Agricultural institutions will provide new opportunities to students, help connect farming with research and advanced technology, says PM
PM calls for ‘Meri Jhansi-Mera Bundelkhand’ to make Atmanirbhar Abhiyan a success
500 Water related Projects worth over Rs 10,000 crores approved for Bundelkhand region; work on Projects worth Rs 3000 crores already commenced

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি উত্তৰ প্ৰদেশৰ ঝাঁচীৰ ৰাণী লক্ষ্মীবাই কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয় আৰু প্ৰশাসনিক ভৱন মুকলি কৰে৷ তেওঁ বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ সৈতেও বাৰ্তালাপ কৰে৷

প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক অভিনন্দন জনায় আৰু এই বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছত দেশৰ কৃষি খণ্ডলৈ তেওঁলোকে প্ৰভূত অৰিহণা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে৷ নতুনকৈ মুকলি কৰা ভৱনে শিক্ষাৰ্থীসকলক অধিক কঠোৰ পৰিশ্ৰম কৰিবলৈ উৎসাহিত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে৷

ৰাণী লক্ষ্মীবাইৰ ‘‘মই ঝাঁচীক নিদিও’’ বোলা বাক্য শাৰীৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে ঝাঁচী আৰু বুণ্ডেলখণ্ডবাসীক আত্মনিৰ্ভৰ ভাৰত অভিযান সফল কৰি তুলিবলৈ আহ্বান জনায়৷

আত্মনিৰ্ভৰ ভাৰত অভিযানত কৃষিখণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য প্ৰদান কৰে৷ তেওঁ কয় যে কৃষিখণ্ডৰ স্ব-নিৰ্ভৰশীলতাই কৃষকসকলক উৎপাদক আৰু উদ্যমী হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ এই সন্দৰ্ভত কৃষিখণ্ডত গ্ৰহণ কৰা কেতবোৰ ঐতিহাসিক পদক্ষেপৰ বিষয়েও প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে৷ অন্য উদ্যোগৰ দৰে এতিয়াৰে পৰা কৃষকসকলেও তেওঁলোকৰ উৎপাদিত সামগ্ৰী দেশৰ যিকোনো স্থানত বিক্ৰী কৰিব পাৰিব বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ তেওঁ কয় যে এই ব্যৱস্থাৰ উত্তৰণৰ বাবে আন্তঃগাঁথনিত ১ লাখ কোটি টকা ব্যয় কৰা হ’ব৷

আধুনিক প্ৰযুক্তিৰ সৈতে কৃষিক সংযোজিত কৰাৰ নিৰৱচ্ছিন্ন প্ৰয়াসৰ বিষয়ে গুৰুত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই ক্ষেত্ৰত গৱেষণা প্ৰতিষ্ঠান আৰু কৃষি বিশ্ববিদ্যালয়সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব৷ তেওঁ কয় যে ৬ বছৰ আগেয়ে দেশত মাত্ৰ কেৱল এখন কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় থকাৰ বিপৰীতে এতিয়া দেশত তিনিখন কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় আছে৷ তাৰোপৰি তিনিখন ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান যেনে আইএআৰআই ঝাৰখণ্ড, আইএআৰআই অসম আৰু বিহাৰৰ মতিহাৰীত মহাত্মা গান্ধী ইনষ্টিটিউট ফৰ ইণ্টিগ্ৰেটেড ফাৰ্মিঙো স্থাপন কৰা হ’ব৷ 

কৃষি খণ্ডত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ হোৱা লোকাষ্টৰ আক্ৰমণৰ উদাহৰণ দিয়ে৷ তেওঁ কয় যে চৰকাৰে এই ফৰিংবিধৰ আক্ৰমণ ৰোধ কৰিবলৈ যুদ্ধকালীন গতিত নামি পৰিছিল আৰু ক্ষয়-ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিবলৈ সমৰ্থ হৈছিল৷ তেওঁ কয় যে লোকাষ্টৰ আক্ৰমণ ৰোধ কৰিবলৈ বিভিন্ন চহৰত বহু সংখ্যক নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে কৃষকসকল সজাগ কৰা হৈছিল, ঔষধ স্প্ৰে কৰাৰ বাবে ড্ৰোণ ব্যৱহাৰ কৰা হৈছিল৷

 

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ছবছৰত চৰকাৰে কৃষি খণ্ডৰ সৈতে গৱেষণাক সংযোজিত কৰিবলৈ, কৃষকসকলক বিজ্ঞানসন্মত পৰামৰ্শ প্ৰদান কৰিবলৈ বহু প্ৰয়াস কৰিছে৷

বিদ্যালয় পৰ্যায়তেই কৃষি সম্বন্ধীয় জ্ঞান আৰু ব্যৱহাৰিক জ্ঞানৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়সমূহত কৃষি বিষয়সমূহ অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰয়াস কৰা হৈছে৷ ইয়াৰ দ্বাৰা দুই ধৰণে উপকৃত হ’ব- এফালে কৃষি সম্বন্ধীয় জ্ঞানৰ বিস্তাৰ ঘটিব আৰু আনফালে শিক্ষাৰ্থীসকলে কৃষি, আধুনিক কৃষি পদ্ধতি আৰু বজাৰৰ বিষয়েও জানিব পাৰিব আৰু নিজৰ পৰিয়ালক লোককো অৱগত কৰিব পাৰিব৷ ইয়াৰ দ্বাৰা দেশত কৃষি উদ্যমীৰ উত্তৰণ হ’ব৷

ক’ৰোনা ভাইৰাছৰ মহামাৰীৰ সময়ত জনসাধাৰণে দুৰ্ভোগ ভুগিব লগীয়া হোৱা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ প্ৰদেশৰ কোটি কোটি দুখীয়া লোক আৰু গ্ৰামীণ পৰিয়ালক বিনামূলীয়া খাদ্যান্ন প্ৰদান কৰা হৈছে৷ বুণ্ডেলখণ্ডৰ প্ৰায় ১০ লাখ দুখীয়া মহিলাক বিনামূলীয়া গেছৰ সংযোগ প্ৰদান কৰা হৈছে৷ গৰিব কল্যাণ ৰোজগাৰ যোজনাৰ অধীনত উত্তৰ প্ৰদেশত এই পৰ্যন্ত ৭০০ কোটি টকাতকৈও অধিক টকা ব্যয় কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বে প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ দৰে ঘৰে ঘৰে দ্ৰুত গতিত খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে৷ এই অঞ্চলটোত ১০,০০০ কোটি টকাতকৈও অধিক টকাৰ প্ৰায় ৫০০টা জল প্ৰকল্পৰ অনুমোদন প্ৰদান কৰা হৈছে৷ বিগত দুমাহত ৩০০০ কোটি টকাৰ প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে৷ ইয়াৰ দ্বাৰা বুণ্ডেলখণ্ডৰ লক্ষাধিক পৰিয়াল লাভান্বিত হ’ব৷ তেওঁ কয় যে অটল ভূমি জল আঁচনিৰ জৰিয়তে বুণ্ডেলখণ্ডৰ ভূমি জলৰ সীমা ঊৰ্ধগামী কৰা হৈছে৷ তাৰোপৰি ঝাঁচী, মাহবা, বান্দা, হামিৰপুৰ, চিত্ৰকূট আৰু ললিতপুৰৰ শতাধিক গাঁৱৰ ভূমি জল ঊৰ্ধগামী কৰাৰ বাবে ৭০০ কোটি টকাতকৈও অধিক টকা ব্যয় কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বুণ্ডেলখণ্ড বেতৱা, কেন আৰু যমুনা নদীৰে আৱৰা হ’লেও অঞ্চলটো সম্পূৰ্ণভাৱে উপকৃত নহয়৷ চৰকাৰে এই পৰিস্থিতিৰ পৰিৱৰ্তন কৰিবলৈ প্ৰয়াস কৰি আছে বুলি তেওঁ জানিবলৈ দিয়ে৷ তেওঁ কয় যে হাজাৰ কোটি টকা ব্যয়ৰ বুণ্ডেলখণ্ড এক্সপ্ৰেছ ৱে’, নিৰাপত্তা কৰিডৰ আদিয়ে ইয়াত অলেখ কৰ্ম সংস্থাপনৰ সৃষ্টি কৰিব৷ তেওঁ কয় যে বুণ্ডেলখণ্ডৰ চৌদিশে ‘জয় জোৱান, জয় কিষাণ আৰু জয় বিজ্ঞান’ৰ ধ্বনি গুঞ্জৰিত হ’ব৷ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ প্ৰদেশৰ চৰকাৰে বুণ্ডেলখণ্ডৰ উন্নতিৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ বুলি মন্তব্য কৰে৷

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
e-Jagriti: Reimagining consumer justice for a Digital India

Media Coverage

e-Jagriti: Reimagining consumer justice for a Digital India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets President of the United States on the 250th anniversary of the United States' independence
July 04, 2026

The Prime Minister, Shri Narendra Modi, extended greetings to the President of the United States, Mr. Donald J. Trump, and the people of the United States on the historic occasion of the 250th anniversary of the country's independence. Shri Modi underscored the enduring strength of the India–United States partnership. He noted that the relationship between the two democracies extends beyond a strategic partnership and is anchored in shared values of democracy, the rule of law and faith in the limitless potential of their people.

The Prime Minister posted on X:

On behalf of 1.4 billion Indians, I extend my warmest congratulations to President Trump and the people of the United States on the historic 250th anniversary of your Independence.

India and the United States share more than a strategic partnership. Our shared belief in democracy, rule of law and the limitless potential of our people make our friendship a force for global good.

May the next 250 years bring even greater prosperity, peace and progress for America and take the India-US partnership to new heights.

@POTUS
@realDonaldTrump