প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যশোভূমি দ্বাৰকা ছেক্টৰ ২৫ত দ্বাৰকা ছেক্টৰ ২১ ৰপৰা এটা নতুন মেট্ৰ' ষ্টেচন 'যশোভূমি দ্বাৰকা ছেক্টৰ ২৫'লৈ দিল্লী এয়াৰপ'ৰ্ট মেট্ৰ' এক্সপ্ৰেছ লাইনৰ সম্প্ৰসাৰিত অংশ উদ্বোধন কৰে। এই নতুন মেট্ৰ' ষ্টেচনৰ তিনিটা চাবৱে' থাকিব যথাঃ ষ্টেচনটোৰপৰা প্ৰদৰ্শনী হল, সন্মিলন কেন্দ্ৰ আৰু চেন্ট্ৰেল এৰেনালৈ সংযোগী ৭৩৫ মিটাৰ দৈৰ্ঘ্যৰ চাবৱে'; আনটোৱে সমগ্ৰ দ্বাৰকা এক্সপ্ৰেছৱে'ৰ প্ৰৱেশ/প্ৰস্থান বিন্দুক সংযোগ কৰিছে; তৃতীয়টোৱে 'যশোভূমি'ৰ আগন্তুক প্ৰদৰ্শনী হলৰ ফয়'ৰৰ সৈতে মেট্ৰ' ষ্টেচনটোক সংযোগ কৰিছে।

তদুপৰি দিল্লী মেট্ৰ'য়ে এয়াৰপ'ৰ্ট এক্সপ্ৰেছ লাইনত মেট্ৰ' ৰেলৰ অপাৰেচনেল স্পীড প্ৰতি ঘন্টাত ৯০ ৰপৰা ১২০ কিঃমিঃলৈ বৃদ্ধি কৰিব। 'নতুন দিল্লী' ৰপৰা 'যশোভূমি দ্বাৰকা ছেক্টৰ ২৫'লৈ প্ৰায় ২১ মিনিট লাগিব।

প্ৰধানমন্ত্ৰীগৰাকী ঢৌলা কোৱান মেট্ৰ' ষ্টেচনৰপৰা মেট্ৰ'ত উঠি যশোভূমি দ্বাৰকা ছেক্টৰ ২৫ মেট্ৰ' ষ্টেচনত উপস্থিত হয়হি।

 প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্সত এইদৰে প'ষ্ট কৰেঃ

“দিল্লী মেট্ৰ'ত আনন্দৰ বন্যা বৈছে! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যশোভূমি সন্মিলন কেন্দ্ৰৰ পৰ্য্যায়-১ৰ উদ্বোধন কৰিবলৈ দ্বাৰকালৈ যাত্ৰাপথত ভিন্ন স্তৰৰ লোকসকলৰ সৈতে মত-বিনিময় কৰে।”

 

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প'ষ্ট কৰেঃ

“দ্বাৰকালৈ অহা-যোৱা কৰা স্মৰণীয় মেট্ৰ' যাত্ৰাত ভিন্ন স্তৰৰ সহ-যাত্ৰীসকলে ইয়াক অধিক বিশেষ কৰি তোলে।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre allows 100% FDI in insurance via auto route

Media Coverage

Centre allows 100% FDI in insurance via auto route
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog
May 02, 2026

Prime Minister Shri Narendra Modi has congratulated Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog.

The Prime Minister noted that their rich experience and deep understanding of various issues will greatly strengthen policymaking. Shri Modi expressed confidence that their contributions will help drive innovation and growth across sectors. He also wished them a very productive and impactful tenure ahead.

The Prime Minister posted on X:

"Congratulations to Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog. Their rich experience and deep understanding of various issues will greatly strengthen policy making. I am confident their contributions will help drive innovation and growth across sectors. Wishing them a very productive and impactful tenure ahead."