এই উষ্ম ভাৱনাই মোক গভীৰভাৱে হৃদয়স্পৰ্শ কৰিছে আৰু ভূটানৰ মহামহিম ৰজাক কৃতজ্ঞতা প্ৰকাশ কৰিছোঃ প্ৰধানমন্ত্ৰী

ভূটানৰ মহামহিম ৰজা জিগমে খেশৰ নামগ্যাল ৱাংছুকে দেশৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অৰ্ডাৰ অফ দ্য ড্ৰুক গ্যালপো’ৰে সন্মানীত কৰিছে৷ শ্ৰী মোদীয়ে এই উষ্ম ভাৱনাৰ বাবে ভূটানৰ মহামহিম ৰজাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে৷

ভূটানৰ প্ৰধানমন্ত্ৰীৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এলানি টুইটযোগে কয়,

“ধন্যবাদ, ল্যোনছেন @ভূটানৰ প্ৰধানমন্ত্ৰী! মই এই উষ্ম ভাৱনাৰ লগতে ভূটানৰ মহামহিম ৰজাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো৷

ভূটানৰ মোৰ ভাই-ভনীসকলৰ বহুত মৰম পোৱাৰ মই সৌভাগ্য পালো আৰু মই ভূটানৰ ৰাষ্ট্ৰীয় দিৱসৰ শুভক্ষণত সকলোকে শুভকামনা জনাইছো৷

মই ভূটানৰ বহনক্ষম উন্নয়ন আৰ্হি আৰু তেওঁলোকৰ আধ্যাত্মিক জীৱনশৈলীৰ বাবে তেওঁলোকক প্ৰশংসা কৰিছো৷ ড্ৰুক গ্যালপো-মহামহিম ৰজাৰ ধাৰাবাহিক সফলতাই দেশখনৰ এক বিশেষ পৰিচয় দিছে আৰু চুবুৰীয়া দেশসমূহৰ মিত্ৰতাৰ সেই বিশেষ বন্ধুত্বত যথেষ্ট উদ্গনি যোগাইছে, কিয়নো এইবোৰৰ সৈতে আমাৰ দেশৰ সাদৃশ্য আছে৷

ভাৰতে ভূটানক আটাইতকৈ নিবিড় বন্ধু আৰু চুবুৰীয়া দেশ হিচাপে সদায় উদযাপন কৰি থাকিব আৰু ভূটানৰ বিকাশৰ যাত্ৰাত সম্ভাৱ্য সকলো ধৰণৰ সহযোগিতা আগবঢ়াই যাব৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation

Media Coverage

India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 জুন 2026
June 16, 2026

Viksit Bharat in Action: 12 Years of Roads, AI Unicorns, Export Booms & Unmatched Global Camaraderie"