ক’ভিড সত্বেও, কাশীত উন্নয়নৰ গতি অটুট আছেঃ প্ৰধানমন্ত্ৰী
এই কনভেনশ্যন চেন্টাৰে ভাৰত আৰু জাপানৰ মাজৰ শক্তিশালী যোগাযোগক প্ৰদৰ্শন কৰিছেঃ প্ৰধানমন্ত্ৰী
এই কনভেনশ্যন চেন্টাৰ এটা সাংস্কৃতিক কেন্দ্ৰ আৰু ভিন্ন লোকক একত্ৰিত কৰাৰ মাধ্যম হৈ উঠিবঃ প্ৰধানমন্ত্ৰী
যোৱা ৭ বছৰত বহু উন্নয়ন প্ৰকল্পৰে কাশী সজ্জিত হৈ আহিছে আৰু ৰুদ্ৰাক্ষ অবিহনে ই অসম্পূৰ্ণঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত ইন্টাৰনেশ্যনেল ক’অপাৰেশ্যন এণ্ড কনভেনশ্যন চেন্টাৰ- ৰুদ্ৰাক্ষ উদ্বোধন কৰে, জাপানৰ সহায়তাৰে ইয়াক নিৰ্মাণ কৰি উলিওৱা হৈছে। ইয়াৰ পাছত তেখেতে বিএইচইউৰ মেটাৰনেল আৰু চাইল্ড হেল্থ উইং পৰিদৰ্শন কৰে। তেখেতে তদুপৰি ক’ভিড প্ৰস্তুতিৰ বুজ ল’বলৈ বিষয়া-বৰ্গ আৰু মেডিকেল প্ৰফেশ্যনেলসকলৰ সৈতে মিলিত হয়।

এই কাৰ্য্যসূচী সম্বোধন কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিড সত্বেও, কাশীত উন্নয়নৰ গতি অটুট আছে। তেখেতে লগতে কয় যে এই 'ইন্টাৰনেশ্যনেল ক’অপাৰেশ্যন এণ্ড কনভেনশ্যন চেন্টাৰ- ৰুদ্ৰাক্ষ' হৈছে এই সৃজনশীলতা আৰু গতিশীলতাৰ ফলশ্ৰুতি। তেখেতে কয়, এই চেন্টাৰে ভাৰত আৰু জাপানৰ মাজৰ শক্তিশালী যোগাযোগক প্ৰদৰ্শন কৰিছে। তেখেতে এই কনভেনশ্যন চেন্টাৰটো নিৰ্মাণৰ অৰ্থে সহায়ত জাপানৰ প্ৰচেষ্টাৰ শলাগ লয়।

শ্ৰী মোদীয়ে সেই সময়ত মুখ্য কেবিনেট সচিব হিচাপে কাৰ্য্যনিৰ্বাহ কৰা জাপানৰ প্ৰধানমন্ত্ৰী শ্ৰী ইয়োশিহিদে সুগাৰ কথা মনত পেলায়। তেতিয়াৰেপৰা তেওঁ জাপানৰ প্ৰধানমন্ত্ৰী হোৱালৈকে, এই প্ৰকল্পৰ সৈতে তেওঁ ব্যক্তিগতভাৱে জড়িত হৈ আহিছিল। শ্ৰী মোদীয়ে লগতে কয় যে ভাৰতৰ প্ৰতি তেওঁৰ স্নেহৰ বাবে প্ৰতিজন ভাৰতীয়ই তেওঁৰ ওচৰত কৃতজ্ঞ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ কাৰ্য্যসূচীৰে ঘনিষ্ঠভাৱে সংযোজিত হোৱা জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী চিনজো আবেক স্মৰণ কৰে। তেখেতে তেতিয়াৰ জাপানৰ প্ৰধানমন্ত্ৰী শ্ৰী চিনজো আবে কাশীলৈ আহোতে ৰুদ্ৰাক্ষৰ ধাৰণা সম্পৰ্কত তেওঁৰ সৈতে আলোচনা কৰা মুহূৰ্তৰ কথা মনত পেলায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, এই ভৱনটোত আধুনিকতা আৰু সাংস্কৃতিক আভা উভয়ৰে উজ্জ্বলতা আছে, ইয়াত ভাৰত জাপনৰ সম্পৰ্কৰ সংযোগ আছে তথা একেদৰে আছে ভৱিষ্যতৰ সহযোগিতাৰ সুযোগো, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। শ্ৰী মোদীয়ে কয় যে তেখেতৰ জাপান ভ্ৰমণৰেপৰা এনে ধৰণৰ মানুহৰপৰা মানুহলৈ সম্পৰ্কৰ কল্পনা কৰা হৈছিল আৰু ৰুদ্ৰাক্ষ আৰু আহমেদাবাদত জেন গাৰ্ডেনৰ দৰে প্ৰকল্পসমূহে এই সম্পৰ্কৰ প্ৰতীকী ৰূপ প্ৰদান কৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৌশলগত আৰু অৰ্থনৈতিক, এই উভয় ক্ষেত্ৰতে ভাৰতৰ অন্যতম অতিশয় বিশ্বস্ত বন্ধু হৈ পৰাৰ বাবে জাপানক প্ৰশংসা কৰে। তেখেতে লগতে কয় যে সমগ্ৰ অঞ্চলটোতেই জাপানৰে ভাৰতৰ বন্ধুত্বক অন্যতম অতিশয় স্বাভাৱিক বন্ধুত্ব হিচাপে গণ্য কৰা হয়। আমাৰ উল্লাসৰে আমাৰ উন্নয়ন যে সংযোজিত হোৱা উচিত, সেই ক্ষেত্ৰত ভাৰত আৰু জাপানে সহমত পোষণ কৰে। এই উন্নয়ন সৰ্বাংগীন হোৱা উচিত, সকলোৰে বাবে হোৱা উচিত আৰু সাৰ্বজনীন হোৱা উচিত।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, বেনাৰসৰ শিৰাই-শিৰাই সংগীত, সুৰ আৰু কলাৰ প্ৰৱাহ আছে। গংগাৰ ঘাটসমূহত বহু কলাৰ সংস্থাপিত কৰা হৈছে, জ্ঞানে শিখৰ চুইছেগৈ আৰু মানৱতাৰে সম্পৰ্কীয় বহু গভীৰ ভাৱনা ইয়াত খোদিত কৰা হৈছে। যাৰ বাবে বেনাৰস সংগীত, ধৰ্ম, উদ্দীপনা আৰু জ্ঞান আৰু বিজ্ঞানৰ এটা বৃহৎ বৈশ্বিক কেন্দ্ৰ হৈ উঠিব পাৰে। তেখেতে লগতে কয় যে এই চেন্টাৰ এটা সাংস্কৃতিক কেন্দ্ৰ আৰু ভিন্ন লোকক একত্ৰিত কৰাৰ মাধ্যম হৈ উঠিব। তেখেতে কাশীৰ জনসাধাৰণক এই কেন্দ্ৰটো সংৰক্ষণ কৰিবলৈ আহ্বান জনায়।

যোৱা ৭ বছৰত বহু উন্নয়ন প্ৰকল্পৰে কাশী সজ্জিত হৈ আহিছে, ৰুদ্ৰাক্ষ অবিহনে ই কেনেদৰে পূৰ্ণতা লাভ কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। সত্য শিৱই ৰুদ্ৰাক্ষ ধাৰণ কৰা কাশী যেন উন্নয়নৰ ক্ষেত্ৰত অধিক জ্বিলিকি উঠে আৰু কাশীৰ সৌন্দৰ্য্য যেন দুগুণে চৰে, তাৰে কামনা কৰিলো বুলি কৈ তেখেতে সামৰণি মাৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Bharat Innovates' Bridge Between India’s Talented Youth And European Expertise: PM Modi

Media Coverage

'Bharat Innovates' Bridge Between India’s Talented Youth And European Expertise: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the role of diversity in innovation and entrepreneurship
June 15, 2026

The Prime Minister, Shri Narendra Modi said that in the fields of innovation and entrepreneurship, every individual has a distinct way of thinking and a unique creative vision, and it is this diversity that gives rise to new possibilities. He noted that just as every source of water has a different taste, every talent possesses its own unique identity and contribution. The Prime Minister added that innovation and progress become possible through the convergence of diverse ideas and capabilities.

The Prime Minister shared a Sanskrit Subhashitam-

“पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः।

जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे॥”

The Subhashitam conveys that in the field of innovation and enterprise, each person has a different way of thinking and a unique creative vision, and this diversity gives rise to new possibilities. Just as the taste of water differs from one source to another, every talent has its own distinct identity and contribution. It is through the combination of these different ideas and abilities that innovation and progress become possible.

The Prime Minister wrote on X;

“पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः।

जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे॥”