"বৰ্তমানৰ দিনবিলাকত, ভাৰতীয় স্বাস্থ্য-যতন ক্ষেত্ৰৰ দ্বাৰা অৰ্জিত বৈশ্বিক বিশ্বাসৰ জৰিয়তে ভাৰতে "পৃথিৱীৰ ফাৰ্মাচী"ৰ ৰূপত পৰিচয় লাভ কৰিছে"
"আমি সমগ্ৰ মানৱ জাতিৰ মংগলত বিশ্বাস কৰো আৰু কোভিড-১৯ বৈশ্বিক মহামাৰীৰ সময়ত আমি এই ধাৰণা সমগ্ৰ পৃথিৱীক দেখুৱালো"
"ভাৰতত বৈজ্ঞানিক আৰু প্ৰযুক্তিবিদসকলৰ এটা বৃহৎ সমষ্টি আছে, যাৰ উদ্যোগক আৰু অধিক উচ্চতালৈ লৈ যোৱাৰ উৎকৃষ্ট ক্ষমতা আছে, এই শক্তিক "ডিস্কভাৰ এণ্ড মেক ইন ইণ্ডিয়া"ৰ বাবে ব্যৱহাৰ কৰা দৰকাৰ"
"আমি ভেকচিন আৰু ঔষধৰ বাবে আৱশ্যকীয়, প্ৰধান সামগ্ৰীৰ ঘৰুৱা নিৰ্মাণত দ্ৰুততা অনাৰ বিষয়ে ভবা দৰকাৰ; এইখন এখন এনেকুৱা ক্ষেত্ৰ, য'ত ভাৰতে সফলতা লাভ কৰিব লাগিব"
"মই আপোনালোক সকলোকে ভাৰতত ধাৰণা কৰিবলৈ, ভাৰতত নৱোন্মেষণ কৰিবলৈ, ভাৰতত উৎপাদন কৰিবলৈ আৰু সমগ্ৰ বিশ্বৰ বাবে নিৰ্মাণ কৰিবলৈ নিমন্ত্ৰণ জনাইছো"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঔষধ ক্ষেত্ৰৰ প্ৰথম বৈশ্বিক নৱোন্মেষণ শীৰ্ষ সন্মিলনৰ উদ্ঘাটন কৰে। এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী ডাঃ মনসুখ মন্দাভিয়াও উপস্থিত আছিল।

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে মহামাৰীয়ে ঔষধ ক্ষেত্ৰক কেন্দ্ৰলৈ আনি দিছে। লাগে জীৱনশৈলী হওক বা ঔষধ হওক, চিকিৎসা প্ৰযুক্তি হওক বা ভেকচিন হওক, স্বাস্থ্য-যতনৰ প্ৰতিটো পদক্ষেপে যোৱা দুটা বছৰত সমগ্ৰ পৃথিৱীৰ মনোযোগ আকৰ্ষণ কৰিছে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় ঔষধ উদ্যোগেও প্ৰত্যাহ্বানৰ অনুৰূপ প্ৰদৰ্শন কৰিলে। শ্ৰী মোদীয়ে কয়, "বৰ্তমান দিনবিলাকত, ভাৰতীয় স্বাস্থ্য-যতন ক্ষেত্ৰৰ দ্বাৰা অৰ্জিত বৈশ্বিক বিশ্বাসৰ জৰিয়তে ভাৰতে "পৃথিৱীৰ ফাৰ্মাচী"ৰ ৰূপত পৰিচয় লাভ কৰে।"

প্ৰধানমন্ত্ৰীয়ে বিস্তৃতভাৱে কয়, "ভাল স্বাস্থ্যৰ আমাৰ পৰিভাষা কেৱল আমাৰ ভৌতিক সীমান্ততে সীমাবদ্ধ নহয়। আমি সম্পূৰ্ণ মানৱ জাতিৰ মংগলত বিশ্বাস কৰো আৰু আমি কোভিড-১৯ বৈশ্বিক মহামাৰীৰ সময়ত সমগ্ৰ পৃথিৱীক আমাৰ এই উৎকৃষ্ট ধাৰণাৰে ভালদৰে পৰিচিত কৰাই দিলো।" প্ৰধানমন্ত্ৰীয়ে কয়, "আমি মহামাৰীৰ প্ৰথম লহৰৰ সময়ত ১৫০তকৈও অধিক দেশক জীৱন ৰক্ষক ঔষধ আৰু চিকিৎসা উপকৰণ যোগান ধৰিলো। আমি ইয়াৰ লগতে এই বছৰ প্ৰায় ১০০খন দেশক কোভিডৰ টীকাৰ ৬৫ নিযুততকৈও অধিক খোৰাকৰ যোগান ধৰিলো।"

প্ৰধানমন্ত্ৰীয়ে নৱোন্মেষণৰ বাবে দেশত এনেকুৱা উৎকৃষ্ট পৰিৱেশ বা বাতাবৰণ সৃষ্টি কৰাৰ পৰিকল্পনা কৰে যি ভাৰতক ঔষধৰ অনুসন্ধান আৰু অভিনৱ চিকিৎসা উপকৰণত অগ্ৰণী কৰি তুলিব। তেওঁ কয় যে সকলো হিতধাৰকৰ সৈতে ব্যাপক পৰামৰ্শৰ ভিত্তিত প্ৰভাৱশালী নীতিগত উপায় অৱলম্বন কৰি থকা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত বৈজ্ঞানিক আৰু প্ৰযুক্তিবিদসকলৰ এটা বৃহৎ সমষ্টি আছে যাৰ উদ্যোগক নতুন উচ্চতালৈ লৈ যোৱাৰ উৎকৃষ্ট ক্ষমতা আছে। প্ৰধানমন্ত্ৰীয়ে কয়, "এই উৎকৃষ্ট ক্ষমতাৰ ব্যৱহাৰ 'ভাৰতত অনুসন্ধান কৰা আৰু নিৰ্মাণ'ত কৰা হওক।"

প্ৰধানমন্ত্ৰীয়ে স্বদেশত বিশিষ্ট ক্ষমতাক বিকশিত কৰাৰ ওপৰত বিশেষ জোৰ দিয়ে। প্ৰধানমন্ত্ৰীয়ে অনুৰোধ কৰি কয়, আজি যেতিয়া ভাৰতৰ ১.৩ আৰব মানুহে ভাৰতক 'আত্মনিৰ্ভৰ' কৰি তোলাৰ সামগ্ৰীৰ নিৰ্মাণত দ্ৰুততা অনাৰ বিষয়ে গম্ভীৰভাৱে ভবা দৰকাৰ। এই তৎপৰতাত ভাৰতে নিশ্চিতভাৱে বিজয় সাব্যস্ত কৰিব লাগিব।"

প্ৰধানমন্ত্ৰীয়ে সকলো হিতধাৰকক 'ভাৰতত ধাৰণা বিকশিত কৰিবলৈ, ভাৰতত নৱোন্মেষণ কৰিবলৈ, ভাৰতত নিৰ্মাণ কৰিবলৈ আৰু পৃথিৱীৰ বাবে নিৰ্মাণ কৰিবলৈ' নিমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰীয়ে এইবুলি কৈ নিজৰ ভাষণ সামৰে, "নিজৰ প্ৰকৃত শক্তি চিনাক্ত কৰক আৰু সমগ্ৰ বিশ্বৰ সেৱা কৰক।"

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 ছেপ্টেম্বৰ 2026
September 10, 2026

Beyond Metros, Beyond Borders: How India Is Rewriting Its Growth Story Under PM Modi