অমৃতসৰ-জামনগৰ অৰ্থনৈতিক কৰিডৰৰ ছয় লেনযুক্ত গ্ৰীণফিল্ড এক্সপ্ৰেছৱে অংশ দেশৰ বাবে উৎসৰ্গিত
প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৪৫০ কোটি টকা ব্যয় সাপেক্ষে বিকানেৰ ৰেলৱে ষ্টেচন পুনৰ উন্নয়ন আৰু ৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ চুৰু-ৰতংগৰ অংশৰ ৰেল-লাইন দুগুণ কৰাৰ আধাৰশিলা স্থাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে বিকানেৰ আৰু ৰাজস্থানৰ ৰাইজক সেউজ শক্তি কৰিডৰ আৰু কৰ্মচাৰী ৰাজ্যিক বীমা নিগম (ই এছ আই চি) চিকিৎসালয়ৰ বাবেও অভিনন্দন জ্ঞাপন কৰে।
তেওঁ তৈলক্ষেত্ৰ শোধনাগাৰৰ সৈতে বৃদ্ধি পোৱা পৰিবহণ-সংযোগৰ ওপৰত আলোকপাত কৰে, যাৰ ফলত দেশৰ যোগান শক্তিশালী হ’ব আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিত হ’ব।
তেওঁ বিকানেৰৰ আচাৰ, পাপড়, নামকিনৰ কথা উল্লেখ কৰি কয় যে উন্নত পৰিবহণ সংযোগৰ দ্বাৰা এই ক্ষুদ্ৰ ব্যৱসায়ীসকলে নিজৰ সামগ্ৰী বিশ্বৰ চুকে-কোণলৈ পঠিয়াব পাৰিব।
প্ৰধানমন্ত্ৰীয়ে কয় যে উন্নয়নৰ এই সম্ভাৱনাৰ বাবেই ৰাজ্যত অভিলেখ বিনিয়োগ কৰা হৈছে। পৰিবহণ সংযোগক হাই-টেক কৰি তোলা হৈছে, কিয়নো ইয়াত ঔদ্যোগিক বিকাশৰ অপৰিসীম সম্ভাৱনা আছে
ইয়াৰ ফলত এই অঞ্চলসমূহৰ উন্নয়ন হ’ব আৰু এই অঞ্চলসমূহ ভ্ৰমণৰ বাবে দেশবাসীৰ আগ্ৰহ বৃদ্ধি পাব
ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী কলৰাজ মিশ্ৰ, কেন্দ্ৰীয় গড়কাপ্তানি, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰী, কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱাল, কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট আৰু কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত এই উপলক্ষে শ্ৰী কৈলাশ চৌধুৰী আৰু অন্যান্যসকল উপস্থিত থাকে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বিকানেৰত ২৪,৩০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে।
আজিৰ ২৪ হাজাৰ কোটিৰো অধিক মূল্যৰ প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেইমাহমানৰ ভিতৰতে ৰাজস্থানে দুটা আধুনিক ছয়লেন এক্সপ্ৰেছৱে লাভ কৰিলে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বিকানেৰত ২৪,৩০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত আছে-প্ৰায় ১১,১২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অমৃতসৰ-জামনগৰ অৰ্থনৈতিক কৰিডৰৰ ছয় লেনযুক্ত গ্ৰীণফিল্ড এক্সপ্ৰেছৱে অংশ; প্ৰায় ১০,৯৫০ কোটি টকা ব্যয় সাপেক্ষে সেউজ শক্তি কৰিডৰৰ আন্তঃৰাজ্যিক সংবহন লাইনৰ প্ৰথম পৰ্যায়; বিকানেৰ পাৱাৰ গ্ৰীডে প্ৰায় ১৩৪০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ভীৱাড়ী ট্ৰেন্সমিছন লাইন আৰু বিকানেৰত ৩০খন বিছনাযুক্ত কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ চিকিৎসালয়। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৪৫০ কোটি টকা ব্যয় সাপেক্ষে বিকানেৰ ৰেলৱে ষ্টেচন পুনৰ উন্নয়ন আৰু ৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ চুৰু-ৰতংগৰ অংশৰ ৰেল-লাইন দুগুণ কৰাৰ আধাৰশিলা স্থাপন কৰে।
 

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে যোদ্ধাৰ ভূমিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে ৰাজ্যৰ উন্নয়নৰ বাবে উৎসৰ্গিত লোকসকলে সদায় এনে এক সুযোগ প্ৰদান কৰে য’ত তেওঁলোকে উন্নয়নমূলক প্ৰকল্পৰ আৰম্ভণিৰ বাবে নিজকে উপলব্ধ কৰে। আজিৰ ২৪ হাজাৰ কোটিৰো অধিক মূল্যৰ প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেইমাহমানৰ ভিতৰতে ৰাজস্থানে দুটা আধুনিক ছয়লেন এক্সপ্ৰেছৱে লাভ কৰিলে। ফেব্ৰুৱাৰী মাহত দিল্লী-মুম্বাই এক্সপ্ৰেছ কৰিডৰৰ দিল্লী-দৌছা-লালচোট অংশৰ উদ্বোধনী অনুষ্ঠানৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে আজি অমৃতসৰ-জামনগৰ এক্সপ্ৰেছৱেৰ ৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছয়লেনযুক্ত গ্ৰীণফিল্ড এক্সপ্ৰেছৱে অংশ উদ্বোধন কৰাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় ঘাইপথৰ কথা আহিলে এক প্ৰকাৰে ৰাজস্থানে দুটা শতক অৰ্জন কৰিছে। প্ৰধানমন্ত্ৰীয়ে বিকানেৰ আৰু ৰাজস্থানৰ ৰাইজক সেউজ শক্তি কৰিডৰ আৰু কৰ্মচাৰী ৰাজ্যিক বীমা নিগম (ই এছ আই চি) চিকিৎসালয়ৰ বাবেও অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজস্থান সদায় সামৰ্থ্য আৰু সম্ভাৱনাৰে ভৰপূৰ। প্ৰধানমন্ত্ৰীয়ে কয় যে উন্নয়নৰ এই সম্ভাৱনাৰ বাবেই ৰাজ্যত অভিলেখ বিনিয়োগ কৰা হৈছে। পৰিবহণ সংযোগক হাই-টেক কৰি তোলা হৈছে, কিয়নো ইয়াত ঔদ্যোগিক বিকাশৰ অপৰিসীম সম্ভাৱনা আছে। তীব্ৰবেগী এক্সপ্ৰেছৱে আৰু ৰে’লৱেই পৰ্যটনৰ সুযোগ বৃদ্ধি কৰিব, যাৰ ফলত ৰাজ্যৰ যুৱক-যুৱতীসকল উপকৃত হ’ব বুলিও তেওঁ লগতে কয়।
আজি উদ্বোধন কৰা গ্ৰীণ ফিল্ড এক্সপ্ৰেছৱেৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই ৰাজস্থানক হাৰিয়ানা, পঞ্জাব, গুজৰাট আৰু জম্মু-কাশ্মীৰৰ সৈতে সংযোগ কৰিব, আনহাতে জামনগৰ আৰু কণ্ডলাৰ দৰে গুৰুত্বপূৰ্ণ বাণিজ্যিক বন্দৰসমূহো বিকানেৰ আৰু ৰাজস্থানৰ কাষ চপাই আনিব। তেওঁ জোৰ দি কয় যে বিকানেৰে অমৃতসৰ আৰু যোধপুৰৰ মাজৰ দূৰত্ব হ্ৰাস কৰাৰ লগতে যোধপুৰ আৰু গুজৰাটৰ মাজৰ দূৰত্ব হ্ৰাস কৰিব, যাৰ ফলত অঞ্চলটোৰ কৃষক আৰু ব্যৱসায়ীসকল যথেষ্ট উপকৃত হ’ব। প্ৰধানমন্ত্ৰীয়ে কয়, “এই গ্ৰীণফিল্ড এক্সপ্ৰেছৱেই সমগ্ৰ পশ্চিম ভাৰতৰ অৰ্থনৈতিক কাৰ্যকলাপকগতি প্ৰদান কৰিব।” তেওঁ তৈলক্ষেত্ৰ শোধনাগাৰৰ সৈতে বৃদ্ধি পোৱা পৰিবহণ-সংযোগৰ ওপৰত আলোকপাত কৰে, যাৰ ফলত দেশৰ যোগান শক্তিশালী হ’ব আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিত হ’ব।
ৰে’ল লাইন দুগুণ কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ ৰে’লৱেৰ উন্নয়নৰ ক্ষেত্ৰত দিয়া অগ্ৰাধিকাৰৰ ওপৰত আলোকপাত কৰে। তেওঁ আঙুলিয়াই দিয়ে যে ২০০৪-২০১৪ চনৰ ভিতৰত ৰাজস্থানে ৰে’লৱেৰ বাবে গড়ে বছৰি ১০০০ কোটিতকৈও কম ধন লাভ কৰিছিল, আনহাতে ২০১৪ চনৰ পিছত ৰাজ্যখনে প্ৰতি বছৰে গড়ে ১০ হাজাৰ কোটি টকা লাভ কৰিছিল।
প্ৰধানমন্ত্ৰীয়ে কয় যে এই আন্তঃগাঁথনি উন্নয়নৰ সৰ্বাধিক লাভৱান হৈছে ক্ষুদ্ৰ ব্যৱসায়ী আৰু ক্ষুদ্ৰ উদ্যোগীসকল। তেওঁ বিকানেৰৰ আচাৰ, পাপড়, নামকিনৰ কথা উল্লেখ কৰি কয় যে উন্নত পৰিবহণ সংযোগৰ দ্বাৰা এই ক্ষুদ্ৰ ব্যৱসায়ীসকলে নিজৰ সামগ্ৰী বিশ্বৰ চুকে-কোণলৈ পঠিয়াব পাৰিব।
 

ৰাজস্থানৰ উন্নয়নমূলক প্ৰচেষ্টাৰ কথা কওঁতে প্ৰধানমন্ত্ৰীয়ে দীৰ্ঘদিনীয়া অৱহেলিত সীমান্ত গাঁওসমূহৰ বাবে ভাইব্ৰেণ্ট গ্ৰাম যোজনাৰ কথা উল্লেখ কৰে। তেওঁ কয়, ‘আমি সীমান্তৰ গাঁওসমূহক দেশৰ ‘প্ৰথম গাঁও’ হিচাপে ঘোষণা কৰিছো। ইয়াৰ ফলত এই অঞ্চলসমূহৰ উন্নয়ন হ’ব আৰু এই অঞ্চলসমূহ ভ্ৰমণৰ বাবে দেশবাসীৰ আগ্ৰহ বৃদ্ধি পাব।
ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী কলৰাজ মিশ্ৰ, কেন্দ্ৰীয় গড়কাপ্তানি, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰী, কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱাল, কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট আৰু কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত এই উপলক্ষে শ্ৰী কৈলাশ চৌধুৰী আৰু অন্যান্যসকল উপস্থিত থাকে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future