ছত্তীশগড়ৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ বাসিন্দাসকলক শুভেচ্ছা জ্ঞাপন কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰকৃতি আৰু সংস্কৃতিৰ প্ৰতি উৎসৰ্গিত ৰাজ্য ছত্তীশগড়ে প্ৰগতিৰ নতুন মাপকাঠী নিৰ্ধাৰণ কৰিছে। তেওঁ উল্লেখ কৰে যে এসময়ত নক্সালবাদৰ দ্বাৰা প্ৰভাৱান্বিত  বহু অঞ্চল এতিয়া উন্নয়নৰ ক্ষেত্ৰত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে ছত্তীশগড়ৰ প্ৰতিভাৱান জনসাধাৰণৰ কঠোৰ পৰিশ্ৰম আৰু উদ্যোগে এখন  বিকশিত ভাৰতৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

 

এক্সৰ এটা  পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

"ৰাজ্যখনৰ  প্ৰতিষ্ঠা দিৱসৰ ২৫ বছৰত ছত্তীশগড়ৰ মোৰ সকলো ভাই-ভনীলৈ বহুত শুভেচ্ছা। প্ৰকৃতি আৰু সংস্কৃতিৰ প্ৰতি উৎসৰ্গিত এই ৰাজ্যখনে আজি প্ৰগতিৰ নতুন মান নিৰ্ধাৰণৰ কামত নিয়োজিত হৈ পৰিছে। এসময়ত নক্সালবাদৰ দ্বাৰা প্ৰভাৱান্বিত বহু অঞ্চলে এতিয়া উন্নয়নৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। মই নিশ্চিত যে ইয়াৰ কঠোৰ পৰিশ্ৰমী আৰু দক্ষ লোকসকলৰ নিষ্ঠা তথা উদ্যমেৰে ৰাজ্যখনে  বিকশিত ভাৰতৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Paltano Dorkar!’ PM Modi Predicts TMC Rout In Bengal, Says ‘Goons Won’t Find Space To Hide After May 4’

Media Coverage

‘Paltano Dorkar!’ PM Modi Predicts TMC Rout In Bengal, Says ‘Goons Won’t Find Space To Hide After May 4’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 এপ্ৰিল 2026
April 25, 2026

From Boat Rides on the Ganga to Global AI & Bio-Economy Leadership: PM Modi’s India 2.0