“কৰ্ণাটকৰ অৱদান অবিহণে ভাৰতৰ পৰিচয়, পৰম্পৰা আৰু অনুপ্ৰেৰণা সংজ্ঞায়িত কৰিব নোৱাৰি”
“প্ৰাচীন কালৰ পৰাই কৰ্ণাটকে ভাৰতত হনুমানৰ ভূমিকা পালন কৰি আহিছে”
“কোনো যুগান্তকাৰী অভিযান যদি অযোধ্যাৰ পৰা আৰম্ভ হৈ ৰামেশ্বৰলৈ গতি কৰে, তেন্তে ই কেৱল কৰ্ণাটকতহে শক্তিসমৃদ্ধ হয়”
“অনুভৱ মন্তাপ’ৰ জৰিয়তে ভগৱান বাসৱেশ্বৰে প্ৰদান কৰা গণতান্ত্ৰিক শিক্ষা ভাৰতৰ বাবে আলোক-ৰশ্মিস্বৰূপ”
“কৰ্ণাটক হৈছে পৰম্পৰা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰ। ঐতিহাসিক সংস্কৃতিৰ লগতে আধুনিক কৃত্ৰিম বুদ্ধিমত্তাও আছে ইয়াত”
“২০০৯-২০১৪ৰ মাজৰ পাঁচোটা বছৰত কৰ্ণাটকে ৰে’ল প্ৰকল্পত ৪ হাজাৰ কোটি টকা লাভ কৰিছিল, আনহাতে কেৱল এই বছৰৰ বাজেটে কৰ্ণাটকৰ ‘ৰে’ল ইনফ্ৰা’ৰ বাবে ৭ হাজাৰ কোটি টকাৰ পুঁজি আৱণ্টন দিছে”
“কানাড়া সংস্কৃতিৰ চিত্ৰায়ণ কৰা চলচ্চিত্ৰসমূহে ‘অ-কন্নাদিগা’ দৰ্শকৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে কৰ্ণাটকৰ বিষয়ে অধিক জনাৰ বাবে উত্সুকতাৰ সৃষ্টি কৰিছিল। এই উত্সুকতাৰ সদ্ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা আছে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত 'বৰিচু কানাড়া ডিম ডিমাভা' সাংস্কৃতিক মহোৎসৱ উদ্বোধন কৰে। তেওঁ পদব্ৰজে প্ৰদৰ্শনীখন পৰিদৰ্শনো কৰে। ‘আজাদী কা অমৃত মহোৎসৱ’ৰ সৈতে সংগতি অনুষ্ঠিত হোৱা মহোত্সৱত কৰ্ণাটকৰ সংস্কৃতি, পৰম্পৰা আৰু ইতিহাসৰ উদযাপন কৰা হৈছে।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘দিল্লী-কৰ্ণাটক সংঘ’ই গৌৰৱময় ঐতিহ্যক আগুৱাই নিছে। তেওঁ মন্তব্য কৰে যে ‘দিল্লী কৰ্ণাটক সংঘ’ৰ ৭৫সংখ্যক বাৰ্ষিকী উদযাপন এনে এক সময়ত অনুষ্ঠিত হৈছে যি সময়ত দেশখনে স্বাধীনতাৰ ৭৫ বছৰীয়া ‘অমৃত মহোৎসৱ’ উদযাপন কৰি আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ৭৫ বছৰ আগৰ পৰিস্থিতি বিশ্লেষণ কৰোঁতে ভাৰতৰ অমৰ আত্মাৰ সাক্ষী হ'ব পৰা যায়।  "কৰ্ণাটক সংঘৰ প্ৰতিষ্ঠা হৈছে ইয়াৰ প্ৰথম কেইবছৰমানত দেশক শক্তিশালী কৰাৰ বাবে জনসাধাৰণ গ্ৰহণ কৰা সংকল্প আৰু আজি অমৃত কালৰ আৰম্ভণিতে যে সমৰ্পণ আৰু শক্তি একে পৰিমাণে দৃশ্যমান হৈছে তাৰেই প্ৰমাণ" বুলি তেওঁ মন্তব্য কৰে। তেওঁ কৰ্ণাটক সংঘৰ এই ৭৫ বছৰীয়া যাত্ৰাৰ অংশীদাৰ হোৱা সকলোকে প্ৰশংসা কৰে।

"কৰ্ণাটকৰ অৱদান অবিহনে ভাৰতৰ পৰিচয়, পৰম্পৰা আৰু অনুপ্ৰেৰণাৰ সংজ্ঞা নিৰ্ধাৰণ কৰিব নোৱাৰি" বুলি অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে। 'পৌৰানিক কাল'ত হনুমানৰ ভূমিকাৰ সৈতে সাদৃশ্য অংকন কৰি প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকে ভাৰতৰ বাবে একে ধৰণৰ ভূমিকা পালন কৰিছে বুলি উল্লেখ কৰি কয় যে যদিও যুগান্তকাৰী অভিযান অযোধ্যাত আৰম্ভ হৈছিল আৰু ৰামেশ্বৰমত সমাপ্ত হৈছিল তথাপিও ই কৰ্ণাটকতহে শক্তিসমৃদ্ধ হৈছিল।

প্ৰধানমন্ত্ৰীয়ে মধ্যযুগৰ কথা উল্লেখ কৰি কয় যে যেতিয়া আক্ৰমণকাৰীসকলে দেশখন তছনছ কৰি সোমনাথৰ দৰে শিৱলিংগ ধ্বংস কৰিছিল, ‘দেৱৰা দাসীময়া’, ‘মদাৰা চেন্নাইয়াহ’, ‘দোহাৰা কক্কিয়াহ’ আৰু ভগৱান বাসৱেশ্বৰৰ দৰে সাধুসকলে মানুহক তেওঁলোকৰ আস্থাৰ সৈতে সংযোজিত কৰিছিল। একেদৰে, ৰাণী আব্বাক্কা, ওনাকে ওবাভা, ৰাণী চেন্নাম্মা, ক্ৰান্তিবীৰা চাংগোলী ৰায়ন্নাৰ দৰে যোদ্ধাসকলে বিদেশী শক্তিৰ মুখামুখি হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয়, স্বাধীনতাৰ পিছত কৰ্ণাটকৰ বিশিষ্ট ব্যক্তিসকলে ভাৰতক অনুপ্ৰাণিত কৰি আহিছে।

প্ৰধানমন্ত্ৰীয়ে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ মন্ত্ৰ সাৰোগত কৰি কৰাৰ বাবে কৰ্ণাটকৰ জনসাধাৰণক প্ৰশংসা কৰে। তেওঁ কবি কুভেম্পুৰ 'নাদা গীতে'ৰ কথাও উল্লেখ কৰে আৰু শ্ৰদ্ধাৰ গীতটোত ৰাষ্ট্ৰীয় অনুভূতি সুন্দৰকৈ প্ৰকাশ কৰাৰ বাবে প্ৰশংসা কৰে। "এই গীতটোত ভাৰতৰ সভ্যতাৰ উল্লেখ কৰাৰ লগতে কৰ্ণাটকৰ ভূমিকা আৰু গুৰুত্ব বৰ্ণনা কৰা হৈছে। এই গীতটোৰ আত্মাক হ্দয়ংগম কৰিলে আমি ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ অন্তৰ্নিহিত অৰ্থকো বুজিব পাৰিম"বুলি  তেওঁ উল্লেখ কৰে।

ভাৰতে যেতিয়া ‘জি-২০’ৰ দৰে এক গোলকীয় মঞ্চৰ সভাপতিত্ব কৰি আছে সেই সময়ত ই ‘গণতন্ত্ৰৰ মাতৃ’ৰ আদৰ্শৰে পৰিচালিত হয় বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে 'অনুভৱ মন্তপা'ৰ জৰিয়তে ভগৱান বাসেশ্বৰৰ শপত আৰু গণতান্ত্ৰিক উপদেশসমূহ হৈছে ভাৰতৰ বাবে পোহৰৰ ৰশ্মিস্বৰূপ। প্ৰধানমন্ত্ৰীয়ে লণ্ডনত ভগৱান বাসেশ্বৰৰ মূৰ্তিৰ লগতে কেইবাটাও ভাষাত তেওঁৰ শপতসংকলনৰ উদ্বোধন কৰাৰ বাবে সুযোগ লাভ কৰি পোৱা আনন্দ কথা প্ৰকাশ কৰে। "এয়া কৰ্ণাটকৰ আদৰ্শৰ অমৰত্ব আৰু ইয়াৰ প্ৰভাৱৰ প্ৰমাণ" বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, "কৰ্ণাটক হৈছে পৰম্পৰা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰ। ইয়াৰ ঐতিহাসিক সংস্কৃতিৰ লগতে আধুনিক কৃত্ৰিম বুদ্ধিমত্তাও আছে"। তেওঁ দিনটোৰ আৰম্ভণিতে জাৰ্মান চেঞ্চেলৰ শ্ৰী ওলাফ শ্চোলজক সাক্ষাৎ কৰাৰ কথা স্মৰণ কৰি কাইলৈ বাংগালুৰুত তেওঁৰ পৰৱৰ্তী কাৰ্যসূচী অনুষ্ঠিত হ'ব বুলি আনন্দ প্ৰকাশ কৰে। তেওঁ জনাই যে বাংগালুৰুত ‘জি-২০’ৰ এখন গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ সাক্ষাৎ কৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিকসকলক ভাৰতৰ প্ৰাচীন আৰু আধুনিক দুয়োটা দিশ প্ৰদৰ্শন কৰি আহিছে। তেওঁ পুনৰ কয় যে পৰম্পৰা আৰু প্ৰযুক্তি হৈছে নতুন ভাৰতৰ মনঃস্তত। তেওঁ কয় যে দেশখন উন্নয়ন আৰু ঐতিহ্য আৰু প্ৰগতি আৰু পৰম্পৰাৰ সৈতে একেলগে আগবাঢ়িবলৈ লৈছে। এফালে ভাৰতে ইয়াৰ প্ৰাচীন মন্দিৰ আৰু সাংস্কৃতিক কেন্দ্ৰসমূহ পুনৰুজ্জীৱিত কৰি আছে, আনহাতে ডিজিটেল পৰিশোধৰ ক্ষেত্ৰতো ই বিশ্বৰ নেতা হিচাপে পৰিগণিত হোৱা কথাত তেওঁ গুৰুত্ব আৰোপ কৰে।

তেওঁ উল্লেখ কৰে যে আজিৰ ভাৰতে ইয়াৰ পৰা চুৰি হোৱা শতিকা পুৰণি মূৰ্তি আৰু শিল্পকলা বিদেশৰ পৰা ঘূৰাই আনিছে, আনহাতে ই অভিলেখ পৰিমাণৰ ‘এফডিআই’য়ো আনি আছে। "এইটো নতুন ভাৰতৰ উন্নয়নৰ পথ যি আমাক এখন উন্নত ৰাষ্ট্ৰৰ লক্ষ্যলৈ লৈ যাব"বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

"আজি কৰ্ণাটকৰ উন্নয়ন দেশৰ বাবে আৰু কৰ্ণাটক চৰকাৰৰ বাবে এক শীৰ্ষস্থানীয় প্ৰাথমিকতা।" তেওঁ জনায় যে ২০০৯-২০১৪ বৰ্ষৰ ভিতৰত কেন্দ্ৰই কৰ্ণাটকক ১১ হাজাৰ কোটি টকা প্ৰদান কৰিছিল, আনহাতে ২০১৯-২০২৩ বৰ্ষৰ এই পৰ্যন্ত ৩০ হাজাৰ কোটি টকা প্ৰেৰণ কৰিছে।  ২০০৯-২০১৪ বৰ্ষৰ ভিতৰত কৰ্ণাটকে ৰে'ল প্ৰকল্পত ৪ হাজাৰ কোটি টকা লাভ কৰিছিল, আনহাতে কেৱল এই বছৰৰ বাজেটে কৰ্ণাটক ৰে'ল ইনফ্ৰাৰ বাবে ৭ হাজাৰ কোটি টকাৰ পুঁজি আৱণ্টন দিছে। কৰ্ণাটকৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহে সেই ৫ বছৰত ৬ হাজাৰ কোটি টকা লাভ কৰিছিল আনহাতে, যোৱা ৬টা বছৰত কৰ্ণাটকে ইয়াৰ ঘাইপথৰ বাবে প্ৰতি বছৰে ৫ হাজাৰ কোটি টকা পৰিমাণৰ বিনিয়োগ লাভ কৰিছিল।

বৰ্তমানৰ চৰকাৰে ‘ভদ্ৰা প্ৰকল্প’ৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰাৰ লগতে এই সমূহ উন্নয়নে কৰ্ণাটকৰ চেহেৰা দ্ৰুতগতিত সলনি কৰিবলৈ ধৰিছে বুলি অভিমত প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ‘দিল্লী কৰ্ণাটক সংঘ’ৰ ৭৫টা বছৰে বিকাশ, প্ৰাপ্তি আৰু জ্ঞানৰ ক্ষেত্ৰত বহুতো গুৰুত্বপূৰ্ণ মুহূৰ্তক আগবঢ়াই আনিছে। পৰৱৰ্তী ২৫টা বছৰৰ গুৰুত্ব সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে ‘অমৃত কাল’ আৰু ‘দিল্লী কৰ্ণাটক সংঘ’ৰ পৰৱৰ্তী ২৫টা বছৰত গ্ৰহণ কৰিব পৰা গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ জ্ঞান আৰু কলাৰ ক্ষেত্ৰত কেন্দ্ৰীয় গুৰুত্ব ৰখাত গুৰুত্ব আৰোপ কৰাৰ লগতে কানাড়া ভাষা আৰু ইয়াৰ সমৃদ্ধ সাহিত্যৰ সৌন্দৰ্যত আলোকপাত কৰা উচিত বুলি মন্তব্য কৰে। কানাড়া ভাষাৰ পঢ়ুৱৈৰ সংখ্যা বহুত বেছি আৰু প্ৰকাশকসকলে প্ৰকাশৰ কেইসপ্তাহমানৰ ভিতৰতে এখন ভাল কিতাপ পুনৰ মুদ্ৰণ কৰিবলগীয়া হয় বুলিও অভিমত দাঙি ধৰে।

কলাৰ ক্ষেত্ৰখনত কৰ্ণাটকৰ অসাধাৰণ সাফল্যৰ প্ৰসংগত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ্ণাটক ‘কামচেল’ৰ পৰা কৰ্ণাটকী সংগীতশৈলীলৈকে আৰু ‘ভাৰতনাট্যম’ৰ পৰা ‘যক্ষগান’লৈকে শাস্ত্ৰীয় আৰু জনপ্ৰিয় দুয়োটা কলাৰেই সমৃদ্ধ। ‘কৰ্ণাটক সংঘ’ই এই কলা শৈলীসমূহৰ জনপ্ৰিয়কৰণৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে এই প্ৰচেষ্টাসমূহক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। এনেবোৰ কাৰ্যক্ৰমলৈ ‘অন-কন্নাদিগা’ পৰিয়ালসমূহক অনাৰ বাবে দিল্লীৰ কন্নাদিগা পৰিয়ালসমূহক প্ৰদেষ্টা লবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে কানাড়া সংস্কৃতিক চিত্ৰায়িত কৰা কিছুমান চলচ্চিত্ৰ অ-কন্নাদিগা দৰ্শকৰ মাজত অতি জনপ্ৰিয় হোৱা দেখা যায় আৰু তেওঁলোকে আকৰ্ণাটকৰ বিষয়ে অধিক জানিবলৈ উত্সুকতা প্ৰদৰ্শনো কৰে। "এই উত্সুকতাৰ সুযোগ গ্ৰহণ কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে। প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণকাৰী শিল্পী আৰু পণ্ডিতসকলক ‘ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক’, ‘প্ৰধানমন্ত্ৰীৰ সংগ্ৰাহালয়’ আৰু ‘কৰ্তব্য পথ’ পৰিদৰ্শন কৰিবলৈ অনুৰোধ জনায়।

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বতে উদযাপন কৰা 'আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ'ৰ কথাও উল্লেখ কৰি কয় যে কৰ্ণাটক ভাৰতীয় মিলেট অৰ্থাৎ 'শ্ৰী ধন্য'ৰ মুখ্য কেন্দ্ৰ হৈ আহিছে। "শ্ৰী আন্না ৰাগী কৰ্ণাটকী সংস্কৃতি আৰু সামাজিক পৰিচয়ৰ এটা অংশ" বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে ইয়েদুৰাপ্পাজীৰ সময়ৰ পৰা কৰ্ণাটকত 'শ্ৰী ধন্য'ৰ প্ৰচাৰৰ বাবে আৰম্ভ কৰা কাৰ্যসূচীসমূহৰ প্ৰসংগত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে সমগ্ৰ দেশে কন্নাদিগাসকলৰ পথ অনুসৰণ কৰিবলৈ লৈছে আৰু মোটা খাদ্যশস্যক 'শ্ৰী অন্ন' বুলি ক’বলৈ আৰম্ভ কৰিছে। সমগ্ৰ বিশ্বই 'শ্ৰী অন্ন' ৰ সুফলসমূহক স্বীকৃতি দিছে বুলি উল্লেখ কৰি তেওঁ ইয়াৰ চাহিদা অনাগত সময়ত আৰু বৃদ্ধি পাব, যাৰ ফলত কৰ্ণাটকৰ কৃষকসকল যথেষ্ট উপকৃত হ'ব বুলি অভিমত প্ৰকাশ কৰে।

ভাষণ সমাপ্ত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া ভাৰতে ২০৪৭ চনত উন্নত ৰাষ্ট্ৰ হিচাপে স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিবগৈ তেতিয়া ভাৰতৰ গৌৰৱময় ‘অমৃত কাল’ত ‘দিল্লী কৰ্ণাটক সংঘ’ৰ অৱদানৰ বিষয়েও আলোচনা কৰা হ'ব, কিয়নো ই তেতিয়া ইয়াৰ শততম বৰ্ষত প্ৰৱেশ কৰিবগৈ।

কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বাসৰাজ বোম্মাই, অদিচুনচনাগিৰি মঠৰ স্বামীজী, উদযাপন সমিতিৰ সভাপতি শ্ৰী নিৰ্মলানন্দনাথ, শ্ৰী চি টি ৰবি আৰু দিল্লী কৰ্ণাটক সংঘৰ সভাপতি শ্ৰী চি এম নাগাৰাজ অন্যান্যসকলৰ সৈতে এই অনুষ্ঠানত উপস্থিত আছিল।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Key Partner In Indian Ocean': PM Modi's Landmark Address In Seychelles Parliament

Media Coverage

'Key Partner In Indian Ocean': PM Modi's Landmark Address In Seychelles Parliament
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
State Visit of Prime Minister to Seychelles
June 28, 2026

As part of Prime Minister Shri Narendra Modi’s State Visit to Seychelles from 27-29 June 2026, Prime Minister and the President of Seychelles, H.E. Dr. Patrick Herminie today held official talks at the State House in Victoria, Mahe.

The talks covered the full spectrum of bilateral relations, with the leaders agreeing to further strengthen cooperation in health, education, capacity building, digital transformation, sustainable development, social infrastructure, renewable energy, maritime security and defence. They also exchanged views on regional and global developments, including challenges in the Indian Ocean region, such as illegal fishing, drug trafficking and piracy. Both leaders expressed satisfaction at the progress made in the implementation of projects and initiatives under the Special Economic Package announced by India. Prime Minister reaffirmed India’s commitment to supporting the development priorities of Seychelles and to further deepen the close and enduring partnership between the two countries.

Following the official talks, both leaders released a joint commemorative logo marking 50 years of the establishment of diplomatic relations between the two countries. Several MoUs/agreements in the fields of Capacity Building, UPI, Health, Agriculture, Shipping, Space, Extradition and Line of Credit were exchanged thereafter. The amount of the Line of Credit stands at INR 1250 crores. The full list of MoUs/agreements may be seen here [link]. In addition, several announcements in the fields of food security, infrastructure, health, vocational training, maritime security and defence were made in support of the development needs of Seychelles. The details of these announcements may be seen here [link]. Seychelles also announced that it is joining the Coalition for Disaster Resilient Infrastructure [CDRI].

Later in the day, Prime Minister addressed an Extraordinary Sitting of the National Assembly of Seychelles, becoming the first Indian Prime Minister to do so. In his address, he highlighted the historical bonds of friendship between India and Seychelles and underscored the shared values of democracy, rule of law and people-centric governance that guide the two countries. He noted that mutual trust and close cooperation have shaped a robust partnership spanning development cooperation, maritime security, technology, innovation, health and capacity building. Prime Minister also called for enhanced parliamentary exchanges between the two democracies. The full address of Prime Minister may be seen here [link]

The Leader of Opposition of Seychelles, H.E. Mr. Bernard Georges, also called on Prime Minister. The two leaders discussed India-Seychelles bilateral ties and conveyed their strong support to further build the special friendship between the two countries.