প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২২ত অংশগ্ৰহণ কৰা সকলো খেলুৱৈক শুভেচ্ছা জনোৱাৰ লগতে সকলো পদক বিজয়ীক অভিনন্দন জ্ঞাপন কৰিছে। ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২২ৰ চমকপ্ৰদ সাফল্যক লৈ মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গুজৰাটৰ ক্ৰীড়াৰ আন্তঃগাঁথনিক খেলুৱৈসকলে ব্যাপকভাৱে প্ৰশংসা কৰে। পুনঃব্যৱহাৰ সন্দৰ্ভত সজাগতা বৃদ্ধি কৰা, প্লাষ্টিকৰ আৱৰ্জনা হ্ৰাস কৰা আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বাবে প্ৰতিযোগিতাখনক দীৰ্ঘদিনলৈ মনত ৰখা হ’ব। প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ জনসাধাৰণ আৰু চৰকাৰৰ আতিথ্যৰ বাবে শলাগ লয়।

এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

‘ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২২ কালি সমাপ্ত হ’ল। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী খেলুৱৈক মই শুভেচ্ছা জনাইছো আৰু পদক লাভ কৰা সকলোক অভিনন্দন জ্ঞাপন কৰিলোঁ। তেওঁলোকৰ সাফল্যৰ বাবে আমি গৌৰৱান্বিত। সকলো খেলুৱৈৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।'

‘এইবাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বিভিন্ন কাৰণত বিশেষ আছিল। ক্ৰীড়া আন্তঃগাথনিক খেলুৱৈসকলে বহুলভাৱে শলাগ লৈছে। পৰম্পৰাগত ক্ৰীড়াত খেলুৱৈৰ ব্যাপক অংশগ্ৰহণো এক উল্লেখযোগ্য দিশ আছিল।”

“পুনঃব্যৱহাৰ যোগ্য সামগ্ৰীৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি, প্লাষ্টিকৰ আৱৰ্জনা হ্ৰাস কৰা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধি কৰাকে ধৰি বহনক্ষমতাৰ ওপৰত গুৰুত্ব দিয়াৰ বাবেও ২০২২ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া স্মৰণীয় হৈ ৰ’ব। নেচনেল গেমছৰ সময়ত গুজৰাটৰ জনসাধাৰণ আৰু চৰকাৰৰ আতিথ্যৰ বাবেও মই তেওঁলোকক প্ৰশংসা কৰিব বিচাৰিছো।”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature

Media Coverage

IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 জুন 2026
June 18, 2026

PM Modi’s Leadership Delivers: Electronic Interlocking, Semiconductor Push & Tariff-Free UK Access