প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মকৰ সংক্ৰান্তিৰ শুভ উপলক্ষত সকলো নাগৰিকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে মকৰ সংক্ৰান্তি হৈছে ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ সমৃদ্ধিক প্ৰতিফলিত কৰা এক উৎসৱ। এয়া সম্প্ৰীতি, সমৃদ্ধি আৰু সমন্বয়ৰ মনোভাৱৰ প্ৰতীক। তেওঁ আশা প্ৰকাশেৰে কয় যে তিল আৰু গুড়ৰ মধুৰতাই যেন সকলোৰে জীৱনলৈ আনন্দ আৰু সফলতাৰ সঞ্চাৰ কৰে। তেওঁ ৰাষ্ট্ৰখনৰ মংগলৰ বাবে সূৰ্য্য দেৱৰ আশীৰ্বাদ কামনা কৰে।
শ্ৰী মোদীয়ে লগতে এই উৎসৱৰ আধ্যাত্মিক তাৎপৰ্য্যৰ ওপৰত আলোকপাত কৰি ভগৱান সূৰ্য্যৰ আশীৰ্বাদ কামনাৰে এটি সংস্কৃত সুভাষিতম শ্বেয়াৰ কৰে।
এক্স-ৰ পৃথক প’ষ্টত শ্ৰী মোদীয়ে এইদৰে লিখিছেঃ
“মকৰ সংক্ৰান্তি উপলক্ষে আমাৰ সমূহ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলো। তিল আৰু গুড়ৰ মধুৰতাৰে ভৰা ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ এই দিব্য উপলক্ষই সকলোৰে জীৱনলৈ যেন সুখ, সমৃদ্ধি আৰু সফলতাৰ সঞ্চাৰ কৰে। সূৰ্য্য দেৱে সকলোকে আশীৰ্বাদ কৰক।”
“স্থানীয় ৰীতি-নীতি অনুসৰি দেশৰ ভিন্ন প্ৰান্তত সংক্ৰান্তিৰ এই শুভ উপলক্ষ পালন কৰা হয়। মই সকলোৰে সুখ, মংগল আৰু সুস্বাস্থ্যৰ বাবে সূৰ্য্য দেৱৰ ওচৰত প্ৰাৰ্থনা জনাইছো।
सूर्यो देवो दिवं गच्छेत् मकरस्थो रविः प्रभुः।
उत्तरायणे महापुण्यं सर्वपापप्रणाशनम्॥”
सभी देशवासियों को मकर संक्रांति की असीम शुभकामनाएं। तिल और गुड़ की मिठास से भरा भारतीय संस्कृति एवं परंपरा का यह दिव्य अवसर हर किसी के जीवन में प्रसन्नता, संपन्नता और सफलता लेकर आए। सूर्यदेव सबका कल्याण करें।
— Narendra Modi (@narendramodi) January 14, 2026
“संक्रांति के इस पावन अवसर को देश के विभिन्न हिस्सों में स्थानीय रीति-रिवाजों के अनुसार मनाया जाता है। मैं सूर्यदेव से सबके सुख-सौभाग्य और उत्तम स्वास्थ्य की कामना करता हूं।
सूर्यो देवो दिवं गच्छेत् मकरस्थो रविः प्रभुः।
उत्तरायणे महापुण्यं सर्वपापप्रणाशनम्॥”
संक्रांति के इस पावन अवसर को देश के विभिन्न हिस्सों में स्थानीय रीति-रिवाजों के अनुसार मनाया जाता है। मैं सूर्यदेव से सबके सुख-सौभाग्य और उत्तम स्वास्थ्य की कामना करता हूं।
— Narendra Modi (@narendramodi) January 14, 2026
सूर्यो देवो दिवं गच्छेत् मकरस्थो रविः प्रभुः।
उत्तरायणे महापुण्यं सर्वपापप्रणाशनम्॥ pic.twitter.com/zxGY8H5ZvP


