India will move forward with faster speed and greater confidence: PM Modi
Today, youth of India has the confidence of becoming a job giver instead of being a job seeker: PM
Our aim to transform India into a tax compliant society: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টাইমছ নাও টিভি চেনেলৰ দ্বাৰা আয়োজিত ভাৰতৰ কৰ্ম পৰিকল্পনা ২০২০ শীৰ্ষক সন্মিলনত মুল বক্তব্য আগবঢ়ায়৷

শ্ৰী মোদীয়ে কয় যে বিশ্বৰ যুৱ দেশ, ভাৰতে নতুন দশকৰ বাবে কৰ্ম পৰিকল্পনা গ্ৰহণ কৰিছে আৰু সেই যুৱ ভাৰতে ধিৰ গতিৰে যাব নিবিচাৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে এক দৃষ্টিভংগী লৈছে, য’ত বিগত মাহবোৰত শতাধিক সিদ্ধান্ত গ্ৰহণ কৰিছে৷

তেওঁ লগতে কয় যে এই প্ৰত্যাহ্বানসমূহে সমাজৰ প্ৰতিটো পৰ্যায়ত বিশ্বাসেৰে নতুন শক্তি যোগাব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি দেশৰ দুখীয়া লোকসকল বিশ্বাসৰ জন্মিছে যে তেওঁলোকে তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নতি কৰিব পাৰে, দৰিদ্ৰতা নিৰ্মূল কৰিব পাৰে আৰু কৃষকসকলেও তেওঁলোকৰ কৃষি কাৰ্যৰ বৃদ্ধিৰ প্ৰতি বিশ্বাসী হৈছে৷

৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিসৰু নগৰ আৰু চহৰত গুৰুত্বঃ  

“‘অহা ৫ বছৰত ভাৰতৰ অর্থনীতি ৫ ত্ৰিলিয়ন মার্কিন ডলাৰ কৰাৰ লক্ষ্য লোৱা হৈছে। এই লক্ষ্যপূৰণ একেবাৰে সহজ নহয়, কিন্তু অসম্ভৱো নহয়,’ তেওঁ কয়৷

এই লক্ষ্য অর্জনৰ বাবে দেশৰ উদ্যোখ খণ্ডৰ উৎপাদন আৰু শক্তিশালী কৰাটো অতি গুৰুত্বপূর্ণ। একেদৰে দেশৰ ৰপ্তানী বৃদ্ধি কৰাটোও প্ৰয়োজন৷ এই ক্ষেত্রত চৰকাৰে একাধিক প্ৰচেষ্টা গ্ৰহণ কৰিছে৷

প্ৰধানমন্ত্রীয়ে কয় যে বিশ্ব অর্থনীতিৰ উথান-পতনৰ এই প্ৰচেষ্টাত ভাৰতে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷

তেওঁ কয় যে প্ৰথমবাৰলৈ চৰকাৰে সৰু চহৰবোৰ নতুন হাব হিচাপে গঢ়ি তোলাৰ বাবে ইয়াৰ অর্থনীতিৰ বিকাশৰ ওপৰত জোৰ দিছে৷

কৰ ব্যৱস্থাত উন্নতিঃ

প্ৰধানমন্ত্রীয়ে কয়, ‘প্ৰতিখন চৰকাৰেই কৰ ব্যৱস্থাৰ উন্নতিৰ ক্ষেত্ৰত অতি দ্বিধাবোধ ৰাখি আহিছে। সেইবাবে সুদীর্ঘ কেইবা বছৰ ধৰি এই ক্ষেত্রত কোনো পৰিৱর্তন হোৱা নাছিল৷ এতিয়া আমি নাগৰিককেন্দ্রিক কৰ ব্যৱস্থাপনাৰ দিশত আগুৱাই গৈছো৷ কৰদাতাসকলৰ চনদ নথিভুক্তিকৰণ ৰূপায়ণকাৰা কেইবাখনো দেশৰ ভিতৰত ভাৰতে এতিয়া স্থান লাভ কৰিছে৷ এই চনদত কৰদাতাৰ অধিকাৰৰ সুষ্পষ্ট উল্লেখ আছে৷’

প্ৰধানমন্ত্রীয়ে প্ৰতিগৰাকী ভাৰতীয়ক কৰ ফাঁকি দিয়াৰ প্ৰৱণতাৰ পৰা মুক্ত হৈ সৎ কৰদাতা হৈ উঠাৰ আহ্বান জনায়৷ প্ৰত্যেকেই দায়িত্বশীল নাগৰিক হৈ উঠি কৰ প্ৰদানৰ বাবে আহ্বান জনায়৷

ভাৰতৰ সমৃদ্ধিত গঠনমূলক ভূমিকা পালনৰ বাবে তেওঁ সংবাদ মাধ্যমকো আহ্বান জনায়৷

তেওঁ কয়, ‘যেতিয়া প্ৰত্যেকে নিজৰ দায়িত্ব পালন কৰিব, তেতিয়া কোনো সমস্যা সমাধানত অসুবিধা নহয়৷ দেশে এক নতুন শক্তি আৰু উদ্দীপনা লাব কৰিব৷ ই এই দশকত ভাৰতক এক নতুন শিখৰত উপনীত কৰিব৷”

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership