প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নতুন অমৃত ভাৰত ৰেলসমূহ সমগ্ৰ দেশতে যাত্ৰীসকলৰ আৰাম আৰু যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হৈছে।

কেন্দ্ৰীয় ৰেল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে ভিন্ন পথত ৯ খন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ অফ সন্দৰ্ভত এক্সত কৰা এলানি প’ষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে এই পদক্ষেপৰ বিস্তৃত লাভা-লাভৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন অমৃত ভাৰত ৰেলসমূহে যাত্ৰীসকলৰ অভিজ্ঞতা আৰু যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ উপৰিও বাণিজ্য আৰু পৰ্যটনৰ বিকাশতো সহায় কৰিব।

কেন্দ্ৰীয় ৰেল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে এক্স-ত শীঘ্ৰেই ৯ খন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ অফ কৰা হ’ব বুলি ঘোষণা কৰিছে। ইয়াৰ ফলশ্ৰুতিত সমগ্ৰ দেশতে আধুনিক যাত্ৰীবাহী ৰেলৰ নেটৱৰ্কৰ অধিক সম্প্ৰসাৰণ ঘটিব।

এই নতুন সেৱাই অসমক হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ সৈতে সংযোগ কৰিব, একেদৰে একাধিক পথে পশ্চিম বংগক তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, নতুন দিল্লী আৰু উত্তৰ প্ৰদেশৰ সৈতে সংযোগ কৰিব। ইয়াৰ ফলশ্ৰুতিত সমগ্ৰ ভাৰতৰ পূব, উত্তৰ, দক্ষিণ আৰু পশ্চিম অঞ্চলসমূহৰ আন্তঃৰাজ্যিক ৰেল সংযোগ যথেষ্ট সুদৃঢ় হ’ব।

এক্স-ৰ এইলানি প’ষ্টলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়;

“নতুন অমৃত ভাৰত ৰেলসমূহ যাত্ৰীসকলৰ আৰাম আৰু যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হৈছে। ইয়াৰ জৰিয়তে বাণিজ্য আৰু পৰ্যটনৰ বিকাশতো সহায়ক হ’ব!”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth