শেহতীয়াকৈ দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা ২০২৫ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোক প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।"সমগ্ৰ প্ৰতিযোগিতাখনত প্ৰতিগৰাকী খেলুৱৈৰ কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তা স্পষ্টভাৱে প্ৰতিফলিত হৈছিল", শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে X ত এনেদৰে পোষ্ট কৰিছে :
"শেহতীয়াকৈ দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা ২০২৫ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত আমাৰ দলে প্ৰদৰ্শন কৰা চমৎকাৰী প্ৰদৰ্শনক লৈ ভাৰতে গৌৰৱ অনুভৱ কৰিছে। সমগ্ৰ প্ৰতিযোগিতাখনত প্ৰতিগৰাকী খেলুৱৈৰ কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তা স্পষ্টভাৱে প্ৰতিফলিত হৈছিল। খেলুৱৈসকলক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনালোঁ।"
India is proud of our contingent for their stupendous performance at the recently held 2025 Asian Athletics Championships in South Korea. The hardwork and determination of every athlete were clearly visible throughout the tournament. Best wishes to the athletes for their future… pic.twitter.com/VB8VXIFy7L
— Narendra Modi (@narendramodi) June 2, 2025


