"সময়ৰ লগে লগে ইন্দোৰ পৰিৱৰ্তিত হৈছে, কিন্তু কেতিয়াও দেৱী অহল্যাবাঈৰ অনুপ্রেৰণা হেৰোৱা নাই"
"অহা দুবছৰৰ ভিতৰত ৭৫টা বৃহৎ পৌৰসভাত গোবৰ-ধন জৈৱ চিএনজি কেন্দ্র প্রতিষ্ঠা কৰা হ'ব"

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত ইন্দোৰত ‘গোবৰ-ধন (জৈৱ-চিএনজি) কেন্দ্রৰ উদ্বোধন কৰিছে। অনুষ্ঠানত মধ্যপ্রদেশৰ ৰাজ্যপাল মাঙ্গুভাই চি প্যালেট, মুখ্যমন্ত্রী শ্রী শিৱৰাজ সিং চৌহান, কেন্দ্রীয় মন্ত্রী শ্রী হৰদীপ সিং পুৰি সহ অন্য বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।

প্রধানমন্ত্রীয়ে ৰাণী অহল্যাবাঈক শ্রদ্ধা জনায়। ইন্দোৰ চহৰৰ সৈতে তেওঁৰ যোগসূত্রৰ কথাও স্মৰণ কৰে। তেওঁ কয়, ইন্দোৰৰ কথা ক'বলৈ গ'লে দেৱী অহল্যাবাঈ হোলকাৰৰ সেৱাৰ কথা উত্থাপিত হয়। সময়ৰ লগে লগে ইন্দোৰ পৰিৱৰ্তিত হৈছে, কিন্তু কেতিয়াও দেৱী অহল্যাবাঈৰ অনুপ্রেৰণা হেৰোৱা নাই। শ্রী মোদীয়ে কাশী বিশ্বনাথ ধামত দেৱী অহল্যাবাঈৰ সুন্দৰ মূর্তিৰ কথাও উল্লেখ কৰে।

প্রধানমন্ত্রীয়ে গোবৰ-ধন কেন্দ্রৰ গুৰুত্বৰ ওপৰত জোৰ দি জনায়, চহৰৰ গৃহস্থৰ বর্জ্য আৰু গৰু আদি পশু তথা গোহালিৰ বর্জ্যৰ পৰা জৈৱ সাৰ প্ৰস্তুত হ'ব। তেওঁ জনায়, গোবৰ-ধনৰ পৰা স্বচ্ছ ইন্ধন তথা তাৰপৰা এক সুশৃঙ্খল জীৱনযাপন সুনিশ্চিত কৰি তুলিব। অহা ২ বছৰৰ ভিতৰত ৭৫টা বৃহৎ পৌৰসভাত গোবৰ-ধন জৈৱ চিএনজি কেন্দ্র প্রতিষ্ঠা কৰা হ'ব বুলিও প্রধানমন্ত্রীয়ে জনায়। তেওঁ কয়, এই প্রচাৰাভিযানে দেশৰ চহৰক পৰিচ্ছন্ন, দূষণ মুক্ত আৰু স্বচ্ছ শক্তিৰ দিশত আগবঢ়াই লৈ যাব। তেওঁ কয়, কেৱল চহৰেই নহয়, গাঁৱতো গোবৰ-ধন কেন্দ্র প্রতিষ্ঠা কৰা হৈছে। ইয়াৰ ফলত কৃষকসকলৰ আয় বৃদ্ধি হৈছে। এই উদ্যোগ গ্রহণৰ ফলত গৰু আদি পশুপালনত থকা সমস্যা মোকাবিলাত বিশেষ সহায় হৈছে বুলিও উল্লেখ কৰে তেওঁ।

প্রধানমন্ত্রীয়ে কয়, যোৱা ৭ বছৰত চৰকাৰে দ্রুততাৰে যিকোনো সমস্যাৰ স্থায়ী সমাধান কৰাৰ চেষ্টা কৰিছে। তেওঁ কয়, স্বচ্ছ ভাৰত মিছনৰ দ্বিতীয় পৰ্যায়ত, চৰকাৰে লাখ লাখ টন আবর্জনা পৰিষ্কাৰৰ কাম কৰিছে। তেওঁ কয়, এই আবর্জনাৰ পৰাই বায়ু আৰু পানী দূষণ ঘটিছে। যাৰ পৰা নানান ৰোগে দেখা দিছে। স্বচ্ছ ভাৰত অভিযানে মহিলাসকলৰ মর্যাদা বৃদ্ধি আৰু চহৰ তথা গাঁৱৰ সৌন্দর্যায়নৰ পথ প্রশস্ত কৰিছে। অহা ২-৩ বছৰৰ ভিতৰত এই আবর্জনাৰ পাহাৰক দূৰত আঁতৰাই ৰাখি গ্রীণ জ'নলৈ ৰূপান্তৰ কৰা হ'ব বুলিও তেওঁ জনায়। ২০১৪ চনৰ পৰা দেশত আবর্জনা নিষ্কাশনৰ ক্ষমতা ৪ গুণ বৃদ্ধি পাইছে। শ্রী মোদীয়ে কয়, এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা মুক্তি পাবলৈ চৰকাৰে কেইবাটাও পদক্ষেপ গ্রহণ কৰিছে।

প্রধানমন্ত্রীয়ে স্বচ্ছতা আৰু পর্যটনৰ মাজত যোগসূত্রৰ কথা উত্থাপন কৰে। তেওঁ কয়, স্বচ্ছতাই পর্যটনৰ দিশক আগবঢ়াই লৈ যায় আৰু এটা নতুন অর্থনীতিৰ জন্ম দিয়ে। এই সংযোগৰ উদাহৰণ হিচাপে তেওঁ পৰিচ্ছন্ন চহৰ হিচাপে ইন্দোৰৰ সাফল্যৰ কথা উল্লেখ কৰে। তেওঁ কয়, “ভাৰতীয় চহৰবিলাকত চৰকাৰে এই ধৰণৰ প্রয়াস চালাই গৈছে। স্বচ্ছ ভাৰত মিছনৰ দ্বিতীয় পর্যায়ৰ ওপৰত বিশেষ জোৰ দিয়া হৈছে”।

প্রধানমন্ত্রীয়ে পেট্রোলৰ সৈতে ইথানল মিশ্রণ বৃদ্ধিৰ কথা উল্লেখ কৰে। তেওঁ কয়, যোৱা ৭-৮ বছৰত এই মিশ্রণৰ হাৰ ১ শতাংশৰ পৰা বৃদ্ধি পাই ৮ শতাংশ হৈছে। এই সময়ৰ ভিতৰত ইথানলৰ সৰবৰাহৰ পৰিমাণ উল্লেখযোগ্যভাৱে বাঢ়িছে। তেওঁ কয়, যোৱা কেইবছৰ মানত এই ইথানল সৰবৰাহ ৪০ কোটি লিটাৰৰ পৰা বাঢ়ি ৩০০ কোটি লিটাৰ হৈছে। ইয়াৰ ফলত চেনিকল আৰু কৃষকসকলৰ সহায় হৈছে।

বাজেটৰ বিভিন্ন গুৰুত্বপূর্ণ সিদ্ধান্তৰ কথাও আজি উল্লেখ কৰে প্রধানমন্ত্রীয়ে। কয়লাভিত্তিক বিদ্যুৎ উৎপাদন কেন্দ্রবিলাকত ফচলৰ অৱশিষ্টাংশ ব্যৱহাৰ কৰা হ'ব বুলি সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয়, “ই কৃষকসকলৰ সমস্যা দূৰ কৰাত সহায় কৰিব আৰু কৃষি-বর্জ্যৰ পৰা কৃষকসকলৰ বাবে অতিৰিক্ত আয়ৰ সুযোগ কৰি দিব”।

প্রধানমন্ত্রীয়ে আজি স্বচ্ছতাৰ বাবে অক্লান্ত পৰিশ্রম কৰি চলা দেশৰ লাখ লাখ চাফাই কর্মীৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰে। মহামাৰীৰ সময়ত তেওঁলোকৰ সেৱামূলক কাম চলাই যোৱাৰ বাবে বিশেষভাৱে ধন্যবাদ জনায় প্রধানমন্ত্রীয়ে। কুম্ভৰ সময়ত প্রয়াগৰাজত ভৰি ধুই চাফাই কৰ্মীসকলৰ প্রতি যি সন্মান দেখুৱাইছিল সেই কথাও উল্লেখ কৰে তেওঁ।

প্রেক্ষাপট :

সম্প্রতি প্রধানমন্ত্রীয়ে ‘আবর্জনামুক্ত চহৰ’ নিৰ্মাণৰ সামগ্রিক দৃষ্টিভঙ্গী লৈ স্বচ্ছ ভাৰত মিছনে চহৰাঞ্চল ২.০ৰ সূচনা কৰিছে। এই মিছনে ‘বর্জ্যৰ পৰা সম্পদ’ আৰু সর্বাধিক সম্পদ পুনৰুদ্ধাৰত ‘বৃত্তাকাৰ অর্থনীতি’ৰ প্রধান নীতিৰ আওতাত বাস্তবায়িত হৈছে। এই দুটা বিষয়ৰ উদাহৰণ হ'ল ইন্দোৰৰ এই জৈৱ চিএনজি কেন্দ্র।

এই কেন্দ্রৰ দৈনিক ৫৫০ টন ভিজা জৈৱ বর্জ্য শোধন কৰাৰ ক্ষমতা আছে। দৈনিক প্রায় ১৭ হাজাৰ কেজি চিএনজি আৰু দৈনিক ১০০ টন জৈৱ সাৰ উৎপাদন কৰা যাব এই কেন্দ্রৰ পৰা। এই কেন্দ্রটোৱে শূন্য লেণ্ডফিল মডেলৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। গ্রীণহাউছ গেছ নির্গমন হ্রাস, জৈৱ সাৰ প্ৰস্তুত কৰাৰ দৰে একাধিক সুবিধা আছে এই কেন্দ্রত।

ইন্দোৰ ক্লিন এনার্জি প্রাইভেট লিমিটেডে এই প্রকল্প বাস্তবায়নত এখন বিশেষ উদ্দেশ্যমূলক যান সাজু কৰিছে। ইন্দোৰ পৌৰনিগম আৰু ইন্দোৰ এনভাইৰো ইন্টিগ্রেটেড ছলিউশন লিমিটেডে বেচৰকাৰী অংশীদাৰিত্বৰ আওতাত এই প্রকল্প বাস্তবায়নত দেৰশ কোটি টকা মূলধন বিনিয়োগ কৰিছে। ইন্দোৰ পৌৰনিগমে এই কেন্দ্রত উৎপাদিত ন্যূনতম ৫০ শতাংশ চিএনজি কিনি ল'ব। এই চিএনজিৰ মাধ্যমত ২৫০খন চহৰ কেন্দ্রিক বাছ চলোৱা হ'ব। বাকী পৰিমাণ চিএনজি খোলা বজাৰত বিক্রী কৰা হ'ব। এই কেন্দ্রত প্ৰস্তুত জৈৱ সাৰ কৃষি আৰু উদ্যান পালনৰ বাবে ব্যৱহৃত হ'ব।

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry

Media Coverage

How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi Chairs Second High-Level Meeting with Secretaries of Government of India
July 28, 2026
Sectors discussed: Finance and Economy, Commerce and Industry, and Technology
PM emphasises the need to break both horizontal and vertical silos within the Government
PM emphasises the importance of technological self-reliance and building domestic capabilities in critical sectors
PM encourages greater participation of young innovators and entrepreneurs in cybersecurity ecosystem
PM Stresses Proactive Outreach on Strategic Sectors to Counter Misinformation
PM says Govt must always remain youthful, dynamic and forward-looking, continuously adapting to new challenges and opportunities with agility and innovation
Secretaries share experiences and perspectives on key initiatives, emerging opportunities and implementation challenges

Prime Minister Shri Narendra Modi chaired the second high-level meeting with Secretaries to the Government of India at his residence at 7, Lok Kalyan Marg earlier today. He reviewed the future action agenda of Ministries and Departments dealing with Finance and Economy, Commerce and Industry, and Technology sectors. The meeting focused on accelerating progress towards the goals of Viksit Bharat.

Prime Minister called for a strong focus on team building across Ministries and Departments, urging officers to work with a shared sense of purpose. He emphasised the need to break both horizontal and vertical silos within the Government so that departments function in close coordination and deliver integrated outcomes.

Highlighting the importance of citizen-centric governance, Prime Minister said that the people of India must remain at the centre of governance. He reminded that every decision and policy should be guided by the interests and aspirations of the common citizen.

Prime Minister stressed that while India is making significant investments in infrastructure, equal priority must be given to developing indigenous technologies. He underscored the importance of technological self-reliance and building domestic capabilities in critical sectors.

Prime Minister underlined that energy security is closely linked with national security, economic stability and citizens’ welfare. Prime Minister said India must achieve self-reliance in the energy sector through innovation, diversification and accelerated capacity creation.

Emphasising that reforms are not merely a fashionable term but a continuous necessity for effective governance, Prime Minister stressed the need to reform processes, improve work culture and strengthen institutional efficiency.

Prime Minister said that growing use of technology must be accompanied by a strong focus on cybersecurity to safeguard digital systems and infrastructure. He stressed the need for constant vigilance against emerging cyber threats. He called for encouraging greater participation of young innovators and entrepreneurs in the cybersecurity ecosystem and emphasised that it should evolve into a nationwide movement.

Prime Minister also emphasised the importance of proactive communication on strategic sectors where the country is undertaking major initiatives, to counter misinformation and unfounded fears surrounding such efforts.

Prime Minister says that new academic courses should be planned in partnership with industry to equip the workforce with skills required by emerging and future industries. He also observed that a government must always remain youthful, dynamic and forward-looking, continuously adapting to new challenges and opportunities with agility and innovation.

The meeting featured detailed discussions by Secretaries on the progress, priorities and implementation issues across their respective domains. The meeting was attended by the Cabinet Secretary, Secretaries of key Ministries and Departments, and senior officials from the Prime Minister’s Office.