প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰকাশীৰ ধৰালীত সংঘটিত শোকাৱহ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। তেওঁ লগতে এই ঘটনাৰ ফলত প্ৰভাৱিত সকলোৰে কুশল কামনা কৰে।
শ্ৰী মোদীয়ে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামীৰ সৈতেও কথা পাতি পৰিস্থিতিৰ বুজ লয়।
প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে যে আৰ্তজনক সময়মতে সাহায্য সুনিশ্চিত কৰাৰ বাবে চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই।
এক্স পোষ্টত শ্ৰী মোদীয়ে কয়:
“উত্তৰকাশীৰ ধৰালীত সংঘটিত শোকাৱহ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হোৱা লোকসকললৈ সমবেদনা জ্ঞাপন কৰিছোঁ।ইয়াৰ সমান্তৰালভাৱে সকলো ভুক্তভোগীৰ বাবে কুশল কামনা কৰিছো।মূখ্যমন্ত্ৰী পুষ্কৰ ধামি জীৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লৈছো।ৰাজ্য চৰকাৰৰ তত্বাৱধানত সাহায্য আৰু উদ্ধাৰকাৰী দলে যৎপৰোনাস্তি চেষ্টা চলাইছে। পীড়িত লোকসকলক সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই।”
@pushkardhami”
उत्तरकाशी के धराली में हुई इस त्रासदी से प्रभावित लोगों के प्रति मैं अपनी संवेदना व्यक्त करता हूं। इसके साथ ही सभी पीड़ितों की कुशलता की कामना करता हूं। मुख्यमंत्री पुष्कर धामी जी से बात कर मैंने हालात की जानकारी ली है। राज्य सरकार की निगरानी में राहत और बचाव की टीमें हरसंभव…
— Narendra Modi (@narendramodi) August 5, 2025


