প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'শ্ৰেষ্ঠ গোলকীয় সংগীত'ৰ গ্ৰেমী বঁটা লাভ কৰা বাবে সংগীতজ্ঞ ওস্তাদ জাকিৰ হুছেইন, ৰাকেশ চৌৰাছিয়া, শংকৰ মহাদেৱন, চেলভাগণেশ ভি আৰু গণেশ ৰাজগোপালনক অভিনন্দন জ্ঞাপন কৰে।

তেওঁলোকৰ বেণ্ড 'শক্তি', এক ফিউজন সংগীত গোটে 'দিচ মোমেন্ট'ৰ বাবে এই সন্মানীয় বঁটা লাভ কৰিছে।

তেওঁ কয় যে তেওঁলোকৰ ব্যতিক্ৰমী প্ৰতিভা আৰু সংগীতৰ প্ৰতি সমৰ্পণে বিশ্বজুৰি হৃদয় জয় কৰিছে, যাৰ ফলত ভাৰত গৌৰৱান্বিত হৈছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

"গ্ৰেমীত অভূতপূৰ্ব সফলতাৰ বাবে জাকিৰ হুছেইন, ৰাকেশ চৌৰাছিয়া, শংকৰ মহাদেৱন, চেলভাগণেশ ভি আৰু গণেশ ৰাজাগোপালন,আপোনালোকক অভিনন্দন! সংগীতৰ প্ৰতি আপোনালোকৰ ব্যতিক্ৰমী প্ৰতিভা আৰু সমৰ্পণে বিশ্বজুৰি হৃদয় জয় কৰিছে। ভাৰত গৌৰৱান্বিত! এই সফলতা আপোনালোকে কৰি থকা কঠোৰ পৰিশ্ৰমৰ প্ৰমাণ। ই নতুন প্ৰজন্মৰ শিল্পীসকলক ডাঙৰ সপোন দেখিবলৈ আৰু সংগীতত উৎকৃষ্ট হ'বলৈ অনুপ্ৰাণিত কৰিব।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s contribution to BRICS: Nari Shakti moves from promise to delivery

Media Coverage

India’s contribution to BRICS: Nari Shakti moves from promise to delivery
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 জুন 2026
June 30, 2026

Turning Challenges into Opportunities: PM Modi’s Vision for National Progress