প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অক্ষয় তৃতীয়াৰ শুভক্ষণত দেশৰ নাগৰিকসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই পৱিত্ৰ উৎসৱে মানুহক সৎকৰ্ম, দান, সেৱাৰ পথত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। এই উৎসৱে সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আনিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘এক্স’ত লিখিছে;
"অক্ষয় তৃতীয়া উপলক্ষে দেশবাসীলৈ আন্তৰিক শুভকামনা। এই পবিত্ৰ উৎসৱে আমাক সৎকৰ্ম, দান, সেৱাৰ পথত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। এই উৎসৱে সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আনক। সকলোৱে চিৰন্তন ফল লাভ কৰক, এয়াই কামনা।"
देशवासियों को अक्षय तृतीया की हार्दिक शुभकामनाएं। यह पावन पर्व हमें सत्कर्म, दान और सेवा के मार्ग पर अग्रसर रहने की प्रेरणा देता है। यह अवसर हर किसी के जीवन में सुख, सौभाग्य और उत्तम स्वास्थ्य लेकर आए। सभी को अक्षय फल की प्राप्ति हो, यही कामना है।
— Narendra Modi (@narendramodi) April 19, 2026


