প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰি ভাৰতৰ সংস্কৃতি আৰু ঐতিহ্যৰ সমৃদ্ধিৰ বাবে তেওঁলোকৰ অমূল্য অৱদানক প্ৰশংসা কৰে।


প্ৰধানমন্ত্ৰীয়ে কয় যে দ্বৈত ইঞ্জিন চৰকাৰ আৰু উন্নয়নৰ প্ৰতি দায়বদ্ধ জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণেৰে উত্তৰ প্ৰদেশে যোৱা ন বছৰত ইয়াৰ যাত্ৰাক ‘বিমাৰু’ (দুৰ্বল) ৰাজ্যৰ পৰা দৃষ্টান্তমূলক ৰাজ্যলৈ ৰূপান্তৰিত কৰিছে।


ৰাজ্যখনৰ ভৱিষ্যতৰ ওপৰত আস্থা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ প্ৰদেশৰ অপৰিসীম সম্ভাৱনাই ৰাষ্ট্ৰৰ প্ৰগতি গতিশীল আৰু অগ্ৰগামী কৰি ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।


 

 প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;

‘ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসত ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ সমৃদ্ধিৰ বাবে অমূল্য অৱদান আগবঢ়োৱা উত্তৰ প্ৰদেশত বসবাস কৰা মোৰ পৰিয়ালৰ সকলো সদস্যক বহুত বহুত অভিনন্দন জনাইছো। দ্বৈত ইঞ্জিন চৰকাৰ আৰু উন্নয়নৰ প্ৰতি সমৰ্পিত জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে, আমাৰ ৰাজ্যখনে যোৱা ন বছৰত বিমাৰু ৰাজ্যৰ পৰা উৎকৃষ্টতাৰ প্ৰদৰ্শনেৰে বহু দূৰ আগুৱাই গৈছে। মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে দেশৰ প্ৰগতি গতিশীল কৰি ৰখাত উত্তৰ প্ৰদেশৰ সম্ভাৱনা অতি উপযোগী হ’ব’।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IndiaAI Mission-backed startup Avataar launches indigenous video AI model

Media Coverage

IndiaAI Mission-backed startup Avataar launches indigenous video AI model
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 জুন 2026
June 13, 2026

Viksit Bharat Accelerating: Tech, Defense, Infra & Exports Power India's Global Leap Under the Leadership of PM Modi