যোধপুৰৰ এইমছত 'ট্ৰমা চেণ্টাৰ এণ্ড ক্ৰিটিকেল কেয়াৰ হস্পিটেল ব্লক'ৰ আধাৰশিলা স্থাপন কৰে আৰু পিএম-এবিএমৰ অধীনত ৭ টা গুৰুত্বপূৰ্ণ কেয়াৰ ইউনিট স্থাপন কৰে
যোধপুৰ বিমানবন্দৰত নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰে
আই আই টি যোধপুৰ চৌহদ আৰু আন্তঃগাঁথনি উন্নীতকৰণ ৰাজস্থানৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়লৈ উৎসৰ্গিত কৰে
একাধিক পথ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
১৪৫ কিলোমিটাৰ দৈৰ্ঘৰ ডেগানা-ৰায় কা বাগ ৰেল লাইন আৰু ৫৮ কিলোমিটাৰ দৈৰ্ঘৰ ডেগানা-কুচামান চিটি ৰেল লাইনৰ দ্বৈতকৰণ উৎসৰ্গা কৰে
জয়চালমেৰক দিল্লীৰ সৈতে সংযোগ কৰা ৰুনিচা এক্সপ্ৰেছ আৰু মাৰৱাৰ জংচন- খাম্বলী ঘাটসংযোগী নতুন ঐতিহ্যবাহী ৰেল পতাকা জোকাৰি মুকলি কৰে
"ৰাজস্থান হৈছে এনে এখন ৰাজ্য, য'ত প্ৰাচীন ভাৰতৰ গৌৰৱ দেশৰ বীৰত্ব, সমৃদ্ধি আৰু সংস্কৃতি দৃশ্যমান হয়"
"ভাৰতৰ অতীত গৌৰৱক প্ৰতিনিধিত্ব কৰা ৰাজস্থানে ভাৰতৰ ভৱিষ্যতকো প্ৰতিনিধিত্ব কৰাটো গুৰুত্বপূৰ্ণ"
"কেৱল ৰাজস্থানৰ নহয়, দেশৰ মুখ্য প্ৰতিষ্ঠানসমূহৰ মাজত এইমছ যোধপুৰ আৰু আই আই টি যোধপুৰ দেখি মই অত্যন্ত আনন্দিত হৈছো"
"ৰাজস্থানৰ উন্নয়নৰ সৈতেহে ভাৰতৰ বিকাশ হ'ব"

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ যোধপুৰত প্ৰায় ৫০০০ কোটি টকা ব্যয়সাপেক্ষ পথ, ৰে'ল, বিমান, স্বাস্থ্য আৰু উচ্চ শিক্ষাৰ দৰে খণ্ডৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে যোধপুৰৰ এইমছত ৩৫০ বিচনা যুক্ত ট্ৰমা চেণ্টাৰ আৰু ক্ৰিটিকেল কেয়াৰ হস্পিটেল ব্লক, পিএম-এবিএইচআইএমৰ অধীনত ৭ টা গুৰুত্বপূৰ্ণ কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন আৰু যোধপুৰ বিমানবন্দৰত নতুন টাৰ্মিনেল ভৱনৰ বিকাশ। তেওঁ আই আই টি যোধপুৰ চৌহদ আৰু আন্তঃগাঁথনি উন্নীতকৰণ ৰাজস্থানৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়লৈ উৎসৰ্গিত কৰে। প্ৰধানমন্ত্ৰীয়ে একাধিক পথ উন্নয়ন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে আৰু ১৪৫ কিলোমিটাৰ দৈৰ্ঘৰ ডেগানা-ৰায় কা বাগৰ দ্বৈতকৰণ আৰু ৫৮ কিলোমিটাৰ দৈৰ্ঘৰ ডেগানা-কুচামান চিটি ৰে'ল লাইনকে ধৰি আন দুটা ৰে'ল প্ৰকল্প উৎসৰ্গা কৰে। মোদীয়ে ৰাজস্থানত ৰুনিচা এক্সপ্ৰেছ নামৰ দুখন নতুন ৰে'ল সেৱাৰ শুভাৰম্ভ কৰে। ই হৈছে জয়চালমেৰক দিল্লীৰ সৈতে সংযোগ কৰা আৰু মাৰৱাৰ জংচন-খাম্বলী ঘাটক সংযোগ কৰা এখন নতুন ঐতিহ্যবাহী ৰে'ল।

 

এই উপলেক্ষ অনুষ্ঠিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে বীৰ দুৰ্গাদাসৰ ভূমিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলাফল আজিৰ প্ৰকল্পসমূহৰ সৈতে প্ৰত্যক্ষ কৰিব পাৰি আৰু ইয়াৰ দ্বাৰা অভিজ্ঞতা লাভ কৰিব পাৰি বুলি তেওঁ উল্লেখ কৰি ৰাজস্থানৰ জনসাধাৰণক অভিনন্দন জনায়। 

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজস্থান হৈছে এনে এখন ৰাজ্য য'ত প্ৰাচীন ভাৰতৰ গৌৰৱ দেশৰ বীৰত্ব, সমৃদ্ধি আৰু সংস্কৃতি দৃশ্যমান। তেওঁ শেহতীয়াকৈ যোধপুৰত এখন উচ্চ প্ৰশংসিত জি-২০ বৈঠকৰ কথাও স্মৰণ কৰে। স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ বাবে ছানচিটি যোধপুৰৰ আকৰ্ষণৰ কথা উল্লেখ কৰি তেওঁ ভাৰতৰ অতীত গৌৰৱক প্ৰতিনিধিত্ব কৰা ৰাজস্থানে ভাৰতৰ ভৱিষ্যতকো প্ৰতিনিধিত্ব কৰাটো গুৰুত্বপূৰ্ণ বুলি কয়। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ই তেতিয়াহে সম্ভৱ হ'ব, যেতিয়া মেৱাৰৰ পৰা মাৰৱাৰলৈকে সমগ্ৰ ৰাজস্থানে উন্নয়নৰ নতুন উচ্চতা অৰ্জন কৰিব আৰু আধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰা হ'ব। 

তেওঁ কয় যে বিকানেৰ আৰু বাৰমেৰৰ মাজেৰে যোৱা জামনগৰ এক্সপ্ৰেছ ৱে আৰু দিল্লী মুম্বাই এক্সপ্ৰেছৱে ৰাজস্থানৰ হাইটেক আন্তঃগাঁথনিৰ উদাহৰণ। 

এই বছৰ ৰাজস্থানৰ ৰে'লপথৰ বাবে প্ৰায় ৯৫০০ কোটি টকাৰ বাজেট আৱণ্টন কৰা হৈছে বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই পৰিমাণ পূৰ্বৰ চৰকাৰৰ গড় বাজেটতকৈ ১৪ গুণ বেছি৷  প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ২০১৪ চনলৈকে স্বাধীনতাৰ পিছৰে পৰা ৰাজস্থানত প্ৰায় ৬০০ কিলোমিটাৰ ৰে'ল লাইনত বিদ্যুৎ সংযোগ কৰা হৈছিল কিন্তু বৰ্তমানৰ চৰকাৰে ইতিমধ্যে যোৱা ৯ বছৰত ৩৭০০ কিলোমিটাৰতকৈও অধিক বিদ্যুৎ সংযোগ কৰিছে৷ এতিয়া ডিজেল ইঞ্জিন ৰে'লৰ পৰিৱৰ্তে এই ট্ৰেকসমূহত বৈদ্যুতিক ৰে'ল চলিব। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ই প্ৰদূষণ হ্ৰাস কৰাত আৰু ৰাজ্যখনত বায়ু পৰিষ্কাৰ কৰি ৰখাত সহায় কৰিব। অমৃত ভাৰত ষ্টেচন আঁচনিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ অধীনত ৰাজস্থানৰ ৮০ টাতকৈও অধিক ৰে'ল ষ্টেচন পুনৰ বিকশিত কৰা হৈছে। তেওঁ দেশৰ বিমান বন্দৰসমূহৰ উন্নয়ন কৰাৰ দৰে দৰিদ্ৰ লোকসকলে যাতায়তৰ বাবে সঘনাই ব্যৱহাৰ কৰা ৰে'ল ষ্টেচনসমূহৰ পুনৰ বিকাশৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। তেওঁ যোধপুৰ ৰেল ষ্টেচনৰ পুনৰ বিকাশৰ আধাৰশিলা স্থাপনৰ কথাও উল্লেখ কৰে।  

 

প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ ৰে'ল আৰু পথ প্ৰকল্পসমূহে ৰাজ্যখনলৈ উন্নয়নৰ গতি কঢ়িয়াই আনিব। তেওঁ ৰে'ল লাইন দ্বৈত হোৱাৰ বাবে ৰে'ল ভ্ৰমণৰ সময় হ্ৰাস হোৱাৰ কথা উল্লেখ কৰে আৰু জয়চালমেৰক দিল্লীৰ সৈতে সংযোগ কৰা ৰুনিচা এক্সপ্ৰেছ আৰু আজি মাৰৱাৰ জংচন-খাম্বলী ঘাট আৰু কেইদিনমান পূৰ্বে বন্দে ভাৰত এক্সপ্ৰেছক সংযোগ কৰা এখন নতুন ঐতিহ্যবাহী ৰে'ল মুকলিৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে আজি তিনিটা পথ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে যোধপুৰ বিমানবন্দৰত নতুন টাৰ্মিনেল ভৱনৰ উন্নয়নৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে মোদীয়ে কয় যে আজিৰ প্ৰকল্পসমূহে আঞ্চলিক অৰ্থনীতিক শক্তিশালী কৰাৰ লগতে নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব আৰু লগতে ৰাজ্যখনৰ পৰ্যটন খণ্ডক নতুন শক্তি প্ৰদান কৰিব। 

চিকিৎসা আৰু অভিযান্ত্ৰিক শিক্ষাৰ ক্ষেত্ৰত ৰাজস্থানৰ বিশেষ স্থানসমূহ স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কোটাৰ অৱদানৰ কথা উল্লেখ কৰি কয় যে শিক্ষাৰ লগতে ৰাজস্থান চিকিৎসা আৰু অভিযান্ত্ৰিকৰ কেন্দ্ৰ হৈ পৰিছে। ইয়াৰ বাবে যোধপুৰৰ এইমছত 'ট্ৰমা, ইমাৰ্জেন্সি এণ্ড ক্ৰিটিকেল কেয়াৰ'ৰ সুবিধা বিকশিত কৰা হৈছে আৰু প্ৰধানমন্ত্ৰীৰ অধীনত সাতটা গুৰুত্বপূৰ্ণ কেয়াৰ ইউনিট বিকশিত কৰা হৈছে –আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান (পিএম-এবিএইচআইএম) সমগ্ৰ ৰাজস্থানত বিকশিত কৰা হৈছে। তেওঁ কয় যে কেৱল ৰাজস্থানৰ নহয়, দেশৰ প্ৰধান প্ৰতিষ্ঠানসমূহৰ মাজত এইমছ যোধপুৰ আৰু আই আই টি যোধপুৰ দেখি মই অত্যন্ত আনন্দিত। এইমছ আৰু আই আই টি যোধপুৰে যুটীয়াভাৱে চিকিৎসা প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ ক্ষেত্ৰখনত কাম আৰম্ভ কৰিছে। তেওঁ লগতে কয় যে ৰবটিক অস্ত্ৰোপচাৰৰ দৰে উচ্চমানৰ চিকিৎসা প্ৰযুক্তিয়ে ভাৰতক গৱেষণা আৰু উদ্যোগৰ ক্ষেত্ৰত নতুন উচ্চতা প্ৰদান কৰিব আৰু ইয়াৰ ফলত চিকিৎসা পৰ্যটনৰ প্ৰসাৰ ঘটিব।

 

ৰাজস্থান হৈছে প্ৰকৃতি আৰু পৰিৱেশ ভাল পোৱা সকলৰ দেশ। গুৰু জাম্বেশ্বৰ আৰু বিষ্ণ’ই সম্প্ৰদায়ৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই লোকসকলে শতিকা ধৰি এই জীৱনশৈলীৰে জীয়াই আছে আৰু বিশ্বই ইয়াক অনুসৰণ কৰিছে। এই ঐতিহ্যৰ ওপৰত ভিত্তি কৰি ভাৰতে আজি সমগ্ৰ বিশ্বক পথ প্ৰদৰ্শন কৰি আছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰতি আস্থা প্ৰকাশ কৰি কয় যে ভাৰতে কেৱল ৰাজস্থানৰ উন্নয়নৰ সৈতেহে বিকাশ লাভ কৰিব। "আমি একেলগে ৰাজস্থানৰ বিকাশ কৰিব লাগিব আৰু ইয়াক সমৃদ্ধিশালী কৰিব লাগিব" বুলি মত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণৰ সামৰণি মাৰে। 

ৰাজস্থানৰ ৰাজ্যপাল কলৰাজ মিশ্ৰ, কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত আৰু কৈলাশ চৌধুৰীসহ আন আন বিশিষ্ট ব্যক্তিসকল এই অনুষ্ঠানত উপস্থিত আছিল।

পটভূমি

প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পসমূহৰ ভিতৰত এইমছ, যোধপুৰত ৩৫০খন বিচনাযুক্ত ‘ট্ৰমা চেণ্টাৰ এণ্ড ক্ৰিটিকেল কেয়াৰ হস্পিতাল ব্লক আৰু সমগ্ৰ ৰাজস্থানত প্ৰধানমন্ত্ৰী– আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান (পিএম-এবিএইচআইএম)ৰ অধীনত সাতটা ক্ৰিটিকেল কেয়াৰ ব্লক গঢ়ি তোলা আদি উল্লেখযোগ্য৷ এইমছ যোধপুৰত ‘ট্ৰমা, ইমাৰ্জেন্সি এণ্ড ক্ৰিটিকেল কেয়াৰ’ৰ সংহত কেন্দ্ৰটো ৩৫০ কোটিতকৈ অধিক ব্যয়ৰে নিৰ্মাণ কৰা হ’ব। ইয়াত বিভিন্ন সুবিধা যেনে-ট্ৰায়েজ, ডায়েগনষ্টিকছ, ডে কেয়াৰ, ৱাৰ্ড, ব্যক্তিগত কোঠা, মডিউলাৰ অপাৰেচন থিয়েটাৰ, আইচিইউ আৰু ডায়েলাইছিছ আদি সামৰি লোৱা হ’ব। সাতটা ক্ৰিটিকেল কেয়াৰ ব্লকে জিলা পৰ্যায়ৰ ক্ৰিটিকেল কেয়াৰ আন্তঃগাঁথনি বৃদ্ধি কৰি সমগ্ৰ ৰাজস্থানৰ জনসাধাৰণক উপকৃত কৰিব।

প্ৰধানমন্ত্ৰীয়ে যোধপুৰ বিমানবন্দৰত পুনৰ উন্নয়ন সাধন কৰিবলগীয়া অত্যাধুনিক নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰে। মুঠ ৪৮০ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া এই নতুন টাৰ্মিনেল ভৱনটো প্ৰায় ২৪,০০০ বৰ্গমিটাৰ এলেকাত নিৰ্মাণ কৰা হ’ব আৰু ইয়াত ভিৰ হোৱা সময়ত ২,৫০০ যাত্ৰীক সেৱা প্ৰদান কৰিব পৰাকৈ সজ্জিত কৰা হ’ব। ইয়াৰ জৰিয়তে বছৰি ৩৫ লাখ যাত্ৰীক সেৱা আগবঢ়াব পৰা যাব, যাৰ ফলত যোগাযোগ ব্যৱস্থা উন্নত হ’ব আৰু অঞ্চলটোৰ পৰ্যটন বৃদ্ধি হ’ব।

প্ৰধানমন্ত্ৰীয়ে আইআইটি যোধপুৰ চৌহদো দেশবাসীৰ নামত উৎসৰ্গা কৰে। এই অত্যাধুনিক চৌহদটো ১,১৩৫ কোটিতকৈ অধিক টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। এয়া উচ্চমানৰ সামগ্ৰিক শিক্ষা প্ৰদান আৰু অত্যাধুনিক গৱেষণা আৰু উদ্ভাৱন পদক্ষেপক সমৰ্থন কৰাৰ বাবে আন্তঃগাঁথনি নিৰ্মাণৰ দিশত এক পদক্ষেপ।

ৰাজস্থানৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ ‘কেন্দ্ৰীয় যন্ত্ৰপাতি পৰীক্ষাগাৰ’, কৰ্মচাৰীৰ আবাসগৃহ তথা ‘যোগ আৰু ক্ৰীড়া বিজ্ঞান ভৱন’ দেশবাসীৰ নামত উৎসৰ্গা কৰে। তেওঁ কেন্দ্ৰীয় পুথিভঁৰালৰ আধাৰশিলা, ৬০০জন আবাসী থাকিব পৰা হোষ্টেল আৰু ৰাজস্থানৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে খাদ্য গ্ৰহণৰ সুবিধাৰ আধাৰশিলাও স্থাপন কৰিব।

ৰাজস্থানৰ পথ আন্তঃগাঁথনি উন্নয়নৰ এক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে ১২৫-ক ৰাষ্ট্ৰীয় ঘাইপথত কাৰৱাৰৰ পৰা যোধপুৰ ৰিং ৰোডৰ ডাংগিয়াৱাছ অংশলৈ ফৰলেনকে ধৰি একাধিক পথ উন্নয়ন প্ৰকল্প, বালোত্ৰাৰ প্ৰধান চহৰৰ অংশৰ পৰা জালোৰ (ৰাষ্ট্ৰীয় ঘাইপথ-৩২৫) হৈ ছাণ্ডেৰাও অংশলৈ সাতটা বাইপাছ/ৰি-এলাইনমেণ্ট নিৰ্মাণ, ২৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাচপাদ্ৰ-বাগুণ্ডি অংশৰ ফৰলেন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই পথ প্ৰকল্পসমূহ প্ৰায় ১,৪৭৫ কোটি টকাৰ মুঠ ব্যয়ৰে নিৰ্মাণ কৰা হ’ব। যোধপুৰ ৰিং ৰোডে মহানগৰীৰ যান-বাহনৰ ভিৰ কম কৰাৰ লগতে যান-বাহনৰ প্ৰদূষণ হ্ৰাস কৰাত সহায় কৰিব। এই প্ৰকল্পসমূহে সংযোগ উন্নত কৰাত সহায় কৰিব, বাণিজ্য, কৰ্মসংস্থাপন সৃষ্টি আৰু অঞ্চলটোৰ অৰ্থনৈতিক বিকাশত সহায় কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানত দুখন নতুন ৰে’লৰ শুভাৰম্ভ কৰে। এই ৰে’ল দুখন হৈছে জয়চালমেৰ-দিল্লী সংযোগী নতুন ৰে’ল-ৰুনিচা এক্সপ্ৰেছ-আৰু মাৰৱাৰ জংচন-খাম্বলী ঘাট সংযোগী নতুন হেৰিটেজ ৰে’ল। ৰুনিচা এক্সপ্ৰেছ যোধপুৰ, ডেগানা, কুচামান চহৰ, ফুলেৰা, ৰিংগাছ, শ্ৰীমাধোপুৰ, নিম কা থানা, নৰনাউল, আটেলি, ৰেৱাৰীৰ মাজেৰে পাৰ হৈ ৰাষ্ট্ৰীয় ৰাজধানীৰ সৈতে সকলো চহৰৰ সংযোগ উন্নত কৰিব। মাৰোৱাৰ জুনিয়ৰ-খাম্বলি ঘাট সংযোগী নতুন ঐতিহ্যমণ্ডিত ৰে’লখনে পৰ্যটনক এক গতি প্ৰদান কৰাৰ লগতে অঞ্চলটোত কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব। ইয়াৰ উপৰি আন দুটা ৰে’ল প্ৰকল্পও প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ উৎসৰ্গা কৰিব। ইয়াৰ ভিতৰত ১৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘ডেগানা-ৰাই কা বাগ’ ৰে’লপথ আৰু ৫৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘ডেগানা-কুচামান চহৰ’ ৰে’লপথ দ্বৈতকৰণ প্ৰকল্পও আছে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'History Created In Glasgow': PM Modi Hails Indian Athletes For CWG 2026 Glory

Media Coverage

'History Created In Glasgow': PM Modi Hails Indian Athletes For CWG 2026 Glory
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Global Tiger Day, reaffirms commitment to tiger conservation
July 29, 2026

The Prime Minister, Shri Narendra Modi, has extended greetings to all wildlife enthusiasts on Global Tiger Day.

The Prime Minister said that the people of India are proud that the country is home to almost 70 per cent of the global tiger population.

He noted that India’s tiger conservation efforts are inspired by the country’s centuries-old culture of living in harmony with nature and powered by the collective will of its people.

Shri Modi reaffirmed the commitment to science-based conservation, community participation and sustainable development that strengthens tiger conservation.

Shri Modi also lauded the efforts and dedication of forest personnel, scientists and conservationists for their key role in tiger protection. The Prime Minister added that India remains committed to empowering local communities and reducing human-wildlife conflict.

In a thread posts on X, Shri Modi said;

“Greetings to all wildlife enthusiasts on Global Tiger Day. The people of India are proud of the fact that we are home to almost 70% of the global tiger population. India’s tiger conservation efforts are inspired by our centuries-old culture of living in harmony with nature and powered by the collective will of our people. We also reaffirm our commitment to science-based conservation, community participation and sustainable development that strengthens tiger conservation.”

“The efforts and dedication of our forest personnel, scientists and conservationists have also played a key role in tiger protection. In that spirit, India remains committed to empowering local communities and reducing human-wildlife conflict.”