প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ যুৱ প্ৰজন্মৰ মনোভাৱ আৰু দৃঢ়তাত আলোকপাত কৰি আগন্তুক বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগত ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলৰ সৈতে মিলিত হ’বলৈ উৎসাহ প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ যুৱক-যুৱতীসকল হৈছে তেওঁলোকৰ অতুলনীয় শক্তি আৰু দায়বদ্ধতাৰে এখনি শক্তিশালী আৰু সমৃদ্ধিশালী ৰাষ্ট্ৰ গঢ়াৰ চালিকা শক্তি। এই আলোচনাই দেশৰ ভিন্ন প্ৰান্তৰ যুৱ নেতাসকলৰ বাবে ধাৰণা, আকাংক্ষাৰাজিৰ আদান-প্ৰদান আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীত অৰিহণা যোগোৱাৰ এখনি মঞ্চ প্ৰশস্ত কৰিব।
এক্স-ত শ্ৰী মনসুখ মাণ্ডৱিয়াই কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়ঃ
“অবিশ্বাস্য উৎসাহ আৰু অতুলনীয় মনোভাৱেৰে ভৰা আমাৰ যুৱক-যুৱতীসকল এখনি শক্তিশালী আৰু সমৃদ্ধিশালী ৰাষ্ট্ৰৰ প্ৰতি দায়বদ্ধ। মই বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগত দেশৰ ভিন্ন প্ৰান্তৰ মোৰ যুৱ বন্ধুসকলৰ সৈতে মত-বিনিময় কৰিবলৈ আগ্ৰহী হৈ উঠিছো। ১২ জানুৱাৰীত অনুষ্ঠিতব্য এই কাৰ্য্যসূচীত আপোনালোক সকলোকে লগ পাম।”
अद्भुत जोश और बेमिसाल जज्बे से भरी हमारी युवा शक्ति सशक्त और समृद्ध राष्ट्र के लिए संकल्पबद्ध है। विकसित भारत यंग लीडर्स डायलॉग में देशभर के अपने युवा साथियों से संवाद को लेकर बेहद उत्सुक हूं। इस कार्यक्रम में 12 जनवरी को आप सभी से मिलने वाला हूं। https://t.co/IMMvpi05Mb
— Narendra Modi (@narendramodi) January 10, 2026


