বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২২ত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে ভাৰোত্তোলক জেৰেমি লালৰিনুংগাক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"আমাৰ যুৱ শক্তিয়ে ইতিহাস সৃষ্টি কৰিছে! @raltejeremy লৈ অভিনন্দন, যিয়ে তেওঁৰ প্ৰথম কমনৱেলথ গেমছত স্বৰ্ণ পদক অৰ্জন কৰিছে আৰু লগতে কমনৱেলথ গেমছ এক অভূতপূৰ্ব অভিলেখ গঢ়িছে। কম বয়সতে তেওঁ অপৰিসীম গৌৰৱ আৰু যশ কঢ়িয়াই আনিছে। ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে তেওঁক শুভেচ্ছা জনাইছোঁ।"
Our Yuva Shakti is creating history! Congratulations to @raltejeremy, who has won a Gold in his very first CWG and has set a phenomenal CWG record as well. At a young age he’s brought immense pride and glory. Best wishes to him for his future endeavours. pic.twitter.com/dUGyItRLCJ
— Narendra Modi (@narendramodi) July 31, 2022


