয়া নিজকে এক কৌশলগত সম্পদ হিচাপে প্ৰতিষ্ঠা কৰিছে। আগন্তুক বছৰবোৰত বিশ্ব মহাকাশ অৰ্থনীতি বহুগুণে বৃদ্ধি পাব বুলি উল্লেখ কৰি তেওঁ দৃঢ়তাৰে কয় যে ই ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এক অতি গুৰুত্বপূৰ্ণ সুযোগৰ প্ৰতিনিধিত্ব কৰে।

বিশেষজ্ঞ অভিযন্তাসকলৰ উপস্থিতি, এক উচ্চ মানৰ উৎপাদন পৰিবেশতন্ত্ৰ, বিশ্বমানৰ উৎক্ষেপণ স্থান আৰু উদ্ভাৱনক উৎসাহিত কৰা মানসিকতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘ভাৰতৰ মহাকাশ খণ্ডৰ এনে সামৰ্থ্য আছে, যিটো বিশ্বৰ মাত্ৰ কেইখনমান দেশৰ আছে।’ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ মহাকাশ সামৰ্থ্য ব্যয়সাধ্য আৰু নিৰ্ভৰযোগ্য দুয়োটাই হোৱাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি কয়, সেয়েহে দেশখনৰ পৰা বিশ্বৰ আশা অধিক। তেওঁ মন্তব্য কৰে যে গোলকীয় কোম্পানীসমূহে ভাৰতত উপগ্ৰহ নিৰ্মাণ কৰিব বিচাৰে, ভাৰতৰ পৰা উৎক্ষেপণ সেৱা লাভ কৰিব বিচাৰে আৰু ভাৰতৰ সৈতে প্ৰযুক্তিৰ অংশীদাৰিত্ব বিচাৰে। সেয়েহে ৰাষ্ট্ৰই এই সুযোগৰ সৰ্বাধিক ব্যৱহাৰ কৰিব লাগিব বুলি তেওঁ গুৰুত্ব আৰোপ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মহাকাশ খণ্ডত দেখা পোৱা পৰিবৰ্তনসমূহ ভাৰতত সংঘটিত হোৱা বিস্তৃত ষ্টাৰ্টআপ বিপ্লৱৰ অংশ। তেওঁ উল্লেখ কৰে যে যোৱা দশকত ফিনটেক, এগ্ৰিটেক, হেল্থটেক, ক্লাইমেটটেক, এড্যুটেক আৰু ডিফেন্সটেকৰ দৰে বিভিন্ন খণ্ডত ষ্টাৰ্টআপৰ এক নতুন ঢৌৰ উদ্ভৱ হৈছে, য’ত ভাৰতৰ যুৱক-যুৱতীসকলে বিশেষকৈ জেন-জেড প্ৰজন্মই প্ৰতিটো ক্ষেত্ৰতে উদ্ভাৱনীমূলক সমাধান প্ৰদান কৰিছে। ভাৰতৰ জেন-জেড প্ৰজন্মৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ সৃষ্টিশীলতা, ইতিবাচক মানসিকতা আৰু ক্ষমতা নিৰ্মাণৰ সামৰ্থ্য বিশ্বৰ জেন-জেড প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হ'ব পাৰে। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ভাৰত এতিয়া বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ পৰিবেশতন্ত্ৰত পৰিণত হৈছে আৰু উল্লেখ কৰে যে এটা সময় আছিল যেতিয়া ষ্টাৰ্টআপ কেইখনমান ডাঙৰ চহৰতে সীমাবদ্ধ আছিল, কিন্তু আজি সেইবোৰ সৰু চহৰ আৰু গাওঁৰ পৰাও উদ্ভৱ হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে দেশত এতিয়া ১৫ লাখতকৈও অধিক পঞ্জীয়নভুক্ত ষ্টাৰ্টআপ আছে, যাৰে বহুতে ইউনিকৰ্ণ মৰ্যাদা লাভ কৰিছে।

ভাৰত এতিয়া আৰু এপ আৰু সেৱাত সীমাবদ্ধ হৈ থকা নাই আৰু এতিয়া গভীৰ প্ৰযুক্তি, উৎপাদন আৰু হাৰ্ডৱেৰ উদ্ভাৱনৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জেন-জেড প্ৰজন্মক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ ছেমিকণ্ডাক্টৰ খণ্ডক এক উদাহৰণ হিচাপে উল্লেখ কৰি উল্লেখ কৰে যে চৰকাৰে গ্ৰহণ কৰা ঐতিহাসিক পদক্ষেপে ভাৰতৰ প্ৰযুক্তিগত ভৱিষ্যতৰ ভেটি শক্তিশালী কৰি তুলিছে। শ্ৰী মোদীয়ে লগতে গুৰুত্ব আৰোপ কৰে যে ছেমিকণ্ডাক্টৰ ফেব্রিকেচন ইউনিট, চিপ নিৰ্মাণ আৰু ডিজাইন হাববোৰ সমগ্ৰ দেশতে বিকশিত হৈ আছে, আৰু চিপৰ পৰা প্ৰণালীলৈকে, ভাৰতে এক শক্তিশালী ইলেক্ট্ৰনিকছ মূল্য শৃংখল নিৰ্মাণ কৰি আছে। তেওঁ কয় যে এয়া কেৱল আত্মনিৰ্ভৰশীলতাৰ সংকল্পৰ অংশ নহয়, ই ভাৰতক বিশ্বৰ যোগান শৃংখলৰ এক শক্তিশালী আৰু নিৰ্ভৰযোগ্য স্তম্ভ হিচাপে গঢ়ি তুলিব।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে সংস্কাৰৰ পৰিসৰ নিৰন্তৰ সম্প্ৰসাৰণ হৈ আছে আৰু আলোকপাত কৰে যে যেনেকৈ মহাকাশ উদ্ভাৱন ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰা হৈছিল, ভাৰতে এতিয়া পাৰমাণৱিক খণ্ডকো মুকলি কৰাৰ দিশত আগবাঢ়িছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ বাবে এক শক্তিশালী ভূমিকা ৰখা হৈছে, যিয়ে ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰ, উন্নত ৰিয়েক্টৰ আৰু পাৰমাণৱিক উদ্ভাৱনৰ সুযোগ সৃষ্টি কৰিব। তেওঁ উল্লেখ কৰে যে এই সংস্কাৰে ভাৰতৰ শক্তি সুৰক্ষা আৰু প্ৰযুক্তিগত নেতৃত্বক নতুন শক্তি প্ৰদান কৰিব।

বৰ্তমান সময়ৰ গৱেষণাৰ ওপৰত ভৱিষ্যৎ বহু পৰিমাণে নিৰ্ভৰ কৰিব বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে চৰকাৰে গৱেষণাত যুৱক-যুৱতীসকলৰ বাবে সৰ্বাধিক সুযোগ প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ আধুনিক গৱেষণাক সমৰ্থন কৰিবলৈ ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাৰ ওপৰত আলোকপাত কৰে আৰু উল্লেখ কৰে যে ‘এক ৰাষ্ট্ৰ, এক সদস্য’ প্ৰচেষ্টাই সকলো শিক্ষাৰ্থীৰ বাবে আন্তঃৰাষ্ট্ৰীয় আলোচনীসমূহৰ প্ৰৱেশাধিকাৰ সহজ কৰি তুলিছে। তেওঁ উল্লেখ কৰে যে ১ লাখ কোটি টকাৰ গৱেষণা, উন্নয়ন আৰু উদ্ভাৱন পুঁজিয়ে সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলক গুৰুত্বপূৰ্ণ সহায় আগবঢ়াব। শ্ৰী মোদীয়ে কয় যে শিক্ষাৰ্থীসকলৰ মাজত গৱেষণা আৰু উদ্ভাৱনৰ মনোভাৱ জাগ্ৰত কৰিবলৈ ইতিমধ্যে ১০,০০০ তকৈও অধিক অটল টিংকাৰিং পৰীক্ষাগাৰ স্থাপন কৰা হৈছে আৰু আগন্তুক দিনত ৫০,০০০ নতুন পৰীক্ষাগাৰ স্থাপনৰ কাম চলি আছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই প্ৰচেষ্টাসমূহে ভাৰতত নতুন উদ্ভাৱনৰ ভেটি স্থাপন কৰিছে আৰু ঘোষণা কৰে যে আগন্তুক যুগটো ভাৰত, ইয়াৰ যুৱপ্ৰজন্ম আৰু ইয়াৰ উদ্ভাৱনৰ। তেওঁ স্মৰণ কৰে যে কেইমাহমান পূৰ্বে মহাকাশ দিৱস উপলক্ষে তেওঁ ভাৰতৰ মহাকাশ আকাংক্ষাৰ বিষয়ে কৈছিল আৰু দৃঢ়তাৰে কৈছিল যে অহা পাঁচ বছৰৰ ভিতৰত ভাৰতে ইয়াৰ উৎক্ষেপণ ক্ষমতাক নতুন উচ্চতালৈ লৈ যাব আৰু মহাকাশ খণ্ডত পাঁচটা নতুন ইউনিকৰ্ণ সৃষ্টি কৰিব। তেওঁ মন্তব্য কৰিছিল যে স্কাইৰুট দলৰ অগ্ৰগতিৰ ফলত ভাৰতে নিৰ্ধাৰণ কৰা প্ৰতিটো লক্ষ্যত উপনীত হোৱাটো নিশ্চিত হৈ পৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী যুৱক-যুৱতী, প্ৰতিটো ষ্টাৰ্টআপ, বিজ্ঞানী, অভিযন্তা আৰু উদ্যমীক আশ্বাস দিয়ে যে চৰকাৰে প্ৰতিটো পদক্ষেপতে তেওঁলোকৰ সৈতে দৃঢ়ভাৱে আছে। তেওঁ আকৌ এবাৰ সমগ্ৰ স্কাইৰুট দলটোক অভিনন্দন জনায় আৰু ভাৰতৰ মহাকাশ যাত্ৰাক নতুন গতি প্ৰদান কৰা সকলোকে শুভেচ্ছা জনায়। পৃথিৱীতেই হওঁক বা মহাকাশতেই হওঁক, তেওঁ একবিংশ শতিকাক ভাৰতৰ শতিকাত পৰিণত কৰিবলৈ সকলোকে আহ্বান জনাই ভাষণৰ সামৰণি মাৰে।

অনুষ্ঠানত অন্যান্য গণ্যমান্য ব্যক্তিসকলৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী উপস্থিত আছিল।

পটভূমি

ভাৰতীয় মহাকাশ ষ্টাৰ্টআপ স্কাইৰুটৰ ইনফিনিটি কেম্পাছ হৈছে প্ৰতি মাহে এটা অৰ্বিটেল ৰকেট নিৰ্মাণ কৰাৰ ক্ষমতাৰ সৈতে একাধিক উৎক্ষেপণ বাহনৰ আৰ্হি, বিকাশ, একত্ৰীকৰণ আৰু পৰীক্ষাৰ বাবে প্ৰায় ২,০০,০০০ বৰ্গ ফুট এলেকাৰ সৈতে এক অত্যাধুনিক সুবিধা।

স্কাইৰুট হৈছে ভাৰতৰ আগশাৰীৰ ব্যক্তিগত মহাকাশ কোম্পানী, পৱন চন্দনা আৰু ভাৰত ডাকাই ইয়াক প্ৰতিষ্ঠা কৰিছিল। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ প্ৰাক্তন শিক্ষাৰ্থী আৰু ইছৰোৰ প্ৰাক্তন বিজ্ঞানী দুয়োগৰাকীয়ে উদ্যমী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। ২০২২ চনৰ নৱেম্বৰ মাহত স্কাইৰুটে ইয়াৰ উপ-কক্ষীয় ৰকেট বিক্ৰম-এছ মুকলি কৰি মহাকাশলৈ ৰকেট উৎক্ষেপণ কৰা প্ৰথম ভাৰতীয় ব্যক্তিগত কোম্পানী হিচাপে পৰিগণিত হয়।

ব্যক্তিগত মহাকাশ উদ্যোগৰ দ্ৰুত উত্থান হৈছে যোৱা কেইবছৰমানত চৰকাৰে গ্ৰহণ কৰা পৰিবৰ্তনমূলক সংস্কাৰৰ সফলতাৰ এক সাক্ষ্য, যিয়ে এক আত্মবিশ্বাসী আৰু সক্ষম বিশ্ব মহাকাশ শক্তি হিচাপে ভাৰতৰ নেতৃত্বক শক্তিশালী কৰিছে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
A Milestone in Financial Inclusion: The Success Story of PMSBY

Media Coverage

A Milestone in Financial Inclusion: The Success Story of PMSBY
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM highlights impact of Jan Suraksha Schemes on completion of 11 years
May 09, 2026
PM says PM Jeevan Jyoti Bima Yojana, PM Suraksha Bima Yojana and Atal Pension Yojana have strengthened social security and financial inclusion

The Prime Minister, Shri Narendra Modi today highlighted the impact of key social security and pension schemes launched by the NDA Government 11 years ago, stating that these initiatives reflect the Government’s commitment to ensuring dignity, assurance and financial security for the people of India.

The Prime Minister noted that the PM Jeevan Jyoti Bima Yojana and PM Suraksha Bima Yojana have positively impacted lives at the grassroots level and strengthened the social security framework in the country.

Highlighting the benefits of the Atal Pension Yojana, Shri Modi said that the scheme has enabled several people to lead a more secure life in their old age and reflects the Government’s commitment to making social security accessible and inclusive.

The Prime Minister also expressed happiness over the growing participation and benefits received by women under the Atal Pension Yojana, underlining the contribution of Nari Shakti in the success of the scheme.

Shri Modi used the hashtag #11YearsofJanSurakshaSchemes while sharing his remarks on X.

The Prime Minister wrote on X;

“On this day, 11 years ago, key social security and pension schemes were launched by the NDA Government. They reflect our commitment to bring dignity, assurance and financial security into the lives of the people of India. This thread highlights that the PM Jeevan Jyoti Bima Yojana and PM Suraksha Bima Yojana have had a positive impact at the grassroots.

#11YearsofJanSurakshaSchemes”

“Atal Pension Yojana has been very beneficial to several people, enabling them to lead a more secure life in their old age. The scheme reflects our commitment to making social security accessible and inclusive. It is gladdening to see our Nari Shakti in particular benefit from this scheme.

#11YearsofJanSurakshaSchemes” 

Atal Pension Yojana has been very beneficial to several people, enabling them to lead a more secure life in their old age. The scheme reflects our commitment to making social security accessible and inclusive. It is gladdening to see our Nari Shakti in particular benefit from… https://t.co/gDNHL7C8Hl