৩,০০০ লোকে বসতি স্থাপন কৰা টাণ্ডাক ৰাজহ গাঁও হোৱাৰ বাবে বঞ্জাৰা সম্প্ৰদায়ক অভিনন্দন
“ভগৱান বাসৱেশ্বৰৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি সকলোৰে কল্যাণৰ বাবে কাম কৰি আছো”
‘দলিত, বঞ্চিত, পিছপৰা, আদিবাসী, দিব্যাংগ, শিশু, মহিলাই প্ৰথমবাৰৰ বাবে প্ৰাপ্য লাভ কৰিছে। সোনকালেই লাভ কৰিব মৌলিক সা-সুবিধা”
“আমি জনসাধাৰণক সবলীকৰণৰ বাবে এক স্পষ্ট কৌশলেৰে কাম কৰি আছো”
“যেতিয়া মৌলিক প্ৰয়োজন পূৰণ হয় আৰু মৰ্যাদা পুনৰুদ্ধাৰ হয়, তেতিয়া নতুন আকাংক্ষাৰ জন্ম হয়, কাৰণ মানুহে দৈনন্দিন আকস্মিক পৰিস্থিতিক নেওচি জীৱনৰ স্তৰ বৃদ্ধিৰ বাবে কাম কৰে”
“জন ধন যোজনাই আৰ্থিক অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে”
“ডাবল ইঞ্জিন চৰকাৰে ভাৰতত বসবাস কৰা প্ৰতিখন সমাজৰ পৰম্পৰা, সংস্কৃতি, খাদ্য আৰু সাজ-পোছাকক আমাৰ শক্তি বুলি গণ্য কৰে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ কালাবুৰাগীত নতুনকৈ ঘোষিত ৰাজহ গাঁৱৰ যোগ্য হিতাধিকাৰীসকলক মালিকীস্বত্ত দলিল (হাক্কু পাত্ৰ) বিতৰণ কৰে৷

এই উপলক্ষে সভাত সমবেত লোকসকলক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সংবিধান জানুৱাৰী মাহত বলবৎ হোৱাৰ লগতে স্বাধীন ভাৰতত নাগৰিকৰ অধিকাৰ সুনিশ্চিত হোৱাৰ কথা সুৱৰি কয় যে আজি এই পবিত্ৰ জানুৱাৰী মাহত কৰ্ণাটক চৰকাৰে সামাজিক ন্যায়ৰ দিশত জড়িত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। পঞ্চাশ হাজাৰতকৈ অধিক পৰিয়ালে প্ৰথমবাৰৰ বাবে মালিকীস্বত্ত দলিল লাভ কৰাৰ সময়খিনি বঞ্জাৰা সম্প্ৰদায়ৰ বাবে গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে৷

ইয়াৰ দ্বাৰা ‘টাণ্ডা’ এলেকাত বসবাস কৰা এনে পৰিয়ালৰ পুত্ৰ-কন্যাৰ উজ্জ্বল ভৱিষ্যত সুনিশ্চিত হ’ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই সুযোগতে কালাবুৰাগী, যাদগিৰি, ৰায়চুৰ, বিদাৰ আৰু বিজয়াপুৰা পাঁচখন জিলাৰ বঞ্জাৰা সম্প্ৰদায়ৰ নাগৰিকক অভিনন্দন জনায়৷

 

প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটক চৰকাৰে তিনি হাজাৰৰো অধিক বসবাস কৰা টাণ্ডা বাসস্থানক ৰাজহ গাঁও হিচাপে ঘোষণা কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে অৱগত কৰি শ্ৰী বাসৰাজ বোম্মাই জী আৰু তেওঁৰ সমগ্ৰ দলটোক এই উল্লেখযোগ্য পদক্ষেপৰ বাবে অভিনন্দন জনায়।

অঞ্চলটো আৰু বঞ্জাৰা সম্প্ৰদায়ৰ সৈতে তেওঁৰ সম্পৰ্কৰ কৰা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে জনায় যে এই সম্প্ৰদায়ৰ লোকসকলে নিজা প্ৰচেষ্টাৰে ৰাষ্ট্ৰীয় উন্নয়নৰ দিশত অৰিহণা যোগাইছে। ১৯৯৪ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰা এক সমাৱেশত লাখ লাখ বঞ্জাৰা পৰিয়াল অহা সেই অবিস্মৰণীয় মুহূৰ্তটোৰ কথা স্মৰণ কৰাৰ লগতে তেওঁক আশীৰ্বাদেৰে উপচাই দিয়া পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা মাতৃ-ভগ্নীসকলৰ কথাও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভগৱান বাসৱেশ্বৰে দেখুৱাই দিয়া সুশাসন আৰু সমন্বয়ৰ পথ অনুসৰণ কৰি ডাবল ইঞ্জিন চৰকাৰখনে আগবাঢ়িছে। তেওঁ কয়, “ভগৱান বাসৱেশ্বৰৰ আদৰ্শৰ পৰা অনুপ্ৰাণিত হৈ আমি সকলোৰে কল্যাণৰ বাবে কাম কৰি আছো।” অনুভৱ মণ্ডপামৰ দৰে মঞ্চৰ জৰিয়তে ভগৱান বাসৱেশ্বৰে গণতন্ত্ৰ আৰু সামাজিক ন্যায়ৰ আৰ্হি কেনেদৰে দিছিল সেই কথা প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে। তেওঁ সকলোৰে সৱলীকৰণৰ বাবে সকলো ধৰণৰ বৈষম্যৰ ঊৰ্ধ্বত থাকি পথ দেখুৱাইছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বঞ্জাৰা সমাজে কঠিন দিন দেখিছে যদিও এতিয়া তেওঁলোকে সহজ আৰু মৰ্যাদাৰে জীয়াই থকাৰ সময় আহি পৰিছে। তেওঁ বঞ্জাৰা সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলৰ বাবে বৃত্তি আৰু জীৱিকা, পকী ঘৰ প্ৰদান কৰি সহায় কৰা আদি ব্যৱস্থাৰ বিষয়ে কয়। যাযাবৰী জীৱনশৈলীৰ বাবে উদ্ভৱ হোৱা সমস্যাসমূহো সমাধান কৰা হৈছে বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি লোৱা পদক্ষেপসমূহৰ সন্দৰ্ভত ১৯৯৩ চনত পৰামৰ্শ দিয়া হৈছিল, অৱশ্যে ভোট বেংকৰ ৰাজনীতিত এইটো পলম হৈছিল। “কিন্তু এতিয়া সেই উদাসীন পৰিৱেশ সলনি হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়।

 

বঞ্জাৰা সম্প্ৰদায়ৰ মাতৃসকলক আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে কয়, “চিন্তা নকৰিব! আপোনালোকৰ এজন ল’ৰাই দিল্লীত সকলো কথা গুৰুত্ব দি আছে”। প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে টাণ্ডা বাসস্থানক গাঁও হিচাপে স্বীকৃতি পোৱাৰ পিছত গাঁওসমূহত মৌলিক সুবিধাসমূহৰ উন্নয়নে এক উদ্গনি লাভ কৰিব। তেওঁ উল্লেখ কৰে যে পৰিয়ালসমূহে মুক্তভাৱে জীয়াই থাকিব আৰু বেংকৰ পৰা ঋণৰ সুবিধা লোৱাটো তেওঁলোকে মালিকীস্বত্ত পোৱাৰ পিছত বহু সহজ হৈ পৰিব। প্ৰধানমন্ত্ৰীয়ে জনায় যে কেন্দ্ৰীয় চৰকাৰে স্বামীত্ব আঁচনিৰ জৰিয়তে সমগ্ৰ দেশৰ গ্ৰাম্য পৰিয়ালৰ বাবে সম্পত্তি কাৰ্ড বিতৰণ কৰি আছে আৰু এতিয়া কৰ্ণাটকৰ বঞ্জাৰা সম্প্ৰদায়েও ইয়াৰ সুবিধা ল’ব পাৰিব। প্ৰধানমন্ত্ৰীয়ে পকী ঘৰ, শৌচাগাৰ, বিদ্যুৎ সংযোগ, পাইপযোগে পানীৰ সংযোগ আৰু গেছ সংযোগ প্ৰদান কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাক আলোকপাত কৰি কয় যে বঞ্জাৰা সম্প্ৰদায়ে এতিয়া ডাবল ইঞ্জিন চৰকাৰৰ এই সকলোবোৰ কল্যাণমূলক আঁচনিৰ সুবিধা ল’ব পাৰিব। “বস্তিত বসবাস কৰাটো এতিয়া অতীত”, প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটক চৰকাৰে বঞ্জাৰা জনগোষ্ঠীৰ বাবে যি কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে, সেই বিষয়ে উল্লেখ কৰে। বনজাত সামগ্ৰীয়েই হওক, শুকান কাঠেই হওক, মৌ, ফল বা এনেধৰণৰ আন সামগ্ৰীয়েই হওক, এইবোৰ এতিয়া উপাৰ্জনৰ উৎস হৈ পৰিছে। তেওঁ জনায় যে পূৰ্বৰ চৰকাৰসমূহে মাত্ৰ মুষ্টিমেয় বনজাত সামগ্ৰীৰ ওপৰত এমএছপি দিছিল যদিও আজি সেই সংখ্যা ৯০ টাতকৈও অধিক বনজাত সামগ্ৰীলৈ বৃদ্ধি পাইছে আৰু কৰ্ণাটক চৰকাৰৰ সিদ্ধান্তসমূহ পুনৰ উল্লেখ কৰে যিয়ে এই ক্ষেত্ৰত বঞ্জাৰা জনগোষ্ঠীক উপকৃত কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ বহু দশকৰ পাছতো জনসাধাৰণৰ এক বৃহৎ অংশ উন্নয়নৰ সুবিধাৰ পৰা বঞ্চিত হৈ চৰকাৰী সাহায্যৰ আওতাৰ বাহিৰত আছিল। দলিত, বঞ্চিত, পিছপৰা, আদিবাসী, দিব্যাংগ, শিশু, মহিলাই প্ৰথমবাৰৰ বাবে প্ৰাপ্য লাভ কৰিছে। মৌলিক সা-সুবিধাবোৰ পাই ক্ষিপ্ৰতাৰে পাইছে। “আমি জনসাধাৰণক সবলীকৰণৰ বাবে এক স্পষ্ট কৌশলেৰে কাম কৰি আছো”, শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

আয়ুষ্মান ভাৰত আৰু বিনামূলীয়া ৰেচনৰ দৰে আঁচনিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “যেতিয়া মৌলিক প্ৰয়োজন পূৰণ হয় আৰু মৰ্যাদা পুনৰুদ্ধাৰ হয়, তেতিয়া নতুন আকাংক্ষাৰ জন্ম হয় কাৰণ মানুহে দৈনন্দিন আকস্মিক পৰিস্থিতি নেওচি জীৱন-যাপনৰ স্তৰ বৃদ্ধিৰ বাবে কাম কৰে”। জন ধন একাউণ্টে এই অৱহেলিত অংশটোক বিত্তীয় মূলসুঁতিলৈ আনিছিল বুলি প্ৰধানমন্ত্ৰীয়ে কয়। একেদৰে মুদ্ৰা যোজনাই অনুসূচিত জনজাতি, অনুসূচিত জাতি আৰু অ’বিচিৰ বাবে বন্ধকীমুক্ত প্ৰায় ২০ কোটি ঋণ নিশ্চিত কৰি এই শ্ৰেণীসমূহৰ পৰা নতুন উদ্যোগীক জন্ম দিছিল। মুদ্ৰা হিতাধিকাৰীৰ ৭০ শতাংশই মহিলা বুলি তেওঁ জনায়। স্বনিধি আঁচনিৰ জৰিয়তে ৰাজপথৰ ব্যৱসায়ীসকলে বন্ধকীমু্ক্ত ঋণ লাভ কৰিছে। “আমি ‘অৱকাশ’ৰ দ্বাৰা আৰু এখোজ আগুৱাই গৈছো, অৰ্থাৎ নতুন সুযোগ সৃষ্টি আৰু বঞ্চিত শ্ৰেণীৰ যুৱক-যুৱতীসকলক নতুন আত্মবিশ্বাস প্ৰদান কৰা হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়।

 

সমাজত মহিলাসকলৰ কল্যাণৰ প্ৰতি বৰ্তমান চৰকাৰৰ সংবেদনশীলতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ বাবে প্ৰতিটো খণ্ডতে নতুন সুযোগ সৃষ্টি কৰা হৈছে। জনজাতীয় জনগোষ্ঠীৰ কল্যাণক স্পৰ্শ কৰি প্ৰধানমন্ত্ৰীয়ে জনজাতীয় সমাজৰ গৌৰৱৰ প্ৰতি দেশবাসীক সজাগ কৰাৰ বাবে চৰকাৰে কৰা প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। তেওঁ দিব্যাংগ সমূদায়ৰ উন্নয়ন নিশ্চিত কৰাৰ বাবে যোৱা আঠ বছৰত হাতত লোৱা প্ৰচেষ্টাৰ কথাও উল্লেখ কৰে আৰু অৱহেলিত সম্প্ৰদায়ৰ বন্ধুসকল দেশৰ কেইবাটাও সাংবিধানিক প্ৰতিষ্ঠানৰ শিখৰত আছে বুলি অৱগত কৰে। তেওঁ লগতে কয় যে বৰ্তমানৰ চৰকাৰখনেই ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগক সাংবিধানিক মৰ্যাদা প্ৰদান, সৰ্বভাৰতীয় চিকিৎসা কোটাত অ’বিচি শ্ৰেণীত সংৰক্ষণ, কেন্দ্ৰীয় চৰকাৰৰ গ্ৰুপ চি আৰু গ্ৰুপ ডিত সাক্ষাৎকাৰ লোৱাৰ বাধ্যবাধকতা বিলুপ্ত আৰু স্থানীয় ভাৰতীয় ভাষাত শিকোৱা চিকিৎসা, অভিযান্ত্ৰিক আৰু কাৰিকৰী বিষয়ৰ ব্যৱস্থা কৰিছে। তেওঁ কয় যে এই পদক্ষেপসমূহৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী হৈছে আমাৰ গাঁৱৰ যুৱক-যুৱতী আৰু অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা সম্প্ৰদায়ৰ দৰিদ্ৰ পৰিয়ালসমূহ।

প্ৰধানমন্ত্ৰীয়ে জনায় যে এই চৰকাৰে যাযাবৰী আৰু অৰ্ধ যাযাবৰী জনগোষ্ঠীৰ বাবে এক বিশেষ উন্নয়ন আৰু কল্যাণ ব’ৰ্ড স্থাপন কৰিছে। “আমাৰ চৰকাৰে এই পৰিয়ালসমূহক প্ৰতিখন কল্যাণমূলক আঁচনিৰ সৈতে সংযোগ কৰিবলৈ কাম কৰি আছে”, প্ৰধানমন্ত্ৰীয়ে কয়।

 

ডাবল ইঞ্জিন চৰকাৰে ভাৰতত বসবাস কৰা প্ৰতিখন সমাজৰ পৰম্পৰা, সংস্কৃতি, খাদ্য আৰু সাজ-পোছাকক আমাৰ শক্তি হিচাপে গণ্য কৰে বুলি জোৰ দি প্ৰধানমন্ত্ৰীয়ে কয় যে আমি এই শক্তিক ৰক্ষা কৰিবলৈ, ইয়াক সংৰক্ষণ কৰাৰ বাবে পক্ষপাতী। ‘চুহালি, লাম্বানী, লাম্বাদা, লাবানা আৰু বাজিগৰ, নাম যিয়েই নকৰক কিয়, আপোনালোক সাংস্কৃতিকভাৱে চহকী আৰু সজীৱ, দেশৰ গৌৰৱ, দেশৰ শক্তি। আপোনালোকৰ হাজাৰ হাজাৰ বছৰৰ ইতিহাস আছে। এই দেশৰ উন্নয়নত আপোনাৰ অৱদান আছে”, প্ৰধানমন্ত্ৰীয়ে এই ঐতিহ্যক আগুৱাই নিবলৈ চেষ্টা কৰাৰ লগতে সকলোকে লগত লৈ সকলোৰে উন্নয়নৰ দিশত কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ 

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে গুজৰাট আৰু ৰাজস্থানৰ বঞ্জাৰা সম্প্ৰদায় আৰু জল বোৰ্ড গঠনৰ ক্ষেত্ৰত লখা বঞ্জাৰাৰ ভূমিকাক স্মৰণ কৰে। সেই বঞ্জাৰা সম্প্ৰদায়ৰ সেৱা কৰিবলৈ সক্ষম হোৱাত তেওঁ আনন্দ প্ৰকাশ কৰে।

অনুষ্ঠানত কৰ্ণাটকৰ ৰাজ্যপাল, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী থাৱাৰ চন্দ গেহলট, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী বাসৰাজ বোম্মাই, শ্ৰী ভাগৱত খুবা আৰু কৰ্ণাটক চৰকাৰৰ মন্ত্ৰীসকলকে ধৰি অন্যান্য লোকসকল উপস্থিত থাকে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Labour reforms: Govt fully operationalises four new codes by publishing rules

Media Coverage

Labour reforms: Govt fully operationalises four new codes by publishing rules
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi's strong appeal to every Indian amid global challenges
May 10, 2026
Global crises demand collective responsibility, every citizen must contribute towards protecting India’s economy: PM Modi’s strong stance in Hyderabad
PM Modi calls for reduced fuel consumption, more public transport, EV use and virtual meetings during global uncertainty
Choose swadeshi, support Made in India products and strengthen the nation’s self-reliance: PM Modi’s appeal in Telangana
Natural farming, reduced fertiliser dependence and solar pumps are crucial for India’s sustainable future: PM Modi

PM Modi addressed a public gathering in Hyderabad where he spoke about the global economic challenges triggered by recent conflicts and supply chain disruptions, and called for collective national responsibility to strengthen India’s resilience. He urged citizens to reduce fuel consumption, promote carpooling, use public transport and prioritise electric vehicles to help reduce pressure on imports and save foreign exchange.

PM Modi also encouraged people to adopt work from home, virtual meetings and domestic tourism wherever possible. Stressing the importance of economic self-reliance, he appealed to citizens to avoid unnecessary foreign purchases, support ‘Made in India’ products and cut down on imports like gold and edible oil. He further called for reduced dependence on chemical fertilisers and greater focus on natural farming and solar powered agricultural solutions.

The PM said overcoming global challenges requires a united national effort beyond politics, adding that every citizen’s small contribution towards sustainability, self-reliance and responsible consumption can strengthen India’s future.