ভোটাৰ হ'ব পৰাটো উদযাপনৰ এক অনুষ্ঠান বুলি অভিহিত কৰিলে প্ৰধানমন্ত্ৰীয়ে, মাই-ভাৰত স্বেচ্ছাসেৱকক উদ্দেশ্যি লিখিলে পত্ৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষ্যে দেশৰ  নাগৰিকসকলক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই দিনটো দেশৰ  গণতান্ত্ৰিক মূল্যবোধৰ   বিশ্বাসক আৰু অধিক গভীৰ কৰাৰ এক  সুযোগ। দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াক শক্তিশালী কৰাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ সৈতে জড়িত সকলোকে তেওঁ প্ৰশংসা কৰে। ভোটাৰৰ অংশগ্ৰহণৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভোটাৰ হোৱাটো কেৱল সাংবিধানিক বিশেষাধিকাৰেই নহয়, ভাৰতৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত প্ৰতিগৰাকী নাগৰিকক কণ্ঠ প্ৰদান কৰা এক গুৰুত্বপূৰ্ণ কৰ্তব্যও। তেওঁ মানুহক সদায় গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আৰু গণতন্ত্ৰৰ মনোভাৱক সন্মান জনাবলৈ আহ্বান জনায়। যাৰ দ্বাৰা এখন  বিকশিত  ভাৰতৰ ভেটি সুদৃঢ় হ’ব বুলি তেওঁ কয়।

শ্ৰী মোদীয়ে ভোটাৰ হ'ব পৰাটো উদযাপনৰ  এক অনুষ্ঠান বুলি অভিহিত কৰি প্ৰথমবাৰৰ বাবে হোৱা ভোটাৰক উৎসাহিত কৰাৰ গুৰুত্বৰ বিষয়ত  আলোকপাত কৰে।

ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষ্যে  প্ৰধানমন্ত্ৰীয়ে মাই-ভাৰত (MY-Bharat) স্বেচ্ছাসেৱকসকললৈ এখন পত্ৰ লিখিছে। পত্ৰ খনত প্ৰধানমন্ত্ৰীয়ে যেতিয়াই তেওঁলোকৰ চৌপাশৰ কোনোবাই বিশেষকৈ এগৰাকী যুৱক বা যুৱতীয়ে  প্ৰথমবাৰৰ বাবে ভোটাৰ হিচাপে নামভৰ্তি কৰে,  তেতিয়াই আনন্দ আৰু উদযাপন কৰাৰ বাবে  আহ্বান জনায়।

এক্সত দিয়া ধাৰাবাহিক  পোষ্টত শ্ৰী মোদীয়ে কয়;

“#ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষ্যে শুভেচ্ছা জনালো।

আমাৰ দেশৰ গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি আমাৰ বিশ্বাস আৰু অধিক গভীৰ কৰাৰ বাবে এই দিৱস।

আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াক শক্তিশালী কৰাৰ বাবে ভাৰতৰ  নিৰ্বাচন আয়োগৰ সৈতে জড়িত সকলোকে মই প্ৰশংসা কৰিছো।

ভোটাৰ হোৱাটো কেৱল সাংবিধানিক বিশেষাধিকাৰ নহয়, বৰঞ্চ ভাৰতৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত প্ৰতিগৰাকী নাগৰিকক কণ্ঠস্বৰ প্ৰদানৰ  এক গুৰুত্বপূৰ্ণ কৰ্তব্য। আহক আমি সদায় গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি আমাৰ গণতন্ত্ৰৰ মনোভাৱক সন্মান জনাওঁ, যাৰ ফলত এখন  বিকশিত ভাৰতৰ ভেটি সুদৃঢ় হয়।”

‘ভোটাৰ হোৱাটো এক উদযাপনৰ অনুষ্ঠান!

আজি #ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত  মাই-ভাৰত স্বেচ্ছাসেৱকসকললৈ এখন চিঠি লিখিলোঁ - আমাৰ চৌপাশৰ কোনোবাই ভোটাৰ হিচাপে নামভৰ্তি কৰিলে আমি সকলোৱে আনন্দিত হ’ব লাগিব।”

 

 

 

“Becoming a voter is an occasion of celebration! Today, on #NationalVotersDay, penned a letter to MY-Bharat volunteers on how we all must rejoice when someone around us has enrolled as a voter.”

 

 

“मतदाता बनना उत्सव मनाने का एक गौरवशाली अवसर है! आज #NationalVotersDay पर मैंने MY-Bharat के वॉलंटियर्स को एक पत्र लिखा है। इसमें मैंने उनसे आग्रह किया है कि जब हमारे आसपास का कोई युवा साथी पहली बार मतदाता के रूप में रजिस्टर्ड हो, तो हमें उस खुशी के मौके को मिलकर सेलिब्रेट करना चाहिए।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Paltano Dorkar!’ PM Modi Predicts TMC Rout In Bengal, Says ‘Goons Won’t Find Space To Hide After May 4’

Media Coverage

‘Paltano Dorkar!’ PM Modi Predicts TMC Rout In Bengal, Says ‘Goons Won’t Find Space To Hide After May 4’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 এপ্ৰিল 2026
April 25, 2026

From Boat Rides on the Ganga to Global AI & Bio-Economy Leadership: PM Modi’s India 2.0