ৰাষ্ট্ৰপতি মেক্ৰ’ৰ আমন্ত্ৰণত মই ১০ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ ফ্ৰান্স ভ্ৰমণ কৰিম। পেৰিছত মই বিশ্বৰ নেতা আৰু বিশ্ব প্ৰযুক্তি খণ্ডৰ চিইঅ’সকলৰ সমাৱেশ এআই একচন ছামিটৰ সহ-অধ্যক্ষতা কৰিবলৈ আগ্ৰহী, য’ত আমি উদ্ভাৱন আৰু বৃহত্তৰ জনসাধাৰণৰ মংগলৰ বাবে এআই প্ৰযুক্তিৰ সহযোগিতামূলক দৃষ্টিভংগীৰ ওপৰত সৰ্বাংগীন, সুৰক্ষিত আৰু বিশ্বাসযোগ্যভাৱে মতামত বিনিময় কৰিম।

মোৰ ভ্ৰমণৰ অংশ হিচাপে মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰ’ৰ সৈতে ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্বৰ বাবে ২০৪৭ৰ হৰাইজন ৰোডমেপৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। আমি ফ্ৰান্সত প্ৰথমটো ভাৰতীয় কনছুলেট উদ্বোধন কৰিবলৈ ফ্ৰান্সৰ ঐতিহাসিক চহৰ মাৰ্চেইললৈও যাত্ৰা কৰিম আৰু লগতে আন্তঃৰাষ্ট্ৰীয় তাপ পাৰমাণৱিক পৰীক্ষামূলক ৰিয়েক্টৰ প্ৰকল্পও পৰিদৰ্শন কৰিম। ভাৰত বিশ্ব কল্যানৰ বাবে শক্তি ব্যৱহাৰ কৰাৰ বাবে ফ্ৰান্সকে ধৰি অংশীদাৰ দেশসমূহৰ সংঘৰ সদস্য। মই মাজাৰগুৱেছ যুদ্ধ স্মাৰকত প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিক সকলৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি নিবেদন কৰিম।

ফ্ৰান্সৰ পৰা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আমন্ত্ৰণত মই দুদিনীয়া কাৰ্যসূচীৰে আমেৰিকা ভ্ৰমণ কৰিম। মোৰ বন্ধু ৰাষ্ট্ৰপতি ট্ৰাম্পক লগ পাবলৈ মই আগ্ৰহী হৈ আছো। যদিও জানুৱাৰী মাহত তেওঁৰ ঐতিহাসিক নিৰ্বাচনী বিজয় আৰু কাৰ্যভাৰ গ্ৰহণৰ পিছত এইখন আমাৰ প্ৰথম বৈঠক হ’ব, তথাপিও ভাৰত আৰু আমেৰিকাৰ মাজত এক সৰ্বাংগীন বৈশ্বিক কৌশলগত অংশীদাৰিত্ব গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁৰ প্ৰথম কাৰ্যকালত একেলগে কাম কৰাৰ মোৰ বহু সজীৱ স্মৃতি আছে।

এই ভ্ৰমণে তেওঁৰ প্ৰথম কাৰ্যকালত আমাৰ সহযোগিতাৰ সফলতাসমূহ আগুৱাই নিয়াৰ লগতে প্ৰযুক্তি, বাণিজ্য, প্ৰতিৰক্ষা, শক্তি আৰু যোগান শৃংখলৰ সুস্থিৰতাকে ধৰি আমাৰ অংশীদাৰিত্বক আৰু অধিক উন্নীত আৰু গভীৰ কৰাৰ বাবে এক এজেণ্ডা গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰিব। আমি আমাৰ দুয়োখন দেশৰ জনসাধাৰণৰ পাৰস্পৰিক লাভালাভৰ বাবে একেলগে কাম কৰি বিশ্বৰ বাবে এক উন্নত ভৱিষ্যত গঢ় দিম।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists

Media Coverage

Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 আগষ্ট 2026
August 10, 2026

History, Heritage & High Growth: Why India’s Youth Feel Unstoppable Under PM Modi’s Leadership