এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ উধমপুৰত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়সকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে।

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী লোকৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ’ব।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছে;

‘জম্মু-কাশ্মীৰৰ উধমপুৰৰ বাছ দুৰ্ঘটনাত বহু লোকৰ প্ৰাণ হেৰুওৱাৰ খবৰে ব্যথিত কৰিছে। যিসকলে তেওঁলোকৰ নিকটাত্মীয় আৰু প্ৰিয়জনক হেৰুৱাইছে, তেওঁলোকৰ প্ৰতি মই আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে মই প্ৰাৰ্থনা জনাইছো।

এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী লোকৰ নিকটত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi’

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report

Media Coverage

India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 জুলাই 2026
July 20, 2026

Yuva to Global Stage: How PM Modi’s Policies Are Turning India’s Youth, Farms & Factories into Growth Engines