প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জৈন সন্ত আচাৰ্য বিদ্যাসাগৰ মহাৰাজৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে।

শ্ৰী মোদীয়ে কয় যে আচাৰ্য শ্ৰী ১০৮ বিদ্যাসাগৰ জী মহাৰাজৰ মৃত্যু দেশৰ বাবে এক অপূৰণীয় ক্ষতি।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ৰাইজৰ মাজত আধ্যাত্মিক জাগৰণৰ বাবে আচাৰ্য জীৰ বহুমূলীয়া প্ৰচেষ্টা সদায় স্মৰণীয় হৈ থাকিব। শ্ৰী মোদীয়ে আৰু কয়, তেওঁ গোটেই জীৱন দৰিদ্ৰতা নিৰাময়ৰ লগতে সমাজত স্বাস্থ্য আৰু শিক্ষাৰ প্ৰসাৰৰ কামত নিয়োজিত হৈ থাকিল।

প্ৰধানমন্ত্ৰীয়ে যোৱা বছৰ ছত্তীশগড়ৰ চন্দ্ৰগিৰি জৈন মন্দিৰত আচাৰ্য শ্ৰী ১০৮ বিদ্যাসাগৰ জী মহাৰাজৰ সৈতে হোৱা সাক্ষাৎকাৰৰ কথাও স্মৰণ কৰি কয় যে সেই সাক্ষাৎ তেওঁৰ বাবে অবিস্মৰণীয় হৈ থাকিব।

টুইটাৰত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“आचार्य श्री 108 विद्यासागर जी महाराज जी का ब्रह्मलीन होना देश के लिए एक अपूरणीय क्षति है। लोगों में आध्यात्मिक जागृति के लिए उनके बहुमूल्य प्रयास सदैव स्मरण किए जाएंगे। वे जीवनपर्यंत गरीबी उन्मूलन के साथ-साथ समाज में स्वास्थ्य और शिक्षा को बढ़ावा देने में जुटे रहे। यह मेरा सौभाग्य है कि मुझे निरंतर उनका आशीर्वाद मिलता रहा। पिछले वर्ष छत्तीसगढ़ के चंद्रगिरी जैन मंदिर में उनसे हुई भेंट मेरे लिए अविस्मरणीय रहेगी। तब आचार्य जी से मुझे भरपूर स्नेह और आशीष प्राप्त हुआ था। समाज के लिए उनका अप्रतिम योगदान देश की हर पीढ़ी को प्रेरित करता रहेगा।”

“আচাৰ্য্য শ্ৰী ১০৮ বিদ্যাসাগৰ জী মহাৰাজৰ বিয়োগ দেশৰ বাবে এক অপূৰণীয় ক্ষতি। জনসাধাৰণৰ মাজত আধ্যাত্মিক জাগৰণৰ বাবে তেওঁৰ বহুমূলীয়া প্ৰচেষ্টা সদায় স্মৰণীয় হৈ থাকিব। গোটেই জীৱন তেওঁ দৰিদ্ৰতা নিৰাময়ৰ লগতে সমাজত স্বাস্থ্য আৰু শিক্ষাৰ প্ৰসাৰৰ কামত নিয়োজিত হৈ থাকিল। তেওঁৰ আশীৰ্বাদ নিৰন্তৰ লাভ কৰি থকাটো মোৰ সৌভাগ্য। যোৱা বছৰ ছত্তীশগড়ৰ চন্দ্ৰগিৰি জৈন মন্দিৰত তেওঁৰ সৈতে হোৱা সাক্ষাৎ মোৰ বাবে অবিস্মৰণীয় হৈ ৰ’ব। তেতিয়া আচাৰ্য জীৰ পৰা বহুত মৰম আৰু আশীৰ্বাদ লাভ কৰিছিলোঁ। সমাজলৈ তেওঁৰ অতুলনীয় অৱদানে দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।”

 

 

"My thoughts and prayers are with the countless devotees of Acharya Shri 108 Vidhyasagar Ji Maharaj Ji. He will be remembered by the coming generations for his invaluable contributions to society, especially his efforts towards spiritual awakening among people, his work towards poverty alleviation, healthcare, education and more.

I had the honour of receiving his blessings for years. I can never forget my visit to the Chandragiri Jain Mandir in Dongargarh, Chhattisgarh late last year. That time, I had spent time with Acharya Shri 108 Vidhyasagar Ji Maharaj Ji and also received his blessings."

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tractor sales cross 10 lakh mark in FY26 on strong rural demand, GST cut

Media Coverage

Tractor sales cross 10 lakh mark in FY26 on strong rural demand, GST cut
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 এপ্ৰিল 2026
April 12, 2026

Trust, Technology & Transformation: How India is Building a Viksit Bharat Under PM Modi