প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত ‘জি-২০ সন্মিলন’ৰ সময়ত ইটালী গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামান্য শ্ৰীমতী জিঅ’ৰ্জিয়া মেলোনিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ২০২৩ চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী মেলোনিৰ চৰকাৰী ভ্ৰমণৰ পিছত এয়া হৈছে তেওঁৰ দ্বিতীয় ভাৰত ভ্ৰমণ, য'ত দ্বিপাক্ষিক সম্পৰ্ক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰা হৈছিল।

 

‘জি-২০ত ভাৰতৰ সভাপতিত্ব’ৰ প্ৰতি ইটালীয়ে আগবঢ়োৱা সহযোগিতা আৰু ‘গোলকীয় জৈৱ-ইন্ধন মৰ্চা’ আৰু ‘ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক ক’ৰিডৰ’ত ইটালীৰ যোগদানৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীগৰাকীক প্ৰশংসা কৰে।

 

দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা কথা সন্তোষৰে উল্লেখ কৰে। তেওঁলোকে ‘ভাৰত-ইটালী কৌশলগত অংশীদাৰিত্ব’ৰ বিভিন্ন ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ বুজ লয় আৰু প্ৰতিৰক্ষা আৰু নতুন আৰু উদীয়মান প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে সন্মত হয়। তেওঁলোকে বৃহত্তৰ গোলকীয় কল্যাণৰ বাবে ‘জি-৭’ আৰু ‘জি-২০’ৰ সৈতে সামঞ্জস্য বৰ্তাই ৰাখি কাম কৰাৰ প্ৰয়োজনীয়তা উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰী মেলোনিয়ে প্ৰধানমন্ত্ৰীক এক সফল ‘জি-২০ সন্মিলন’ৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From school to PG, girls now outnumber boys

Media Coverage

From school to PG, girls now outnumber boys
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 মে’ 2026
May 01, 2026

From Stolen Treasures to Smart Trains: PM Modi’s Blueprint for a Proud, Connected, Self-Reliant India