প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মিজোৰামৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে মিজোৰামৰ শক্তিশালী সামূহিক উদ্দীপনা আৰু সৌজন্যশীল জনসাধাৰণক প্ৰশংসা কৰে, যিসকলে দয়া আৰু সহানুভূতিৰ মূল্যবোধক গুৰুত্ব দিয়ে।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কৈছেঃ
‘মিজোৰামৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জনাইছো।
মিজোৰাম ইয়াৰ আকৰ্ষণীয় প্ৰাকৃতিক সৌন্দৰ্য আৰু স্থায়ী সাংস্কৃতিক পৰম্পৰাৰ বাবে বহুলভাৱে জনাজাত। শক্তিশালী সামূহিক উদ্দীপনা আৰু সৌজন্যশীল জনসাধাৰণে দয়া আৰু সহানুভূতিৰ মূল্যবোধক গুৰুত্ব দিয়ে। পৰম্পৰা, সংগীত আৰু দৈনন্দিন জীৱনৰ অন্যান্য দিশৰ জৰিয়তে প্ৰকাশ পোৱা সমৃদ্ধ মিজো ঐতিহ্য অতি প্ৰেৰণাদায়ক।
মিজোৰামে বিকাশৰ পথত আগবাঢ়ক আৰু আগন্তুক বছৰবোৰত নতুন মাইলৰ খুঁটি অতিক্ৰম কৰক।’
Greetings to the people of Mizoram on their Statehood Day.
— Narendra Modi (@narendramodi) February 20, 2026
Mizoram is widely known for its striking natural beauty and enduring cultural traditions. Its strong community spirit and gracious people embody values of kindness and compassion. The rich Mizo heritage, expressed…


