Distributes loans to 1 lakh street vendors under the scheme
Lays foundation stone for two additional corridors of Delhi Metro’s Phase 4
“PM SVANidhi Yojna has proved to be a lifeline for street vendors”
“Even though the vending carts and shops of street vendors might be small, their dreams are huge”
“PM SVANidhi Yojana has become the support system for lakhs of street vendors families”
“Modi is relentlessly working to improve the lives of the poor and the middle classes. Modi’s thinking is ‘welfare of nation by the welfare of public’”
“Partnership of dreams of common citizens and Modi’s resolve is the guarantee of a bright future”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ জেএলএন ষ্টেডিয়ামত পিএম স্বনিধি আঁচনিৰ হিতাধিকাৰীসকলক উদ্দেশ্যি ভাষণ আগবঢ়োৱাৰ লগতে আঁচনিৰ অংশ হিচাপে দিল্লীৰ ৫,০০০ পদপথৰ বিক্ৰেতাক ধৰি ১ লাখ পদপথৰ বিক্ৰেতা (এছভি)ক ঋণ বিতৰণ কৰে। তেওঁ পাঁচজন হিতাধিকাৰীক প্ৰধানমন্ত্ৰী স্বনিধি ঋণৰ চেক প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে দিল্লী মেট্ৰ’ৰ চতুৰ্থ পৰ্যায়ৰ অতিৰিক্ত দুটা কৰিডৰৰ আধাৰশিলাও স্থাপন কৰে।

 

এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ১০০খন চহৰৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠানটোৰ সৈতে জড়িত লাখ লাখ পদপথৰ বিক্ৰেতাৰ অংশগ্ৰহণক স্বীকাৰ কৰে। মহামাৰীৰ সময়ত পদপথৰ বিক্ৰেতাসকলৰ শক্তিক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে দৈনন্দিন জীৱনত তেওঁলোকৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশতে ১ লাখ পদপথৰ বিক্ৰেতাৰ একাউণ্টলৈ পোনপটীয়াকৈ ধন হস্তান্তৰ কৰা হৈছে। তদুপৰি, অনুষ্ঠানতে দিল্লী মেট্ৰ’ৰ অতিৰিক্ত দুটা কৰিড’ৰ লাজপট নগৰ– সাকেট-জি ব্লক আৰু ইন্দৰলক– ইন্দ্ৰপ্ৰস্থও মুকলি কৰা হয়।

 

প্ৰধানমন্ত্ৰীয়ে দেশৰ লাখ লাখ পদপথৰ ব্যৱসায়ীক প্ৰশংসা কৰে যিয়ে নিজৰ কঠোৰ পৰিশ্ৰম আৰু আত্মসন্মানেৰে পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকৰ ভেণ্ডিং কাৰ্ট আৰু দোকান সৰু হ’ব পাৰে যদিও তেওঁলোকৰ সপোন বিশাল বুলি আলোকপাত কৰে। তেওঁ কয় যে পূৰ্বৰ চৰকাৰসমূহে পদপথৰ ব্যৱসায়ীসকলৰ কল্যাণৰ প্ৰতি কোনো আগ্ৰহ প্ৰকাশ কৰা নাছিল যাৰ বাবে তেওঁলোকে অসন্মান আৰু কষ্টৰ সন্মুখীন হৈছিল। তেওঁ লক্ষ্য কৰিছিল যে তেওঁলোকৰ ধনৰ প্ৰয়োজনীয়তা উচ্চ সুতৰ ঋণৰ দ্বাৰা পূৰণ হোৱাৰ বিপৰীতে সময়মতে ধন পৰিশোধ নকৰাৰ ফলত অধিক অসন্মান আৰু অধিক সুতৰ হাৰৰ দুৰ্ভোগ ভুগিবলগীয়া হয়। তেওঁ লগতে উল্লেখ কৰে যে তেওঁলোকৰ হাতত কোনো ধৰণৰ ঋণ গেৰাণ্টি নথকাৰ বাবে তেওঁলোকে বেংকৰ সুবিধাও পোনৱা নাছিল। এনে ক্ষেত্ৰত বেংক একাউণ্ট নথকাৰ বাবে আৰু ব্যৱসায়িক ৰেকৰ্ডৰ অনুপস্থিতিৰ বাবে বেংকৰ ঋণ লাভ কৰাটো অসম্ভৱ হৈ পৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘পূৰ্বৰ চৰকাৰসমূহে পদপথৰ বিক্ৰেতাসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল, তেওঁলোকৰ সমস্যাসমূহ মোকাবিলা কৰাৰ কোনো প্ৰচেষ্টাও কৰা নাছিল।

 

“আপোনালোকৰ এই সেৱকেও দৰিদ্ৰতাৰ পৰা ওলাই আহিছে। মই দৰিদ্ৰতাৰ মাজত জীৱন কটাইছিলো। সেইবাবেই যিসকলৰ কোনেও যত্ন লোৱা নাই, তেওঁলোকক কেৱল যত্ন লোৱাই নহয়, মোদীয়ে পূজা কৰিও আহিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ লগতে কয়, যিসকলৰ বন্ধকী হিচাপে গেৰাণ্টি দিবলৈ একো নাছিল তেওঁলোকক মোদীৰ নিশ্চয়তাৰ আশ্বাস দিয়া হৈছিল। তেওঁ পদপথৰ ব্যৱসায়ীসকলৰ সততাৰ প্ৰশংসাও কৰে। তেওঁ কয় যে পদপথৰ ব্যৱসায়ীসকলক তেওঁলোকৰ ৰেকৰ্ড আৰু ডিজিটেল লেনদেনৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি ১০, ২০ আৰু ৫০ হাজাৰ টকাৰ ঋণ প্ৰদান কৰা হৈছে। এতিয়ালৈকে ৬২লাখ হিতাধিকাৰীয়ে ১১,০০০ কোটি টকাৰ সাহায্য লাভ কৰিছে। ইয়াৰে অধিকাংশ হিতাধিকাৰী মহিলা হোৱাৰ বাবে তেওঁ আনন্দ প্ৰকাশ কৰে।

 

ক’ভিড মহামাৰীৰ সময়ত পিএম স্বনিধি যোজনা আৰম্ভ হোৱাৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ কৰা এক অধ্যয়নৰ ওপৰত আলোকপাত কৰে, য’ত উল্লেখ কৰা হৈছে যে পদপথৰ বিক্ৰেতাসকলৰ আয় বহুগুণে বৃদ্ধি পাইছে আৰু ক্ৰয়ৰ ডিজিটেল ৰেকৰ্ডেও তেওঁলোকক বেংকৰ পৰা সুবিধা লাভ কৰাত সহায় কৰিছে। তেওঁ লগতে জনাইছে যে প্ৰতি বছৰে ডিজিটেল লেনদেনৰ জৰিয়তে ১২০০ টকাৰ কেছবেক ৰিডিম কৰিব পৰা যাব।

 

পদপথৰ ব্যৱসায়ীসকলে দৈনন্দিন জীৱনত সন্মুখীন হোৱা কষ্টৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ বহুতেই জীৱিকা নিৰ্বাহৰ বাবে গাঁৱৰ পৰা চহৰলৈ প্ৰব্ৰজন কৰে। বিনামূলীয়া ৰেচন, বিনামূলীয়া চিকিৎসা আৰু বিনামূলীয়া গেছ সংযোগৰ উদাহৰণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘পিএম স্বনিধিয়ে হিতাধিকাৰীসকলক বেংকৰ সৈতে সংযোগ কৰাই নহয় অন্যান্য চৰকাৰী সুবিধাৰ দুৱাৰ মুকলি কৰে। তেওঁ এক দেশ এক ৰেচন কাৰ্ড আঁচনিৰ পৰিৱৰ্তনকামী পদ্ধতিৰ ওপৰতো আলোকপাত কৰে যিয়ে দেশৰ যিকোনো ঠাইৰ পৰা বিনামূলীয়া ৰেচন লাভ কৰাৰ সুবিধা প্ৰদান কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ৪ কোটি পকী ঘৰৰ ভিতৰত ১ কোটি নগৰীয়া দৰিদ্ৰ লোকক আবণ্টন দিয়া হৈছে। জুপুৰীৰ ঠাইত পকী ঘৰ প্ৰদানৰ বাবে চলোৱা বৃহৎ অভিযানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দিল্লীত ইতিমধ্যে ৩,০০০ ঘৰ সম্পূৰ্ণ হৈছে আৰু ৩,৫০০ ঘৰ সম্পূৰ্ণ হোৱাৰ পথত। তেওঁ লগতে ৭৫,০০০ টকাৰ আবণ্টনৰে অকৰ্তৃত্বশীল কলনী আৰু পি এম সূৰ্য্য ঘৰ মুফট বিজলী যোজনাৰ দ্ৰুত প্ৰৱৰ্তনৰ কথাও উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় “কেন্দ্ৰীয় চৰকাৰে দিল্লীত দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ জীৱন সহজ কৰি তুলিবলৈ দিনে নিশাই কাম কৰি আছে”। তেওঁ মধ্যবিত্ত শ্ৰেণীৰ লগতে চহৰীয়া দৰিদ্ৰ লোকৰ বাবে পকী ঘৰ নিৰ্মাণৰ উদাহৰণ দি ঘৰ নিৰ্মাণৰ বাবে ৫০,০০০ কোটি টকাৰ ৰাজসাহায্য প্ৰদান কৰা হৈছে বুলি অৱগত কৰে। তেওঁ কেইবা ডজন চহৰত মেট্ৰ’ সেৱাৰ ওপৰত দ্ৰুতগতিত চলি থকা কাম আৰু প্ৰদূষণ আৰু যান-জঁটৰ সমস্যাসমূহ মোকাবিলা কৰিবলৈ বৈদ্যুতিক বাছ চলোৱাৰ কথা উল্লেখ কৰে।  দিল্লীৰ মেট্ৰ’ৰ বিস্তৃত নেটৱৰ্ক বিশ্বৰ নিৰ্বাচিত কেইখনমান চহৰৰ ভিতৰত অন্যতম বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “যোৱা ১০ বছৰত দিল্লী মেট্ৰ’ নেটৱৰ্ক দুবাৰকৈ সম্প্ৰসাৰণ হৈছে”। তেওঁ দিল্লী এনচিআৰ অঞ্চলৰ বাবে নমো ভাৰত দ্ৰুত ৰে’ল সংযোগৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, ‘কেন্দ্ৰীয় চৰকাৰে দিল্লীত ১০০০ৰো অধিক ইলেক্ট্ৰিক বাছ চলাই আছে যাতে মহানগৰীৰ প্ৰদূষণ ৰোধ কৰিব পৰা যায়। তেওঁ লগতে উল্লেখ কৰে যে দিল্লীৰ চাৰিওফালে প্ৰদূষণ আৰু যান-জঁট হ্ৰাস কৰাৰ বাবে অসংখ্য এক্সপ্ৰেছৱে নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ সপ্তাহটোৰ আৰম্ভণিতে দ্বাৰকা এক্সপ্ৰেছৱে উদ্বোধনৰ কথা স্মৰণ কৰে।

 

যুৱক-যুৱতীসকলৰ মাজত ক্ৰীড়াৰ প্ৰসাৰৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে কোৱাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে খেলো ইণ্ডিয়াই সাধাৰণ পৰিয়ালৰ যুৱক-যুৱতীসকলক অভূতপূৰ্ব সুযোগ দিয়াৰ কথা উল্লেখ কৰে কাৰণ সুলভ সুবিধা আহি আছে আৰু খেলুৱৈসকলৰ বাবে গুণগত প্ৰশিক্ষণৰ বাবে সহায় আগবঢ়োৱা হৈছে।

 

‘মোদীয়ে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ জীৱন উন্নত কৰাৰ বাবে অদম্যভাৱে কাম কৰি আছে। মোদীৰ চিন্তাধাৰা হৈছে ‘জনসাধাৰণৰ কল্যাণেৰে দেশৰ কল্যাণ সাধন কৰা’, দুৰ্নীতি আৰু তুষ্টিকৰণ পুলিয়ে-পোখাই নিৰ্মূল কৰি ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তোলা”।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয়, “সাধাৰণ নাগৰিকৰ সপোন আৰু মোদীৰ সংকল্পৰ অংশীদাৰিত্বই উজ্জ্বল ভৱিষ্যতৰ নিশ্চয়তা”।

এই উপলক্ষে অনুষ্ঠানত দিল্লীৰ উপ-ৰাজ্যপাল শ্ৰী বিনয় কুমাৰ ছাক্সেনা, কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী আৰু কেন্দ্ৰীয় বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ভাগৱত কিষানৰাও কাৰাদ উপস্থিত থাকে।

 

পটভূমিঃ

সমাজৰ প্ৰান্তীয় শ্ৰেণীক অৰ্থনৈতিক সহায় আগবঢ়োৱাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ মহামাৰীৰ ফলত সৃষ্টি হোৱা বিশ্ব অৰ্থনৈতিক সংকটৰ মাজতে ১ জুন, ২০২০ত প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ শুভাৰম্ভ কৰা হয়। পদপথৰ বিক্ৰেতাৰ প্ৰান্তীয় সম্প্ৰদায়ৰ বাবে ই পৰিৱৰ্তনকামী হিচাপে প্ৰমাণিত হৈছে। এতিয়ালৈকে সমগ্ৰ দেশৰ ৬২ লাখৰো অধিক ৰাজপথৰ ব্যৱসায়ীক ৮২ লাখতকৈ অধিক ঋণ প্ৰদান কৰা হৈছে, যাৰ পৰিমাণ ১০,৯৭৮ কোটিতকৈ অধিক৷ কেৱল দিল্লীত প্ৰায় ২ লাখ ঋণ বিতৰণ কৰা হৈছে, যাৰ পৰিমাণ ২৩২ কোটি টকা। ঐতিহাসিকভাৱে কম সেৱা লাভ কৰাসকলৰ বাবে এই আঁচনিখন আৰ্থিক অন্তৰ্ভুক্তি আৰু সামগ্ৰিক কল্যাণৰ আশাৰ কিৰণ হৈ আহিছে৷

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিল্লী মেট্ৰ’ৰ অতিৰিক্ত দুটা কৰিড’ৰ লাজপট নগৰ–সাকেট-জি ব্লক আৰু ইন্দৰলক–ইন্দ্ৰপ্ৰস্থৰো আধাৰশিলা স্থাপন কৰে।এই কৰিডৰসমূহ একেলগে ২০ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ হ’ব আৰু ই সংযোগ উন্নত কৰাত সহায় কৰিব আৰু যান-জঁট আৰু অধিক হ্ৰাস কৰিব।

লাজপাট নগৰৰ পৰা সাকেট জি-ব্লক কৰিডৰৰ ষ্টেচনসমূহৰ ভিতৰত লাজপট নগৰ, এন্দ্ৰিউজ গঞ্জ, বৃহত্তৰ কৈলাশ–১, চিৰাগ দিল্লী, পুষ্পা ভৱন, সাকেট জিলা কেন্দ্ৰ, পুষ্প বিহাৰ, সাকেট জি–ব্লক থাকিব৷ ইন্দৰলক–ইন্দ্ৰপ্ৰস্থ কৰিডৰত থকা ষ্টেচনসমূহৰ ভিতৰত ইন্দৰলক, দয়া বস্তি, চৰাই ৰোহিল্লা, আজমল খান পাৰ্ক, নবী কৰিম, নতুন দিল্লী, এল এন জে পি হাস্পতাল, দিল্লী গেট, দিল্লী সচিববালয় আৰু ইন্দ্ৰপ্ৰস্থ থাকিব।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year

Media Coverage

IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 এপ্ৰিল 2026
April 28, 2026

From Orchids to Expressways: PM Modi’s Blueprint for a Self-Reliant, Connected & Proud India