প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই দলংখন গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ বাবে এক অতি গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প। "ইয়াৰ জৰিয়তে সংযোগ, আৰাম আৰু বাণিজ্য যথেষ্ট বৃদ্ধি পাব। ইয়াৰ দ্বাৰা ভক্তসকলে অতি সহজে কামাখ্যা মন্দিৰলৈ যাব পাৰিব", শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়:
"ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত কুমাৰ ভাস্কৰ বৰ্মা সেতু গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ বাবে এক অতি গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প। ইয়াৰ জৰিয়তে সংযোগ, আৰাম আৰু বাণিজ্য যথেষ্ট বৃদ্ধি পাব। ইয়াৰ দ্বাৰা ভক্তসকলে অতি সহজে কামাখ্যা মন্দিৰলৈ যাব পাৰিব।"

Kumar Bhaskar Varma Setu across the Brahmaputra is a vital infrastructure project for Guwahati and areas around it. Connectivity, comfort and commerce will be significantly enhanced. It will enable devotees to go to the Kamakhya Temple with greater ease. pic.twitter.com/bdpjbW0oNk
— Narendra Modi (@narendramodi) February 14, 2026


