প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰ আৰু ওচৰ-পাজৰৰ অঞ্চলসমূহত 'জীৱন যাপনত সুচলতা' বৃদ্ধি কৰা বিকাশ কাৰ্যৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰিছে।
সংসদ সদস্য ডাঃ ৰাজদীপ ৰায়ে এটা টুইট থ্ৰেডত শিলচৰৰ বিকাশ যাত্ৰাৰ বিষয়ে অৱগত কৰিছিল। তেওঁ কৈছে যে লাগে শিক্ষা, স্বচ্ছতা, স্বাস্থ্য সেৱা, পানী যোগান, পৰিৱেশ আৰু পৰিবহন হওক বা বহনক্ষম আৱাসৰ উপলব্ধতা তথা সুৰক্ষা নিৰাপত্তা আৰু সাৰ্বজনীন সেৱা হওক, অঞ্চলৰ অৰ্থনৈতিক ক্ষমতাৰ লগতে জীৱনৰ মানদণ্ডৰো সংশোধন হৈছে। তেওঁ চিজিএইচএছ ৱেলনেছ চেণ্টাৰ, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (পিএমজিএছৱাই), প্ৰধানমন্ত্ৰী আৱাস যোজনা, গ্ৰামীণ (পিএমএৱাই-জি) আৰু অন্য বিকাশ পদক্ষেপৰ বিষয়েও উল্লেখ কৰে, যি শিলচৰ আৰু ওচৰ-পাজৰৰ অঞ্চলসমূহৰ মানুহৰ জীৱন সহজ কৰি আছে।
সংসদ সদস্যজনৰ টুইট থ্ৰেডৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"আনন্দিত যে বিকাশ কাৰ্যাৱলীৰ পৰিণামে শিলচৰ আৰু ওচৰ-পাজৰৰ অঞ্চলসমূহত 'জীৱন যাপনত সুচলতা' আৰু আগবঢ়াই আছে।"
Glad that the fruits of development are furthering ‘Ease of Living’ in Silchar and surrounding areas. https://t.co/d071vTZZLC
— Narendra Modi (@narendramodi) April 3, 2023


