‘ভাৰতীয় ৰাজহ সেৱা’ৰ ৭৪ আৰু ৭৫ সংখ্যক গোট (শুল্ক আৰু পৰোক্ষ কৰ) আৰু ভূটানৰ ‘ৰয়েল চিভিল ছাৰ্ভিচ’ৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰে
"এনএচিআইএন’ৰ ভূমিকা হৈছে দেশক এক আধুনিক পৰিস্থিতিতন্ত্ৰ প্ৰদান কৰা"
"শ্ৰী ৰাম সুশাসনৰ ইমানেই ডাঙৰ প্ৰতীক যে তেওঁ ‘এনএচিআইএন’-ৰ বাবেও এক মহান অনুপ্ৰেৰণা হ'ব পাৰে"
"আমি দেশক ‘জিএছটি’ আৰু ‘সৰলীকৃত আয়কৰ’ৰ ৰূপত এক আধুনিক ব্যৱস্থা প্ৰদান কৰিছো আৰু ‘মুখ নেদেখাকৈয়ে মূল্যায়ন’ৰ ধাৰা আৰম্ভ কৰিছোঁ। এই সকলোবোৰ সংস্কাৰৰ ফলত অভিলেখ পৰিমাণৰ কৰ সংগৃহিত হৈছে"
"আমি মানুহৰ পৰা যি লৈছোঁ সেয়া তেওঁলোকৰ কাষলৈ ঘূৰাই পঠাইছোঁ আৰু এয়াই হৈছে সুশাসন আৰু ৰাম ৰাজ্যৰ বাৰ্তা"
তেওঁ অনুষ্ঠানটোৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা প্ৰদৰ্শনীখন পদব্ৰজে পৰিদৰ্শন কৰে। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে ‘ভাৰতীয় ৰাজহ সেৱা’ (শুল্ক আৰু পৰোক্ষ কৰ)ৰ ৭৪ আৰু ৭৫ সংখ্যক গোট দুটাৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলৰ লগতে ভূটানৰ ‘ৰয়েল চিভিল ছাৰ্ভিচ’ৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলৰ সৈতেও বাৰ্তালাপ কৰে।
তেওঁ বিশ্বাস ব্যক্ত কৰে যে ‘এনএচিআইএন’-ৰ নতুন চৌহদটোৱে সুশাসনক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে দেশৰ বাণিজ্য আৰু উদ্যোগখণ্ডক উৎসাহিত কৰিব।
তেওঁ কয় যে শ্ৰীৰাম সুশাসনৰ ইমানে ডাঙৰ প্ৰতীক যে তেওঁ ‘এনএচিআইএন’-ৰ বাবেও এক মহান অনুপ্ৰেৰণা হ'ব পাৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ শ্ৰী সত্য সাই জিলাৰ পলাসমুদ্ৰমত ‘শুল্ক, পৰোক্ষ কৰ আৰু নিচাজাতীয় সামগ্ৰী সম্পৰ্কীয় ৰাষ্ট্ৰীয় একাডেমী’(এনএচিআইএন)ৰ নতুন চৌহদ উদ্বোধন কৰে। তেওঁ অনুষ্ঠানটোৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা প্ৰদৰ্শনীখন পদব্ৰজে পৰিদৰ্শন কৰে। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে ‘ভাৰতীয় ৰাজহ সেৱা’ (শুল্ক আৰু পৰোক্ষ কৰ)ৰ ৭৪ আৰু ৭৫ সংখ্যক গোট দুটাৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলৰ লগতে ভূটানৰ ‘ৰয়েল চিভিল ছাৰ্ভিচ’ৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলৰ সৈতেও বাৰ্তালাপ কৰে।

 

এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে পলাসমুদ্ৰমত ‘শুল্ক, পৰোক্ষ কৰ আৰু নিচাজাতীয় সামগ্ৰী সম্পৰ্কীয় ৰাষ্ট্ৰীয় একাডেমী’ উদ্বোধনৰ বাবে সকলোকে অভিনন্দন জনায়। পলাসমুদ্ৰম অঞ্চলৰ বিশেষত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই আধ্যাত্মিকতা, ৰাষ্ট্ৰ নিৰ্মাণ আৰু সুশাসনৰ সৈতে জড়িত আৰু ভাৰতৰ ঐতিহ্যক প্ৰতিনিধিত্ব কৰে। তেওঁ পুট্টাপাৰ্থীত শ্ৰী সত্য সাই বাবাৰ জন্মস্থান, মহান স্বাধীনতা সংগ্ৰামী পদ্মশ্ৰী কাললুৰ চুব্বা ৰাও, প্ৰখ্যাত ‘পুতলা শিল্পী’ দালাভাই চলপতি ৰাও আৰু গৌৰৱময় ‘বিজয়নগৰ সাম্ৰাজ্য’ৰ সুশাসনক অঞ্চলটোৰ পৰা অনুপ্ৰেৰণাৰ উৎস হিচাপে উল্লেখ কৰে। তেওঁ বিশ্বাস ব্যক্ত কৰে যে ‘এনএচিআইএন’-ৰ নতুন চৌহদটোৱে সুশাসনক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে দেশৰ বাণিজ্য আৰু উদ্যোগখণ্ডক উৎসাহিত কৰিব।

 

আজি ‘থিৰুৱল্লুৱাৰ দিৱস’ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মহান তামিল ঋষিগৰাকীৰ উদ্ধৃতি দিয়ে আৰু গণতন্ত্ৰত জনসাধাৰণৰ কল্যাণৰ দিশত আগবঢ়োৱা কৰ সংগ্ৰহৰ ক্ষেত্ৰত ৰাজহ বিষয়াসকলৰ ভূমিকাৰ কথা উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ আগতে লেপাক্ষীৰ ‘বীৰভদ্ৰ মন্দিৰ’ পৰিদৰ্শন কৰে আৰু ‘ৰঙ্গনাথ ৰামায়ণ’ৰ ব্যাখ্যা শুনে। প্ৰধানমন্ত্ৰীয়ে ভক্তসকলৰ সৈতে ভজন-কীৰ্তনতো অংশগ্ৰহণ কৰে। ওচৰতে ‘ৰাম-জাতায়ু সম্বাদ’ সংঘটিত হোৱা বুলি প্ৰচলিত লোক বিশ্বাসৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অযোধ্যা ধামৰ মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ আগত তেওঁ ১১ দিনীয়া বিশেষ অনুষ্ঠানৰ মাজেৰে অতিবাহিত কৰিছে। তেওঁ এই পবিত্ৰ সময়ছোৱাত মন্দিৰত আশীৰ্বাদ লাভ কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। দেশৰ সৰ্বত্ৰে সৃষ্টি হোৱা ৰাম ভক্তিৰ পৰিৱেশটোৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰী ৰামৰ অনুপ্ৰেৰণাই ভক্তিকো নেওচি যায়। তেওঁ কয় যে শ্ৰীৰাম সুশাসনৰ ইমানে ডাঙৰ প্ৰতীক যে তেওঁ ‘এনএচিআইএন’-ৰ বাবেও এক মহান অনুপ্ৰেৰণা হ'ব পাৰে।

 

মহাত্মা গান্ধীৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘ৰামৰাজ্য’ৰ ধাৰণাটোৱেই হৈছে প্ৰকৃত গণতন্ত্ৰৰ আঁৰৰ ধাৰণা। তেওঁ মহাত্মা গান্ধীৰ জীৱনৰ অভিজ্ঞতাক ‘ৰামৰাজ্য’ৰ আদৰ্শৰ সমৰ্থনৰ কাৰণ হিচাপে উল্লেখ কৰে আৰু এনে এখন ৰাষ্ট্ৰৰ বিষয়ে কয় য'ত প্ৰতিগৰাকী নাগৰিকৰ কথা শুনা যায় আৰু সকলোৱে তেওঁলোকৰ উপযুক্ত সন্মান লাভ কৰিব পাৰে। "ৰামৰাজ্য’ৰ নাগৰিকসকলৰ বিষয়ে ক’বলৈ যাওতে এই বুলিয়েই কোৱা হয়," প্ৰধানমন্ত্ৰীয়ে সংস্কৃত শ্লোকৰ উদ্ধৃতি দি কয়, "ৰামৰাজ্যবাসী (নাগৰিক), আপোনালোকে শিৰ উন্নত কৰক আৰু ন্যায়ৰ বাবে যুঁজ দিয়ক, সকলোকে সমান বুলি গণ্য কৰক, দুৰ্বলীসকলক সুৰক্ষা দিয়ক, ধৰ্মক সৰ্বোচ্চ স্তৰত সাৰোগত কৰক, আপোনালোক ৰামৰাজ্যবাসী"। তেওঁ উল্লেখ কৰে যে ‘ৰামৰাজ্য’ এই চাৰিটা স্তম্ভৰ ওপৰত স্থাপিত হৈছিল য'ত সকলোৱে মূৰ শিৰ উন্নত কৰি সন্মানৰ সৈতে আগবাঢ়িব পাৰে আৰু প্ৰতিগৰাকী নাগৰিকক সমান বুলি গণ্য কৰা হয়, দলিতসকলক সুৰক্ষিত কৰা হয় আৰু ধৰ্মই সৰ্বাধিক গুৰুত্ব বহন কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, "একবিংশ শতিকাত, এই আধুনিক প্ৰতিষ্ঠানসমূহৰ নিয়ম-কানুন বলবৎ কৰা প্ৰশাসক হিচাপে আপোনালোকে এই চাৰিটা লক্ষ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আৰু সেইবোৰ মনত ৰাখিব লাগিব।"

 

প্ৰধানমন্ত্ৰীয়ে ‘ৰামৰাজ্য’ত কৰ ব্যৱস্থাৰ বিষয়ে গোস্বামী তুলসীদাসৰ বৰ্ণনাও উল্লেখ কৰে। ‘ৰামচৰিত মানস’ৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয়, কৰৰ কল্যাণমূলক দিশত আলোকপাত কৰে আৰু মানুহৰ পৰা আহৰণ কৰা কৰৰ প্ৰতিটো পইচা সমৃদ্ধি কঢ়িয়াই আনিবলৈকে জনসাধাৰণৰ কল্যাণৰ ক্ষেত্ৰত বাবে ব্যৱহৃত হ’ব। এই প্ৰসংগত অধিক ব্যাখ্যা আগবঢ়াই প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা ১০টা বছৰত সম্পন্ন কৰা কৰ সংস্কাৰৰ কথা উল্লেখ কৰে। প্ৰসংগক্ৰমে তেওঁ বিগত সময়ৰ একাধিক, অস্বচ্ছ কৰ প্ৰণালীৰ কথাও স্মৰণ কৰে। "আমি দেশক ‘জিএছটি’ আৰু ‘সৰলীকৃত আয়কৰ’ৰ ৰূপত এক আধুনিক ব্যৱস্থা প্ৰদান কৰিছো আৰু ‘মুখ নোচোৱাকৈয়ে মূল্যায়ন’ৰ ধাৰা আৰম্ভ কৰিছোঁ। এই সকলোবোৰ সংস্কাৰৰ ফলত অভিলেখ পৰিমাণৰ কৰ সংগৃহিত হৈছে" বুলি প্ৰধানমন্ত্ৰীয়ে অভিমত ব্যক্ত কৰে।

 

'আমি বিভিন্ন আঁচনিৰ জৰিয়তে জনতাৰ ধন ঘূৰাই দিছো', তেওঁ লগতে কয়। তেওঁ কয় যে আয়কৰ ৰেহাইৰ বাবে উপাৰ্জনৰ সীমা ২ লাখ টকাৰ পৰা ৭ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। ২০১৪ চনৰ পিছত কৰ সংস্কাৰৰ ফলত নাগৰিকসকলৰ প্ৰায় ২.৫ লাখ কোটি টকাৰ কৰ সঞ্চয় হৈছে। তেওঁ কয় দেশত কৰদাতাৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে কিয়নো, কৰদাতাসকলে তেওঁলোকৰ কৰৰ ধন ভালদৰে ব্যৱহাৰ হোৱাত সন্তুষ্টি লাভ কৰিবলৈ লৈছে। তেওঁ কয়, "আমি ৰাইজৰ পৰা যি লৈছোঁ সেয়া আমি তেওঁলোকক ঘূৰাই দিছো আৰু এয়াই হৈছে সুশাসন আৰু ৰামৰাজ্যৰ বাৰ্তা"।

 

প্ৰধানমন্ত্ৰীয়ে ৰামৰাজ্যত সম্পদৰ সৰ্বোত্তম ব্যৱহাৰৰ প্ৰতি বিশেষ মনোযোগ দিয়াৰ কথাও উল্লেখ কৰে। দেশৰ বৃহৎ লোকচানৰ কাৰণ হোৱা প্ৰকল্পসমূহ বন্ধ কৰি থোৱা, উত্খাত কৰা বা পৰিৱৰ্তন সাধন কৰাৰ প্ৰৱণতা থকা অতীতৰ চৰকাৰসমূহক আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে ভগৱান ৰামে ভৰতক এনে প্ৰৱণতাৰ বিৰুদ্ধে সতৰ্ক কৰি দি কৰা কথোপকথনৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি কয়, "মই নিশ্চিত যে আপোনালোকে এনে কাম সম্পূৰ্ণ কৰিব যিবোৰৰ মূল্য কম আৰু সময় অপচয় নকৰাকৈ অধিক লাভ আদায় কৰিব পৰা যায়।" তেওঁ উল্লেখ কৰে যে বিগত ১০টা বছৰত বৰ্তমানৰ চৰকাৰে ব্যয়ৰ কথা মনত ৰাখিছে আৰু সময়মতে প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাত গুৰুত্ব আৰোপ কৰিছে।

 

আকৌ এবাৰ গোস্বামী তুলসীদাসৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰী মোদীয়ে দৰিদ্ৰ লোকসকলক সমৰ্থন কৰা আৰু অযোগ্যসকলক আঁতৰ কৰা এক ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে। তেওঁ জনায় যে যোৱা ১০টা বছৰত নথিপত্ৰৰ পৰা ১০ কোটি ভুৱা নাম আঁতৰ কৰা হৈছে। "আজি, প্ৰতিটো পইচা ইয়াৰ অধিকাৰী হিতাধিকাৰীসকলৰ বেংক একাউণ্টত জমা হৈছেগৈ। দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ আৰু দুৰ্নীতিগ্ৰস্ত লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ চৰকাৰৰ প্ৰাথমিকতা হৈ আহিছে," তেওঁ কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে এই বিশ্বাসৰ ইতিবাচক ফল দেশত কৰা উন্নয়নমূলক কামসমূহত প্ৰত্যক্ষ কৰিব পাৰি। তেওঁ কালি ‘নীতি আয়োগ’-য়ে প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদনৰ বিষয়ে দেশবাসীক অৱগত কৰে য'ত কোৱা হৈছে যে বৰ্তমান চৰকাৰৰ প্ৰচেষ্টাত যোৱা ৯ বছৰত প্ৰায় ২৫ কোটি লোকক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা উলিয়াই আনিবলৈ সক্ষম হৈছে। ইয়াক এক ঐতিহাসিক আৰু অভূতপূৰ্ব সাফল্য বুলি অভিহিত কৰি, বিশেষকৈ এনে এখন দেশত য'ত দৰিদ্ৰতা নিৰ্মূলৰ বাবে কেবা দশক ধৰি শ্ল'গান দি অহা হৈছিল, প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া হৈছে ২০১৪ চনত শাসনলৈ অহাৰ পিছত দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে চৰকাৰে প্ৰদান কৰা প্ৰাথমিকতাৰ ফল। প্ৰধানমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে যে এই দেশৰ দৰিদ্ৰ লোকসকলক উপায় আৰু সম্পদ প্ৰদান কৰিলে দৰিদ্ৰতাক পৰাস্ত কৰাৰ সম্ভাৱনা আছে। "আমি আজি ইয়াক বাস্তৱত পৰিণত হোৱা দেখিবলৈ পাইছোঁ" বুলিও তেওঁ লগতে কয়। তেওঁ কয় যে চৰকাৰে স্বাস্থ্য, শিক্ষা, নিযুক্তি আৰু স্ব-নিয়োজন আৰু দৰিদ্ৰ লোকসকলৰ বাবে সুবিধা বৃদ্ধিৰ বাবে ব্যয় কৰিছে। "যেতিয়া দৰিদ্ৰ লোকসকলৰ সম্ভাৱনাক শক্তিসমৃদ্ধ কৰা হৈছিল আৰু সুবিধা প্ৰদান কৰা হৈছিল, তেওঁলোকে দৰিদ্ৰতাৰ পৰা ওলাই আহিবলৈ আৰম্ভ কৰিছিল", তেওঁ কয় যে ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰ মুকলি কৰা পূৰ্বে এয়া হৈছে আন এটা ভাল খবৰ। "ভাৰততো যে দৰিদ্ৰতা হ্ৰাস কৰিব পাৰি, এই তথ্যই সকলোকে এক নতুন বিশ্বাসেৰে ভৰাই তুলিব আৰু দেশৰ আস্থা বৃদ্ধি কৰিব" বুলি তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দৰিদ্ৰতা হ্ৰাস হোৱা বাবে নৱ্য-মধ্যবিত্ত শ্ৰেণীৰ উত্থান আৰু মধ্যবিত্ত শ্ৰেণীৰ প্ৰসাৰক কৃতিত্ব দিয়ে। তেওঁ কয় যে অৰ্থনীতিৰ জগতৰ লোকসকলে নৱ্য-মধ্যবিত্ত শ্ৰেণীৰ বিকাশৰ সম্ভাৱনা আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ প্ৰতি তেওঁলোকৰ অৱদান উপলব্ধি কৰে। "এনে পৰিস্থিতিত, ‘এনএচিআইএন’-য়ে অধিক গুৰুত্ব সহকাৰে নিজৰ দায়িত্ব পালন কৰিব লাগিব।

 

প্ৰধানমন্ত্ৰী মোদীয়ে ভগৱান ৰামৰ জীৱনাদৰ্শক সাৰোগত কৰি লালকিল্লাৰ প্ৰাচীৰৰ পৰা তেওঁৰ ‘সবকা প্ৰয়াস’ৰ আহ্বানৰ বিষয়ে অধিক বৰ্ণনা কৰে। তেওঁ ৰাৱণৰ বিৰুদ্ধে যুঁজত শ্ৰী ৰামে কৰা সম্পদৰ বুদ্ধিদীপ্ত ব্যৱহাৰ আৰু সেইবোৰক এক বৃহৎ শক্তিলৈ ৰূপান্তৰ কৰাৰ কথা স্মৰণ কৰে। তেওঁ বিষয়াসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা উপলব্ধি কৰিবলৈ কৈ শেহত দেশৰ উপাৰ্জন বৃদ্ধি, আৰু বিনিয়োগ আৰু ব্যৱসায় কৰাৰ সহজতা বৃদ্ধিৰ বাবে সামূহিক প্ৰচেষ্টাত ব্ৰতী হ’বলৈ আহ্বান জনায়।

অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী এছ আব্দুল নাজিৰ, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী ওৱাই এছ জহন মোহন ৰেড্ডী, কেন্দ্ৰীয় বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ আৰু ‘কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক পৰিষদ’ৰ অধ্যক্ষ শ্ৰী সঞ্জয় কুমাৰ আগৰৱালা এই অনুষ্ঠানত উপস্থিত আছিল।

পৃষ্ঠভূমি

অসামৰিক সেৱাৰ সামৰ্থ্য বৰ্দ্ধনৰ জৰিয়তে শাসন ব্যৱস্থা উন্নত কৰিব খোজা প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী উপলব্ধি কৰাৰ দিশত অন্ধ্ৰপ্ৰদেশৰ শ্ৰী সত্য সাই জিলাৰ পলাসমুদ্ৰমত ‘শুল্ক, পৰোক্ষ কৰ আৰু নিচাযুক্ত সামগ্ৰী সম্পৰ্কীয় ৰাষ্ট্ৰীয় একাডেমী’(এনএচিআইএন)ৰ নতুন অত্যাধুনিক চৌহদটোৰ পৰিকল্পনা আৰু নিৰ্মাণ কৰা হৈছিল। ৫০০ একৰ ভূমিত বিস্তাৰিত একাডেমীখন হৈছে ‘পৰোক্ষ কৰ (শুল্ক, কেন্দ্ৰীয় আবকাৰী আৰু সামগ্ৰী আৰু সেৱা কৰ) আৰু নিচাযুক্ত সামগ্ৰীৰ নিয়ন্ত্ৰণ প্ৰশাসন’ৰ ক্ষেত্ৰত সামৰ্থ্য বৰ্দ্ধনৰ বাবে ভাৰত চৰকাৰৰ শীৰ্ষ প্ৰতিষ্ঠান। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশ্বমানৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৱে ‘ভাৰতীয় ৰাজহ সেৱা’ (শুল্ক আৰু পৰোক্ষ কৰ)ৰ বিষয়াসকলৰ লগতে কেন্দ্ৰীয় সহযোগী সেৱা, ৰাজ্য চৰকাৰ আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰিব।

নতুন চৌহদটো যোগ দিয়াৰ পাছত ‘এনএচিআইএন’-য়ে প্ৰশিক্ষণ আৰু সামৰ্থ্য বৰ্দ্ধনৰ বাবে নতুন যুগৰ প্ৰযুক্তি যেনে ‘অগমেন্টেড এণ্ড ভাৰ্চুৱেল ৰিয়েলিটী’, ‘ব্লকচেইন’ৰ লগতে ‘কৃত্ৰিম বুদ্ধিমত্তা’ আৰু অন্যান্য উদীয়মান প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব দিব।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Meets Amazon CEO Andy Jassy, Tech Giant To Invest $48 Billion In India By 2030

Media Coverage

PM Modi Meets Amazon CEO Andy Jassy, Tech Giant To Invest $48 Billion In India By 2030
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Bankim Chandra Chattopadhyay on His Jayanti
June 26, 2026

The Prime Minister, Shri Narendra Modi, today, paid tributes to the great Bankim Chandra Chattopadhyay on his Jayanti, remembering him as a towering literary luminary whose writings ignited the spirit of patriotism and cultural pride among generations of Indians.

Highlighting the significance of the year, Shri Modi noted that India is commemorating the 150th anniversary of Vande Mataram. He remarked that through Vande Mataram, Bankim Chandra Chattopadhyay gifted the Indian freedom movement and the nation one of its most enduring sources of inspiration.

The Prime Minister posted on X:

Tributes to the great Bankim Chandra Chattopadhyay on his Jayanti.

A towering literary luminary, his writings awakened a spirit of patriotism and cultural pride among generations of Indians. His rich literary work continues to illuminate minds and strengthen our collective resolve towards nation-building.

This is a time when we are marking the 150th anniversary of Vande Mataram. Through Vande Mataram, he gifted the freedom movement and our nation one of its most enduring inspirations.

মহান বঙ্কিম চন্দ্র চট্টোপাধ্যায়ের জয়ন্তীতে তাঁর প্রতি শ্রদ্ধাঞ্জলি।

এক সুবিশাল সাহিত্যিক আলোকবর্তিকা হিসেবে, তাঁর লেখা প্রজন্মান্তরের ভারতীয়দের মধ্যে দেশপ্রেম এবং সাংস্কৃতিক গৌরবের চেতনা জাগ্রত করেছিল। তাঁর সমৃদ্ধ সাহিত্যকর্ম মনকে উদ্ভাসিত করে চলেছে এবং জাতি গঠনের প্রতি আমাদের সম্মিলিত সংকল্পকে শক্তিশালী করছে।

এখন আমরা বন্দে মাতরমের ১৫০তম বার্ষিকী উদযাপন করছি। বন্দে মাতরমের মাধ্যমে, তিনি স্বাধীনতা আন্দোলন এবং আমাদের জাতিকে অন্যতম দীর্ঘস্থায়ী অনুপ্রেরণা উপহার দিয়েছিলেন।