ভাৰত-ইউএই ভাৰ্চুৱেল সন্মিলন

Published By : Admin | February 18, 2022 | 20:16 IST
PM Modi, Crown Prince of UAE hold Virtual Summit
India-UAE sign Comprehensive Economic Partnership Agreement
PM Modi welcomes UAE's investment in diverse sectors in Jammu and Kashmir

 

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু আবু ধাবিৰ ৰাজ কুমাৰ মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে আজি আগভাগত এক ভাৰ্চুৱেল সন্মিলনত ভাগ লয়। দুয়োগৰাকী নেতাই সকলো ক্ষেত্ৰতে দ্বিপাক্ষিক সম্পৰ্কৰ নিৰন্তৰ বিকাশত গভীৰ সন্তুষ্টি প্ৰকাশ কৰে।

মাননীয় প্ৰধানমন্ত্ৰী আৰু মহামান্য যুৱ ৰাজে "ভাৰত আৰু ইউএই বিস্তৃ কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিঃ নতুন সীমান্তনতুন মাইলৰ খুঁটি" শীৰ্ষক এক যুটীয়া দৃষ্টি বিবৃতি জাৰি কৰে। বিবৃতিটোৱে ভাৰত আৰু ইউএইৰ মাজত ভৱিষ্যৎ-মুখী অংশীদাৰিত্বৰ বাবে এক ৰোডমেপ স্থাপন আৰু গুৰুত্বপূৰ্ণ ক্ষেত্ৰ আৰু ফলাফলসমূহ চিনাক্ত কৰে। ইয়াৰ সহভাজিত উদ্দেশ্য হৈছে অৰ্থনীতি, শক্তি, জলবায়ু কাৰ্য্য, উদীয়মান প্ৰযুক্তি, দক্ষতা আৰু শিক্ষা, খাদ্য সুৰক্ষা, স্বাস্থ্যসেৱা আৰু প্ৰতিৰক্ষা আৰু সুৰক্ষাকে ধৰি বিভিন্ন খণ্ডত নতুন বাণিজ্য, বিনিয়োগ আৰু উদ্ভাৱন গতিশীলতাক প্ৰোৎসাহিত কৰা।

ভাৰ্চুৱেল সন্মিলনখনিৰ এক মুখ্য আকৰ্ষণ আছিল বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেল আৰু ইউএইৰ অৰ্থনীতি মন্ত্ৰী মহামহিম আব্দুল্লা বিন তক আল মাৰিৰদ্বাৰা দুয়োজন নেতাৰ ভাৰ্চুৱেল উপস্থিতিত ভাৰত-ইউএই বিস্তৃত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (CEPA) স্বাক্ষৰ আৰু আদান-প্ৰদান। এই চুক্তিয়ে ভাৰত আৰু ইউএইৰ ব্যৱসায়ক গুৰুত্বপূৰ্ণ লাভালাভ প্ৰদান কৰিব, যাৰ ভিতৰত আছে বজাৰৰ প্ৰৱেশাধিকাৰ বৃদ্ধি আৰু শুল্ক হ্ৰাস কৰা। এই চিইপিএৰ ফলত অহা ৫ বছৰত দ্বিপাক্ষিক বাণিজ্য বৰ্তমানৰ ৬০ বিলিয়ন আমেৰিকান ডলাৰৰ পৰা ১০০ বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে।

দুয়োগৰাকী নেতাই ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক বাৰ্ষিকী আৰু ইউএইৰ প্ৰতিষ্ঠাৰ ৫০ সংখ্যক বাৰ্ষিকী উপলক্ষে যুটীয়া স্মাৰক ডাক টিকটো মুকলি কৰে। সন্মিলনখনিত ভাৰতীয় আৰু ইউএইৰ প্ৰতিষ্ঠানসমূহৰ মাজত স্বাক্ষৰিত দুই বুজাবুজিৰ চুক্তি (MOU) ও ঘোষণা কৰা হয়। এইসমূহ হৈছে, খাদ্য সুৰক্ষা কৰিডৰ উদ্যোগ সন্দৰ্ভত এপিইডিএ আৰু ডিপি ৱৰ্ল্ড আৰু আল দাহৰাৰ মাজত বুজাবুজিৰ চুক্তি আৰু বিত্তীয় প্ৰকল্প আৰু সেৱাৰ ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত ভাৰতৰ গিফ্ট চিটি আৰু আবু ধাবি গ্ল’বেল মাৰ্কেটৰ মাজত বুজাবুজিৰ চুক্তি। আন দুই বুজাবুজিৰ চুক্তি হৈছে- এটা জলবায়ু ক্ৰিয়াত সহযোগিতা সন্দৰ্ভত আৰু আনটো শিক্ষাৰ ক্ষেত্ৰতো দুয়োপক্ষৰ মাজত সন্মতি প্ৰকাশ কৰা হৈছে।

ক’ভিড মহামাৰীৰ সময়ছোৱাত ভাৰতীয় সমাজখনৰ যত্ন লোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আবু ধাবিৰ মহামহিম ৰাজ কুমাৰক ধন্যবাদ জ্ঞাপন কৰে। তেখেতে তেওঁক সোনকালেই ভাৰত ভ্ৰমণলৈয়ো আমন্ত্ৰণ জনায়।

 

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s continuing tradition of celebrating its teachers

Media Coverage

India’s continuing tradition of celebrating its teachers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 ছেপ্টেম্বৰ 2026
September 05, 2026

The New Indian Equation: Policy + People = Tangible Progress Under PM Modi