প্ৰধানমন্ত্ৰীয়ে শুভ নৱ সম্বৎসৰ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে আৰু সমৃদ্ধি তথা ৰাষ্ট্ৰীয় প্ৰগতিৰ প্ৰতি এক নৱ প্ৰতিশ্ৰুতিৰে ভৰা বছৰ কামনা কৰে।
নৱ সম্বৎসৰ উপলক্ষে সকলোলৈ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে প্ৰাৰ্থনা কৰে যে সমাগত নৱবৰ্ষই সকলোৰে জীৱনত সাহস, আত্মবিশ্বাস আৰু সেৱাৰ মনোভাৱ শক্তিশালী কৰক। শ্ৰী মোদীয়ে লগতে আশা প্ৰকাশ কৰে যে এই মনোভাৱে ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত নতুন সামূহিক গতি প্ৰদান কৰি সকলো নাগৰিকৰ বাবে সুখ, সফলতা আৰু সু-স্বাস্থ্য কঢ়িয়াই আনিব।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
"দেশবাসীক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছো। মই কামনা কৰোঁ যে এই নৱবৰ্ষই আপোনালোক সকলোৰে জীৱনত সাহস, আত্মবিশ্বাস আৰু সেৱাৰ ভাৱনাক অধিক শক্তিশালী কৰক, যিয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰচেষ্টাক নতুন শক্তি প্ৰদান কৰে।"
"নৱ সম্বৎসৰ উপলক্ষে সকলোকে শুভেচ্ছা জনাইছো। সকলোৱে অপৰিসীম সুখ, সফলতা আৰু সুস্বাস্থ্যৰ আশীৰ্বাদ লাভ কৰক। মই প্ৰাৰ্থনা কৰোঁ যে সমাগত নতুন বছৰটোৱে সকলোৰে জীৱনত সাহস, আত্মবিশ্বাস আৰু সেৱাৰ মনোভাৱ অধিক শক্তিশালী কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত থকা আমাৰ সামূহিক প্ৰচেষ্টাত নতুন গতি প্ৰদান কৰক।"
देशवासियों को नव संवत्सर की अनंत शुभकामनाएं। मेरी कामना है कि यह नया साल आप सभी के जीवन में साहस, आत्मविश्वास और सेवा की भावना को और सशक्त करे, जो राष्ट्र निर्माण के प्रयासों को भी नई मजबूती दे।
— Narendra Modi (@narendramodi) March 19, 2026
Greetings to everyone on the very special occasion of Nav Samvatsar. May everyone be blessed with infinite happiness, success and good health. I pray that this coming new year further strengthens the spirit of courage, self-confidence and service in everyone’s lives. May it also…
— Narendra Modi (@narendramodi) March 19, 2026


