প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু অটল পেঞ্চন যোজনাই সামাজিক সুৰক্ষা আৰু আৰ্থিক অন্তৰ্ভুক্তি শক্তিশালী কৰিছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১১ বছৰ পূৰ্বে এন ডি এ চৰকাৰে আৰম্ভ কৰা গুৰুত্বপূৰ্ণ সামাজিক সুৰক্ষা আৰু পেঞ্চন আঁচনিসমূহৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰি কয় যে এই পদক্ষেপসমূহে ভাৰতৰ জনসাধাৰণৰ মৰ্যাদা, আশ্বাস আৰু আৰ্থিক সুৰক্ষা নিশ্চিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাই তৃণমূল পৰ্যায়ৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে আৰু দেশৰ সামাজিক সুৰক্ষাৰ কাঠামো শক্তিশালী কৰিছে।

অটল পেঞ্চন যোজনাৰ সুবিধাসমূহৰ বিষয়ত আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে এই আঁচনিখনে বহু  লোকক বৃদ্ধ বয়সত অধিক সুৰক্ষিত জীৱন যাপন কৰিবলৈ সক্ষম কৰিছে আৰু ই সামাজিক সুৰক্ষা সুলভ তথা সৰ্বাংগীন কৰি তোলাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।

আঁচনিখনৰ সফলতাত নাৰী শক্তিৰ অৱদানৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে অটল পেঞ্চন যোজনাৰ অধীনত মহিলাসকলে লাভ কৰা ক্ৰমবৰ্ধমান অংশগ্ৰহণ আৰু সুবিধাসমূহৰ ওপৰতো সুখ প্ৰকাশ কৰে।

এক্য়ত দিয়া পোষ্টত  নিজৰ মন্তব্য প্ৰকাশ  কৰাৰ সময়ত শ্ৰী মোদীয়ে #11YearsofJanSurakshaSchemes হেচটেগ ব্যৱহাৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে;

‘আজিৰ দিনটোত অৰ্থাৎ ১১ বছৰ পূৰ্বে এন ডি এ চৰকাৰে মূল সামাজিক সুৰক্ষা আৰু পেঞ্চন আঁচনিসমূহ আৰম্ভ কৰিছিল।এই আঁচনিসমূহে ভাৰতৰ জনসাধাৰণৰ জীৱনলৈ মৰ্যাদা, নিশ্চয়তা আৰু আৰ্থিক সুৰক্ষা অনাৰ আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।ইয়াত  এই কথা উল্লেখ কৰা হৈছে যে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাই তৃণমূল পৰ্যায়ত ইতিবাচক প্ৰভাৱ পেলাইছে।

‘অটল পেঞ্চন যোজনাই বহু  লোকৰ বাবে অতি উপকাৰী হৈ পৰিছে, যাৰ ফলত তেওঁলোকে বৃদ্ধ বয়সত অধিক সুৰক্ষিত জীৱন যাপন কৰিবলৈ সক্ষম হৈছে।এই আঁচনিখনে সামাজিক সুৰক্ষা সুলভ আৰু সৰ্বাংগীন কৰি তোলাৰ প্ৰতি আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।এই আঁচনিৰ দ্বাৰা আমাৰ নাৰী শক্তি বিশেষভাৱে উপকৃত হোৱা দেখি আনন্দিত হৈছো।

#১১বছৰৰ জন সুৰক্ষা আঁচনি”

#11YearsofJanSurakshaSchemes”

অটল পেঞ্চন যোজনাই  বহু  লোকৰ বাবে অতি উপকাৰী হৈ পৰিছে, যাৰ ফলত তেওঁলোকে বৃদ্ধ বয়সত অধিক সুৰক্ষিত জীৱন যাপন কৰিবলৈ সক্ষম হৈছে। এই আঁচনিখনে সামাজিক সুৰক্ষা সুলভ আৰু সৰ্বাংগীন কৰি তোলাৰ প্ৰতি আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। আমাৰ নাৰী শক্তি বিশেষভাৱে লাভৱান হোৱা দেখি আনন্দিত হৈছো...

https://t.co/gDNHL7C8Hl

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region

Media Coverage

Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 07 আগষ্ট 2026
August 07, 2026

Viksit Bharat Accelerating: 4x Data Centres, Record EV Sales, Ethanol Validation & Northeast Connectivity Under PM Modi’s Watch