দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ লগতে বিশ্বব্যাপী উন্নয়নৰ বিষয়ে আলোচনা দুয়োগৰাকী বিশ্বনেতাৰ
আগন্তুক ভাৰত-নৰ্ডিক সন্মিলনৰ বিষয়বোৰ সন্দৰ্ভত দুয়োগৰাকী নেতাই নৰৱেত মিলিত হোৱাৰ বাবে উদগ্ৰীৱ হৈ আছিল

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী আৰু ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডেৰিকচেনে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ লগতে বিশ্বৰ উন্নয়নৰ বিষয়ে বিশদভাৱে আলোচনা কৰে।

২০২০ চনত সেউজ কৌশলগত অংশীদাৰিত্ব আৰম্ভ হোৱাৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ আদান-প্ৰদান শক্তিশালী হোৱাৰ কথা স্বীকাৰ কৰে দুয়োগৰাকী নেতাই। তেওঁলোকে বিভিন্ন খণ্ডত অংশীদাৰিত্বৰ সম্প্ৰসাৰণৰ ওপৰত আলোকপাত কৰে, যিয়ে সেউজ পৰিৱৰ্তনক সমৰ্থন কৰিবলৈ ভাৰতত ডেনমাৰ্কৰ বিনিয়োগে অনুকূল পৰিস্থিতিৰ সৃষ্টি কৰিছে। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁ চলিত বৰ্ষৰ শেষৰ ফালে নৰৱেত অনুষ্ঠিত হ’বলগীয়া তৃতীয় ভাৰত-নৰ্ডিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে সেই সময়তে প্ৰধানমন্ত্ৰী ফ্ৰেডেৰিকচেনৰ সৈতে তেওঁৰ বৈঠকৰ বাবেও আগ্ৰহী হৈ আছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Special, As Always’: PM Modi Shares Video Of Feeding Cows, Peacocks Before Red Fort Visit

Media Coverage

‘Special, As Always’: PM Modi Shares Video Of Feeding Cows, Peacocks Before Red Fort Visit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Maharashtra met the Prime Minister
August 17, 2026

The Chief Minister of Maharashtra, Shri Devendra Fadnavis, today met Prime Minister Shri Narendra Modi.

In a post on X, the Prime Minister's Office shared:

"Chief Minister of Maharashtra, Shri @Dev_Fadnavis met Prime Minister @narendramodi.

@CMOMaharashtra"