প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ মাটিৰ পৰা এতিয়ালৈকে উৎক্ষেপণ কৰা আটাইতকৈ গধুৰ উপগ্ৰহ এলভিএম৩-এম৬ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশযান ব্লুবাৰ্ড ব্লক-২ক ইয়াৰ নিৰ্দিষ্ট কক্ষপথলৈ সফলভাৱে উৎক্ষেপণ কৰাৰ বাবে মহাকাশ বিজ্ঞানী আৰু অভিযন্তাসকলক অভিনন্দন জনাইছে। শ্ৰী মোদীয়ে কয় যে ই ভাৰতৰ মহাকাশ যাত্ৰাত এক গৌৰৱোজ্জ্বল মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে আৰু ই আত্মনিৰ্ভৰ ভাৰতৰ দিশত কৰা প্ৰচেষ্টাৰ প্ৰতিফলন।

‘এলভিএম৩-এ নিৰ্ভৰযোগ্য গধূৰ ভৰ উৎক্ষেপণৰ সামৰ্থ্য প্ৰদৰ্শন কৰাৰ লগে লগে আমি গগনযানৰ দৰে ভৱিষ্যতৰ অভিযানৰ ভেটি শক্তিশালী কৰিছো, বাণিজ্যিক উৎক্ষেপণ সেৱা সম্প্ৰসাৰণ কৰিছো আৰু গোলকীয় অংশীদাৰিত্ব ব্যাপক কৰিছো’, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছেঃ

‘ভাৰতৰ মহাকাশ খণ্ডত এক গুৰুত্বপূৰ্ণ পদক্ষেপ…

সফলতাৰে এলভিএম৩-এম৬ উৎক্ষেপণৰ জৰিয়তে ভাৰতৰ মাটিৰ পৰা এতিয়ালৈকে আটাইতকৈ গধুৰ উপগ্ৰহ উৎক্ষেপণ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশযান ব্লুবাৰ্ড ব্লক-২ক ইয়াৰ নিৰ্দিষ্ট কক্ষপথত স্থাপনে ভাৰতৰ মহাকাশ যাত্ৰাত এক গৌৰৱোজ্জ্বল মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।

ই ভাৰতৰ গধূৰ ভৰ উৎক্ষেপণ ক্ষমতাক শক্তিশালী কৰে আৰু গোলকীয় বাণিজ্যিক উৎক্ষেপণ বজাৰত আমাৰ বৰ্ধিত ভূমিকাক শক্তিশালী কৰিছে।

ই আত্মনিৰ্ভৰ ভাৰতৰ দিশত আমাৰ প্ৰচেষ্টাৰো প্ৰতিফলন। আমাৰ কঠোৰ পৰিশ্ৰমী মহাকাশ বিজ্ঞানী আৰু অভিযন্তাসকলক অভিনন্দন জনাইছো।

মহাকাশ জগতত ভাৰতৰ স্থান উন্নত হোৱাটো অব্যাহত আছে!’

@isro

 

 

‘ভাৰতৰ যুৱক-যুৱতীসকলৰ দ্বাৰা চালিত আমাৰ মহাকাশ কাৰ্যসূচী অধিক উন্নত আৰু প্ৰভাৱশালী হৈ উঠিছে।

এলভিএম৩-এ নিৰ্ভৰযোগ্য গধূৰ ভৰ উৎক্ষেপণৰ সামৰ্থ্য প্ৰদৰ্শন কৰাৰ লগে লগে আমি গগনযানৰ দৰে ভৱিষ্যতৰ অভিযানৰ ভেটি শক্তিশালী কৰিছো, বাণিজ্যিক উৎক্ষেপণ সেৱা সম্প্ৰসাৰণ কৰিছো আৰু গোলকীয় অংশীদাৰিত্ব ব্যাপক কৰিছো।

এই বৰ্ধিত সামৰ্থ্য আৰু আত্মনিৰ্ভৰশীলতা শক্তিশালী হোৱাটো আগন্তুক প্ৰজন্মৰ বাবে অতুলনীয়।’

@isro

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Spirituality remains key driver for travel in Asia, India ranks top: Report

Media Coverage

Spirituality remains key driver for travel in Asia, India ranks top: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 মাৰ্চ 2026
March 26, 2026

India’s Economy, Innovative Spirit and Global Standing Continue to Thrive with the Modi Government