প্ৰধানমন্ত্ৰীয়ে পতাকা জোকাৰি দুখন নতুন ‘অমৃত ভাৰত ৰে'ল’ৰ যাত্ৰাৰম্ভ কৰাৰ লগে লগে ‘অমৃত ভাৰত ৰে'ল’ৰ প্ৰচলনৰো শুভাৰম্ভ ঘোষিত হয়
প্ৰধানমন্ত্ৰীয়ে ছখন নতুন ‘বন্দে ভাৰত ৰে'ল’ৰ যাত্ৰাৰম্ভ ঘোষণা কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনৰ্বিকশিত ‘অযোধ্যা ৰে'ল ষ্টেশ্যন’ উদ্বোধন কৰাৰ লগতে নতুন ‘অমৃত ভাৰত ৰে'ল’ আৰু ‘বন্দে ভাৰত ৰে'ল’ৰ শুভাৰম্ভ ঘোষিত হয়। তেওঁ আন কেবাটাও ৰে’ল প্ৰকল্পও দেশবাসীলৈ উৎসৰ্গা কৰে।

ইয়াৰ পিছত অনুষ্ঠিত এক ৰাজহুৱা কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীয়ে কয় যে ‘অযোধ্যা ধাম ৰে'ল ষ্টেশ্যন’-য়ে ইমানদিনে ১০ হাজাৰ লোকলৈ সেৱা আগবঢ়াই আহিছিল যদিও এতিয়া পুনৰনিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত ই ৬০ হাজাৰ লোকলৈ সেৱা আগবঢ়াব পৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে ‘বন্দে ভাৰত’ আৰু ‘নমো ভাৰত’ৰ পিছত নতুন ৰে'ল শৃংখলা 'অমৃত ভাৰত' ৰে'লৰ বিষয়ে অৱগত কৰাৰ লগতে প্ৰথমখন ‘অমৃত ভাৰত ৰে'ল’ অযোধ্যাৰ মাজেৰে যোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে। তেওঁ উত্তৰ প্ৰদেশ, দিল্লী, বিহাৰ, পশ্চিম বংগ আৰু কৰ্ণাটকৰ লোকসকলক আজি এই ৰে'লসমূহ লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

 

আধুনিক ‘অমৃত ভাৰত ৰে’ল’ৰ অভিপ্ৰেত উদ্দেশ্য- দৰিদ্ৰ লোকসকলৰ প্ৰতি আগবঢ়োৱা সেৱাৰ অনুভূতি প্ৰসংগত আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে। "যিসকল লোকে প্ৰায়ে তেওঁলোকৰ কামৰ বাবে দূৰণিলৈ ভ্ৰমণ কৰে, আৰু যিসকলৰ ইমান উপাৰ্জন নাই, তেওঁলোকো আধুনিক সুবিধা আৰু আৰামদায়ক ভ্ৰমণৰ অধিকাৰী। দৰিদ্ৰ লোকসকলৰ জীৱনৰ মৰ্যাদাৰ কথা মনত ৰাখি এই ৰে'লসমূহৰ প্ৰচলন কৰা হৈছে," তেওঁ লগতে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে উন্নয়নক ঐতিহ্যৰ সৈতে সংযুক্ত কৰাৰ ক্ষেত্ৰত ‘বন্দে ভাৰত ৰে'ল’সমূহে কি ভূমিকা পালন কৰি আছে সেই সন্দৰ্ভতো আলোকপাত কৰে। "দেশৰ প্ৰথমখন ‘বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল’ কাশীৰ পৰা চলিছিল। আজি ‘বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল’সমূহ দেশৰ ৩৪টা পথত চলি আছে। ‘বন্দে ভাৰত’-য়ে কাশী, কাটৰা, উজ্জয়িনী, পুষ্কৰ, তিৰুপতি, শিৰডী, অমৃতসৰ, মাদুৰাই, আস্থাৰ প্ৰতিটো ডাঙৰ কেন্দ্ৰকে সংযোগ কৰিছে। এই শৃংখলাত আজি অযোধ্যাই ‘বন্দে ভাৰত ৰে'ল’ৰ উপহাৰো লাভ কৰিছে," বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে।

পুনৰ্বিকশিত ‘অযোধ্যা ৰে’ল ষ্টেশ্যন’ৰ প্ৰথমটো পৰ্যায় - যাক ‘’অযোধ্যা ধাম জংশ্যন ৰেল ষ্টেশ্যন’ বুলি জনা যায় - ২৪০ কোটি টকাতকৈয়ো অধিক ব্যয়েৰে বিকশিত কৰা হৈছে। তিনিমহলীয়া আধুনিক ষ্টেশ্যন ভৱনটোত সকলো আধুনিক বৈশিষ্ট যেনে ‘লিফ্ট’, ‘এস্কেলেটৰ’, ‘ফুড প্লাজা’, পূজাৰ প্ৰয়োজনীয় সা-সামগ্ৰীৰ দোকান, ‘ক্ল'ক ৰুম’, ‘চাইল্ড কেয়াৰ ৰুম’, ‘ৱেটিং হল’ আদি আছে। ষ্টেশ্যন ভৱনটো 'সকলোৰে বাবে প্ৰৱেশ অনুকূল' আৰু 'আইজিবিচি’ প্ৰমাণিত সেউজ কেন্দ্ৰ ভৱন' হ'ব।

টঅযোধ্যা ধাম জংশ্যন ৰে'ল ষ্টেশ্যনটৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে দেশত এক নতুন শ্ৰেণীৰ ‘ছুপাৰফাষ্ট’ যাত্ৰীবাহী ৰে'ল – ‘অমৃত ভাৰত এক্সপ্ৰেছ’-ৰ ‘ফ্লেগ অফ’ কৰে। ‘অমৃত ভাৰত ৰে’লসমূহ হৈছে শীত-তাপ নিয়ন্ত্ৰিত ডবা নথকা ‘এলএইচবি পুছ পুল ৰে’ল’। এই ৰে’লশৃংখলাত উন্নত ত্বৰণৰ বাবে দুয়োটা মূৰত ইঞ্জিন সংযুক্ত থাকিব। ই ৰে’লযাত্ৰীসকলৰ বাবে উন্নত সুবিধা প্ৰদান কৰে, যেনে ধুনীয়া আৰু আকৰ্ষণীয় আৰ্হিৰ আসন, উন্নত টলাগেজ ৰেকট, উপযুক্ত ম'বাইল ধাৰকৰ সৈতে ‘ম'বাইল চাৰ্জিং পইণ্ট’, ‘এলইডি লাইট’, ‘চিচিটিভি’, ‘ৰাজহুৱা তথ্য প্ৰণালী’ আদি। প্ৰধানমন্ত্ৰীয়ে ছখন নতুন ‘বন্দে ভাৰত ৰে'ল’ৰো শুভাৰম্ভ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ‘দৰভাঙ্গা-অযোধ্যা-আনন্দ বিহাৰ টাৰ্মিনেল অমৃত ভাৰত এক্সপ্ৰেছ’ আৰু ‘মালদা টাউন-ছাৰ এম বিশ্বেশ্বৰায় টাৰ্মিনাছ (বেংগালুৰু) অমৃত ভাৰত এক্সপ্ৰেছ’ৰ দৰে দুখন নতুন ‘অমৃত ভাৰত ৰে'ল’ৰ শুভাৰম্ভ কৰে।

‘অমৃত ৰে'ল’ৰ উদ্বোধনী যাত্ৰাত ভ্ৰমণ কৰা বিদ্যালয়ৰ শিশুসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰীয়ে ছখন নতুন ‘বন্দে ভাৰত ৰে'ল’ৰ শুভাৰম্ভ কৰে। ইয়াৰ ভিতৰত আছে ‘শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰা-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ’; ‘অমৃতসৰ-দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ’; ‘কোয়েম্বাটুৰ-বাংগালোৰ কেণ্ট বন্দে ভাৰত এক্সপ্ৰেছ’; ‘মাংগালোৰ-মাদগাঁও বন্দে ভাৰত এক্সপ্ৰেছ’; ‘জলনা-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ’ আৰু ‘অযোধ্যা-আনন্দ বিহাৰ টাৰ্মিনেল বন্দে ভাৰত এক্সপ্ৰেছ’।

প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোত ৰে'ল আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ২৩০০ কোটি টকাৰ তিনিটা ৰে'ল প্ৰকল্পও দেশবাসীলৈ উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰৰ ভিতৰত আছে ‘ৰুমা চাকেৰী-চন্দেৰী তৃতীয় পথ প্ৰকল্প’; ‘জৌনপুৰ-তুলসী নগৰ, আকবৰপুৰ-অযোধ্যা, সোহাৱাল-পাত্ৰঙ্গা আৰু জৌনপুৰ-অযোধ্যা-বাৰাবাঁকী দ্বৈতকৰণ প্ৰকল্পৰ চফদৰগঞ্জ-ৰাচাউলী শাখা; আৰু মালহৌৰ-দালিগঞ্জ ৰে'ল শাখাৰ দ্বৈতকৰণ আৰু বৈদ্যুতিকীকৰণ প্ৰকল্প।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM announces exam reform task force, Infosys co-founder Nandan Nilekani to lead

Media Coverage

PM announces exam reform task force, Infosys co-founder Nandan Nilekani to lead
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights noble character as the foundation of respect, trust, and effective leadership
July 27, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how a person of noble character earns respect in society and is regarded as worthy of every responsibility.

The Prime Minister wrote on X;

"शीलवान् पूजितो लोके शीलवान् साधुसम्मतः।

शीलवान् सर्वकर्मार्हः शीलवान् प्रियदर्शनः॥"

A person of noble character earns respect in society and the esteem of the virtuous. Through integrity, humility and disciplined conduct, such an individual is regarded as worthy of every responsibility. Their personality is admirable, inspiring and worthy of emulation. In truth, noble character is the true foundation of lasting success, effective leadership, and enduring trust.