চুৰাটৰ নতুন ‘সংহত টাৰ্মিনেল ভৱন’টো হৈছে চহৰখনৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ উথ্থান: প্ৰধানমন্ত্ৰী

 প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাট বিমানবন্দৰত নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে। তেওঁ পদব্ৰজে নতুন টাৰ্মিনেল ভৱনটো পৰিদৰ্শন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত কৰা ‘পোষ্ট’-ত কয়:

‘‘চুৰাটৰ নতুন সংহত টাৰ্মিনেল ভৱনটো চহৰখনৰ আন্তঃগাঁথনি উন্নয়নত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। ইয়াৰ অত্যাধুনিক সা-সুবিধাসমূহে কেৱল ভ্ৰমণৰ অভিজ্ঞতাকে বৃদ্ধি নকৰে; ই অৰ্থনৈতিক উন্নয়ন, পৰ্যটন আৰু বিমান সংযোগকো উত্সাহিত কৰিব। ''

 

 

অনুষ্ঠানটোত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলো প্ৰধানমন্ত্ৰীৰ সৈতে উপস্থিত থাকে।

 

পটভূমি

টাৰ্মিনেল ভৱনটোৱে সৰ্বাধিক ব্যস্ত সময়ছোৱাত ১২০০ ঘৰুৱা যাত্ৰী আৰু ৬০০ আন্তঃৰাষ্ট্ৰীয় যাত্ৰীক সেৱা আগবঢ়াব পাৰিব আৰু ভৱনটোত সৰ্বাধিক ব্যস্ত সময়ত ৩০০০ যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ সামৰ্থ্য বৃদ্ধি কৰাৰ ব্যৱস্থা আছে। ইয়াত যাত্ৰীসকলক সেৱা আগবঢ়োৱাৰ বাৰ্ষিক সামৰ্থ্য ৫৫ লাখ পৰ্যন্ত বৃদ্ধি কৰিব পৰা যাব। টাৰ্মিনেল ভৱনটো যিহেতু চুৰাট চহৰৰ প্ৰৱেশদ্বাৰ সেয়ে স্থানীয় সংস্কৃতি আৰু ঐতিহ্যৰ সৈতে সংগতি ৰাখি ইয়াৰ আৰ্হি কৰা হৈছে যাতে ভিতৰ আৰু বাহিৰ দুয়োটা ফালতে মূল উপাদানসমূহ প্ৰতিফলিত হয় আৰু দৰ্শনাৰ্থীসকলৰ মনত এখন বিশিষ্ট স্থানলৈ অহাৰ অনুভূতি জাগ্ৰত হ’ব পাৰে। পুনৰ্নিৰ্মাণ কৰা টাৰ্মিনেল ভৱনটোৰ সন্মুখভাগৰ উদ্দেশ্য হৈছে চুৰাট চহৰৰ 'ৰাণ্ডেৰ' অঞ্চলৰ পুৰণি ঘৰসমূহৰ সমৃদ্ধ আৰু পৰম্পৰাগত কাঠৰ কামেৰে যাত্ৰীসকলৰ অভিজ্ঞতা সমৃদ্ধ কৰা। গৃহ-৪-ৰ অনুৰূপকৈ নিৰ্মাণ কৰা বিমান বন্দৰৰ নতুন টাৰ্মিনেল ভৱনটো দ্বৈত সুৰক্ষা তৰপযুক্ত ৰুফিং প্ৰণালী; শক্তি সঞ্চয় কৰিব পৰা কেন’পি; তাপৰ কম শোষণ কৰিব পৰা ‘ডাবল গ্লেজিং’ একক; বৰষুণৰ পানী সংগ্ৰহ; পানী বিশুদ্ধকৰণ প্ৰকল্প; নৰ্দমা শোধন প্ৰকল্প; পৰিদৃশ্য নিৰ্মাণৰ বাবে শোধিত জলৰ ব্যৱহাৰ তথা সৌৰ শক্তি প্ৰকল্পৰ দৰে বহনক্ষম বিকাশৰে সম্পৰ্কিত বিভিন্ন সা-সুবিধাৰে সজ্জিত কৰি নিৰ্মাণ কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India develops first indigenous expendable turbo jet engine in 350 kg thrust class

Media Coverage

India develops first indigenous expendable turbo jet engine in 350 kg thrust class
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2026
July 27, 2026

Viksit Bharat in Motion: Indigenous Warships, Deepwater Energy, Transparent Exams & Cultural Revival