দুয়োজন নেতাই কেইবাটাও দ্বিপাক্ষিক বিষয়, বিশেষকৈ বাণিজ্য আৰু অৰ্থনৈতিক ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে
প্ৰধানমন্ত্ৰীয়ে ইউনাইটেড কিংডমত ভাৰতীয় কূটনৈতিক প্ৰতিষ্ঠানৰ সুৰক্ষাৰ প্ৰসংগ উত্থাপন কৰে আৰু ভাৰত বিৰোধী শক্তিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ আহ্বান জনায়
প্ৰধানমন্ত্ৰীয়ে অৰ্থনৈতিক অপৰাধীৰ প্ৰত্যাৱৰ্তনৰ সৈতে জড়িত বিষয়সমূহৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ তথ্য বিচাৰে
প্ৰধানমন্ত্ৰী শ্ৰী ছুনাকে জি20ৰ ভাৰতৰ বৰ্তমানৰ অধ্যক্ষতাৰ বাবে ইউনাইটেড কিংডমৰ পূৰ্ণ সমৰ্থনৰ কথা দোহাৰে
প্ৰধানমন্ত্ৰীয়ে বৈশাখীৰ পূৰ্ব সন্ধিয়া প্ৰধানমন্ত্ৰী শ্ৰী ছুনাকক শুভকামনা জনায়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউনাইটেড কিংডমৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী ঋষি ছুনাকৰ সৈতে টেলিফোনত কথা পাতে।

দুয়োজন নেতাই ভাৰত-ইউকে ৰোডমেপ ২০৩০ৰ অংশ হিচাপে কেইবাটাও দ্বিপাক্ষিক বিষয়ৰ ওপৰত হোৱা অগ্ৰগতিৰ সমীক্ষা কৰে। তেওঁ শেহতীয়া উচ্চ স্তৰীয় আদান-প্ৰদান আৰু বিশেষকৈ বাণিজ্য তথা অৰ্থনৈতিক ক্ষেত্ৰত বৰ্ধিত সহযোগিতাৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে। দুয়োজন নেতাই দুয়োখন দেশৰ মাজত পাৰস্পৰিক লাভজনক মুক্ত বাণিজ্য বুজাবুজি শীঘ্ৰে সম্পন্ন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত সন্মতি প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ইউনাইটেড কিংডমত ভাৰতীয় কূটনৈতিক প্ৰতিষ্ঠানসমূহৰ সুৰক্ষাৰ বিষয় উত্থাপন কৰে আৰু ইউনাইটেড কিংডম চৰকাৰৰ দ্বাৰা ভাৰত বিৰোধী শক্তিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰী শ্ৰী ঋষি ছুনাকে অৱগত কৰে যে ইউনাইটেড কিংডমে ভাৰতীয় উচ্চায়োগৰ ওপৰত হোৱা আক্ৰমণক সম্পূৰ্ণৰূপে অস্বীকাৰ্য বুলি গণ্য কৰে। তেওঁ ভাৰতীয় মিছন আৰু তাৰ কৰ্মীসকলৰ সম্পূৰ্ণ সুৰক্ষাৰ আশ্বাস দিয়ে।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ইউনাইটেড কিংডমত আশ্ৰয় লোৱা অৰ্থনৈতিক অপৰাধীৰ বিষয়ো উত্থাপন কৰে। তেওঁ এই পলাতকসকলৰ প্ৰত্যাৱৰ্তনৰ সৈতে জড়িত বিষয়ত অগ্ৰগতিৰ তথ্য বিচাৰে যাতে তেওঁলোক ভাৰতীয় ন্যায় ব্যৱস্থাৰ সন্মুখত উপস্থিত হ'ব পাৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছেপ্টেম্বৰ ২০২৩ত হোৱা জি20ৰ শিখৰ সন্মিলনত অন্তৰ্ভুক্ত হ'বলৈ প্ৰধানমন্ত্ৰী শ্ৰী ছুনাকক আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰী শ্ৰী ছুনাকে জি20ৰ ভাৰতৰ অধ্যক্ষতাৰ সময়ত হোৱা অগ্ৰগতিৰ প্ৰশংসা কৰে আৰু ভাৰতৰ বিভিন্ন পদক্ষেপ আৰু তাৰ সফলতাৰ বাবে ইউনাইটেড কিংডমৰ পূৰ্ণ সমৰ্থনৰ কথা দোহাৰে।

প্ৰধানমন্ত্ৰীয়ে বৈশাখীৰ পূৰ্ব সন্ধিয়া প্ৰধানমন্ত্ৰী শ্ৰী ছুনাক আৰু ইউনাইটেড কিংডমত থকা ভাৰতীয় সমুদায়ৰ লোকসকলক শুভকামনা জনায়।

দুয়োজন নেতাই পৰস্পৰে পৰস্পৰৰ সৈতে সম্পৰ্ক যুক্ত হৈ থকাৰ ওপৰত সন্মত হয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways clears ₹755-crore project to build third line between Champa and Korba

Media Coverage

Indian Railways clears ₹755-crore project to build third line between Champa and Korba
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 জুন 2026
June 17, 2026

PM Narendra Modi's Dual Legacy: Commanding Global Respect While Delivering Health Miracles, Rail Revolution & Digital Leadership