India to become global hub for Artificial Intelligence: PM
National Programme on AI will be used for solving the problems of society: PM

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত বৃহৎ ভাৰ্চুৱেল সন্মিলন ৰেইজ, ২০২০ উদ্বোধন কৰে। ৰেইজ, ২০২০ হৈছে এখনি বৈশ্বিক সভা য’ত হেল্থকেয়াৰ, কৃষি, শিক্ষা আৰু স্মাৰ্ট ম’বিলিটি তথা আন ক্ষেত্ৰসমূহত সামাজিক ৰূপান্তৰ, অন্তৰ্ভুক্তি আৰু সবলীকৰণৰ অৰ্থে এআই ব্যৱহাৰ সন্দৰ্ভত ধাৰণৰ বিনিময় আৰু ভৱিষ্যতৰ ৰূপৰেখা অংকন কৰা হ’ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত আলোচনাক উৎসাহিত কৰিবলৈ উদ্যোক্তাসকলৰ এই প্ৰচেষ্টাৰ শলাগ লয়। তেখেতে কয়, প্ৰযুক্তিয়ে আমাৰ কৰ্মস্থানৰ ৰূপান্তৰ সাধন কৰিছে আৰু যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধন কৰিছে। তেখেতে সামাজিক দায়বদ্ধতা আৰু এআইৰ মাজৰ সংমিশ্ৰণত মানৱস্পৰ্শিত এআইৰ বিকাশ সাধন হোৱাৰ আশা প্ৰকাশ কৰে। তেখেতে কয়, মানৱ স্পৰ্শিত এআইৰ টীমৱৰ্কে আমাৰ গ্ৰহটোৰ আশ্চৰ্য্য সাধন কৰিব।

তেখেতে উল্লেখ কৰে যে জ্ঞান ও শিক্ষাৰ ক্ষেত্ৰত ভাৰতে বিশ্বখনক নেতৃত্ব প্ৰদান কৰিছে আৰু ডিজিটেল ক্ষেত্ৰটো উৎকৃষ্টতা প্ৰদৰ্শন কৰি যাব আৰু বিশ্বখনক প্ৰোজ্জ্বল কৰিব।

শ্ৰী মোদীয়ে কয়, স্বচ্ছতাৰ অগ্ৰগতি সাধন আৰু সেৱা আগবঢ়োৱাত প্ৰযুক্তিয়ে কিদৰে সহায় আগবঢ়াই, সেই ক্ষেত্ৰত ভাৰতে অভিজ্ঞতা আহৰণ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কিদৰে বিশ্বৰ সৰ্ববৃহৎ একক পৰিচয় প্ৰণালী- আধাৰ তথা বিশ্বখনৰ অতিশয় উদ্ভাৱনীমূলক ডিজিটেল পেমেন্ট প্ৰণালী- ইউপিআয়ে দুখীয়া আৰু উপান্তলৈ প্ৰত্যক্ষ ধন হস্তান্তৰৰ দৰে বিত্তীয় সেৱাকে ধৰি ডিজিটেল সেৱাসমূহ সুগম কৰি তুলিছে সেই কথা উল্লেখ কৰে। মহামাৰীটোৰ সময়ছোৱাত, ইয়াৰ জৰিয়তে ক্ষীপ্ৰতাৰে আৰু অতিশয় ফলপ্ৰসূ উপায়েৰে জনসাধাৰণক সহায় আগবঢ়োৱা যায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে ভাৰত বৈশ্বিক কেন্দ্ৰ হোৱাৰ কামনা কৰে আৰু আগন্তুক সময়ছোৱাত অধিক ভাৰতীয়ই ইয়াত কাম কৰিবলৈ আৰম্ভ কৰাৰ আশা প্ৰকাশ কৰে। তেখেতে কয়, এই লক্ষ্যৰ দিশে অগ্ৰগতি কেইটামান মূল নীতিৰ ওপৰত নিৰ্ভৰশীল। সেইকেইটা হৈছেঃ টীমৱৰ্ক, বিশ্বাস, সহযোগিতা, দায়বদ্ধতা আৰু অন্তৰ্ভুক্তি।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ভাৰতে শেহতীয়াভাৱে ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ প্ৰৱৰ্তন কৰিছে, যাৰ জৰিয়তে প্ৰযুক্তি-নিৰ্ভৰ শিক্ষা আৰু দক্ষতাক শিক্ষাৰ এটা মূল অংশ হিচাপে গুৰুত্ব আৰোপ কৰা হৈছে। তেখেতে লগতে কয়, ভিন্ন আঞ্চলিক ভাষা আৰু উপভাষাত ই-পাঠ্যক্ৰমৰো বিকাশ সাধন কৰা হ’ব। এই সমগ্ৰ প্ৰচেষ্টা এআই প্লেটফৰ্মসমূহৰ নেশ্যাৰেল লেংগুৱেজ প্ৰচেচিং (NLP) ৰ জৰিয়তে লাভান্বিত হ’ব। তেখেত কয়, ২০২০ৰ এপ্ৰিলত শুভাৰম্ভ কৰা ‘ৰেচপনচিবল এআই ফৰ ইয়থ’ৰ অধীনত, বিদ্যালয়সমূহৰ ১১,০০০ ৰোধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰাথমিক পাঠ্যক্ৰম সম্পূৰ্ণ কৰি তুলিছে। এতিয়া তেওঁলোকে তেওঁলোকৰ এআই প্ৰজেক্ট নিৰ্মাণ কৰি আছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ডিজিটেল আন্তঃগাঁথনি, ডিজিটেল বিষয়বস্তু আৰু সামৰ্থ্য ত্বৰান্বিতকৰণৰ অৰ্থে নেশ্যনেল এডুকেশ্যনেল টেকন’ল’জি ফৰামে এটা ই-এডুকেশ্যন ইউনিট সৃষ্টি কৰিব। তেখেতে ভাৰ্চুৱেল লেব, অটল ইন’ভেশ্যন মিশ্যনৰ দৰে বহিৰ্গামী প্ৰযুক্তিসমূহেৰে অগ্ৰগতি লাভ কৰিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টাৰ কথা সদৰী কৰে।

তেখেতে কয়, সমাজৰ সমস্যাৰাজি সমাধানৰ নিমিত্তে নেশ্যনেল প্ৰগ্ৰেম অন আৰ্টিফিচিয়েল ইন্টেলিজেন্স সমৰ্পিত।

শ্ৰী মোদীয়ে এআয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবপৰা খণ্ডসমূহৰ কথা সদৰী কৰি কয় যে কৃষি, পৰৱৰ্তী প্ৰজন্মৰ নগৰীয়া আন্তঃগাঁথনি, যান-যঁটৰ সমস্যা হ্ৰাস কৰা, চেৱেজ চিষ্টেমৰ উন্নয়ন সাধন আৰু শক্তি গ্ৰীডৰ পাৰিতকৰণৰ দৰে নগৰীয়া সমস্যাৰাজিৰ সমাধান কৰা, দুৰ্যোগ ব্যৱস্থাপনা প্ৰণালী শক্তিশালী কৰি তোলা আৰু জলবায়ু পৰিৱৰ্তনৰ সমস্যা সমাধান কৰাত ই আশু সহায় আগবঢ়োৱাৰ সম্ভাৱনা অধিক। ভাষাৰ প্ৰতিবন্ধকতাৰ সেতুবন্ধন আৰু ভাষা আৰু উপভাষাসমূহৰ বৈচিত্ৰ্যৰাজি সংৰক্ষণৰ অৰ্থে তেখেতে এআই ব্যৱহাৰ কৰাৰ পৰামৰ্শ প্ৰদান কৰে। তেখেতে তদুপৰি জ্ঞানৰ আদান-প্ৰদানতো এআই ব্যৱহাৰৰ পোষকতা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, এআয়ে কিদৰে ব্যৱহাৰ কৰে সেই সন্দৰ্ভত বিশ্বাসৰ ভেটি স্থাপনাত সমাধান পদ্ধতিৰ স্বচ্ছতা (Algorithm Transparency) হৈছে মূল কথা আৰু এয়া সুনিশ্চিত কৰাটো আমাৰ সমন্বিত দায়বদ্ধতা।

তেখেতে নন-ষ্টেট এক্টৰৰদ্বাৰা এআইৰ অস্ত্ৰায়ন (weaponization)ৰপৰা বিশ্বখনক সুৰক্ষিত কৰাৰ আহ্বান জনায়। তেখেতে কয়, মানৱ সৃষ্টিশীলতা আৰু মানৱিক আৱেগেই আমাৰ বলিষ্ঠ শক্তি হৈ থাকিব আৰু ইয়াৰ উপযোগিতাকে যন্ত্ৰৰ ওপৰত প্ৰয়োগ কৰা হ’ব। তেখেতে সকলোকে যন্ত্ৰৰ ওপৰতে কিদৰে এই বৌদ্ধিক তীক্ষ্নতা ধৰি ৰাখিব পৰা যাব আৰু সদায়েই মানৱ বুদ্ধিমত্তা এআইতকৈ এঢাপ আগুৱাই থাকিব তাৰ নিশ্চিতিৰ অৰ্থে ভাবিবলৈ আহ্বান জনায়। তেখেত কয়, মানুহৰ নিজা সামৰ্থ্য বৃদ্ধি কৰাত এআয়ে কিদৰে সহায় কৰিব পাৰে, আমি সেই সন্দৰ্ভত চিন্তা কৰা উচিত।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, এআয়ে প্ৰতিজন লোকৰ একক সম্ভাৱনা আনলক কৰিব আৰু সমাজখনলৈ অধিক ফলপ্ৰসূতাৰে বৰঙণি যোগাবলৈ তেওঁলোকক সবল কৰি তুলিব। তেখেতে ৰেইজ, ২০২০ত অংশগ্ৰহণ কৰা অংশগ্ৰহণকাৰীসকলক কৃত্ৰিম বুদ্ধিমত্তাৰ অৰ্থে ধাৰণাৰ আদান-প্ৰদান আৰু ভৱিষ্যতৰ ৰূপৰেখা অংকন কৰিবলৈ আহ্বান জনায়। তেখেতে আলোচনাৰদ্বাৰা সৃষ্ট দায়বদ্ধ এআইৰ অৰ্থে কাৰ্যপন্থাৰ দিক নিৰ্দেশনাই সমগ্ৰ বিশ্বৰ লোকৰ জীৱন আৰু জীৱিকাৰ ৰূপান্তৰ সাধনত সহায় আগবঢ়াব বুলি আশা প্ৰকাশ কৰে।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’

Media Coverage

PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Junior Men’s Hockey Team on winning Asia Cup
September 13, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian Junior Men’s Hockey Team on winning the Asia Cup with an emphatic 4-1 victory in the final.

The Prime Minister described the achievement as remarkable and said that the feat reflects the immense talent of the young players.

Shri Modi extended his best wishes to the entire team.

The Prime Minister wrote on X;

“Congratulations to our Junior Men’s Hockey Team on winning the Asia Cup with an emphatic 4-1 win in the final. It is indeed a remarkable achievement.

This feat reflects the immense talent of our young players. Best wishes to the entire team!”