‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’ত মহিলাৰ ৪৮ কিলোগ্ৰম শাখাৰ বক্সিং-ত সোণৰ পদক জয় কৰাৰ বাবে নীতু ঘংঘছক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
“চিডব্লিউজি ২০২২’ত বক্সিং-ত কষ্টোপাৰ্জিত আৰু নিতান্তই প্ৰাপ্য সোণৰ পদকৰ বাবে নীতু ঘংঘছলৈ অভিনন্দন। তেওঁ নিষ্ঠা আৰু পৰম একাগ্ৰতাৰে খেলা-ধূলাত মনোনিৱেশ কৰিছে। তেওঁৰ এই সাফল্যই বক্সিং-ক অধিক জনপ্ৰিয় কৰি তুলিব। ভৱিষ্যতৰ প্ৰতিটো প্ৰয়াসৰ বাবে তেওঁলৈ মোৰ শুভ কামনা জনালো।
Congratulations to Nitu Ghanghas for a hard earned and well deserved Gold medal in Boxing at CWG 2022. She has pursued sports diligently and with utmost passion. Her success is going to make Boxing more popular. My best wishes for her future endeavours. #Cheer4India pic.twitter.com/sIEzPGnRaY
— Narendra Modi (@narendramodi) August 7, 2022