ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা ৰাজ্যসভালৈ মনোনীত হোৱা চাৰিগৰাকী বিশিষ্ট ব্যক্তিলৈ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।

 

 

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কৰা ধাৰাবাহিক পোষ্টত প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী মনোনীত ব্যক্তিৰ অৱদানৰ  বিষয়ে আলোকপাত কৰে।

আইনৰ বৃত্তিৰ প্ৰতি দৃষ্টান্তমূলক নিষ্ঠা তথা সাংবিধানিক মূল্যবোধৰ প্ৰতি অটল দায়বদ্ধতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে শ্ৰী উজ্জ্বল নিকামক প্ৰশংসা কৰে। তেওঁ কয় যে শ্ৰী নিকাম এগৰাকী  সফল অধিবক্তা হিচাপে গুৰুত্বপূৰ্ণ আইনী গোচৰত মূল ভূমিকা পালন কৰি সাধাৰণ নাগৰিকৰ মৰ্যাদা ৰক্ষাৰ অৰ্থে অবিৰতভাৱে কাম কৰি আহিছে। শ্ৰী মোদীয়ে নিকামে ৰাজ্যসভালৈ মনোনয়ন লাভ কৰাক আদৰণি জনাই তেওঁৰ সংসদীয় ভূমিকাত সফলতা কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়;

 

 

‘শ্ৰী উজ্জ্বল নিকামৰ আইনৰ ক্ষেত্ৰখনৰ প্ৰতি আৰু আমাৰ সংবিধানৰ প্ৰতি থকা নিষ্ঠা আদৰ্শনীয়।তেওঁ কেৱল এগৰাকী  সফল অধিবক্তাই নহয়, গুৰুত্বপূৰ্ণ গোচৰত ন্যায়  প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো আগৰণুৱা হৈ আহিছে।তেওঁৰ সমগ্ৰ আইনী জীৱনৰ সময়ছোৱাত তেওঁ সদায় সাংবিধানিক মূল্যবোধক শক্তিশালী কৰাৰ লগতে সাধাৰণ নাগৰিকৰ সদায় মৰ্যাদাৰ অক্ষুণ্ণ  ৰখাটো নিশ্চিত কৰিবলৈ কাম কৰি আহিছে।এয়া আনন্দৰ কথা যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ৰাজ্যসভালৈ মনোনীত কৰিছে। তেওঁৰ সংসদীয় ইনিংছৰ বাবে মোৰ শুভেচ্ছা।”

 

 

শিক্ষক শ্ৰী চি সদানন্দন সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ জীৱনক সাহস আৰু অন্যায়ৰ প্ৰতিৰোধৰ প্ৰতীক বুলি অভিহিত কৰে। তেওঁ কয় যে হিংসা আৰু ভয়-ভাবুকিৰ সন্মুখীন হৈও শিক্ষক শ্ৰী সদানন্দনে ৰাষ্ট্ৰীয় উন্নয়নৰ প্ৰতি দায়বদ্ধ হৈ আহিছে। প্ৰধানমন্ত্ৰীয়ে শিক্ষক আৰু সমাজকৰ্মী হিচাপে তেওঁৰ অৱদানক প্ৰশংসা কৰাৰ  লগতে যুৱ সৱলীকৰণৰ প্ৰতি তেওঁৰ আগ্ৰহৰ কথাও উল্লেখ কৰে। ৰাষ্ট্ৰপতি জীয়ে ৰাজ্যসভালৈ মনোনীত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে  তেওঁক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁৰ নতুন দায়িত্বৰ বাবে শুভেচ্ছা জনায়।

 

 

প্ৰধানমন্ত্ৰীয়ে কয়;

‘শিক্ষক শ্ৰী চি সদানন্দনৰ  জীৱনটো সাহস আৰু অন্যায়ৰ সন্মুখত নতশিৰ হ'বলৈ  অস্বীকাৰ কৰাৰ প্ৰতিমূৰ্তি। হিংসা আৰু ভয়-ভাবুকিয়ে তেওঁৰ ৰাষ্ট্ৰীয় উন্নয়নৰ প্ৰতি থকা মনোভাৱক বাধা দিব পৰা নাছিল।এগৰাকী শিক্ষক আৰু সমাজকৰ্মী হিচাপে তেওঁৰ প্ৰচেষ্টা প্ৰশংসনীয়।যুৱ সবলীকৰণৰ প্ৰতি তেওঁ অত্যন্ত সংবেদনশীল।   ৰাজ্যসভাৰ বাবে ৰাষ্ট্ৰপতি জীয়ে তেওঁক মনোনীত কৰাৰ বাবে  তেওঁক অভিনন্দন। সাংসদ  হিচাপে তেওঁৰ নতুন ভূমিকাৰ বাবে শুভেচ্ছা   জ্ঞাপন কৰিলোঁ।”

 

 

শ্ৰী হৰ্ষ বৰ্ধন শ্ৰিংলাৰ মনোনয়ন সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ এগৰাকী কূটনীতিবিদ, বৌদ্ধিক আৰু কৌশলগত চিন্তাবিদ হিচাপে নিজকে বিশিষ্ট কৰি তুলিছে। ভাৰতৰ বৈদেশিক নীতিত শ্ৰী শ্ৰিংলাৰ অৱদান আৰু ভাৰতৰ জি-২০ সভাপতিত্বত   তেওঁৰ ভূমিকাৰো শ্ৰী মোদীয়ে   শলাগ লয়। প্ৰধানমন্ত্ৰীয়ে তেওঁক ৰাজ্যসভালৈ মনোনীত হোৱা বাবে আনন্দিত হোৱা বুলি কোৱাৰ  লগতে তেওঁৰ অন্তৰ্দৃষ্টিয়ে সংসদীয় বিতৰ্কক সমৃদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰে।

 

 

প্ৰধানমন্ত্ৰীয়ে কয়;

'শ্ৰী হৰ্ষ বৰ্ধন শ্ৰিংলা জীয়ে এজন কূটনীতিবিদ, বৌদ্ধিক আৰু কৌশলগত চিন্তাবিদ হিচাপে উৎকৃষ্টতা প্ৰদৰ্শন কৰিছে। বছৰ বছৰ ধৰি তেওঁ ভাৰতৰ বৈদেশিক নীতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে আৰু আমাৰ জি-২০ সভাপতিত্বৰ সময়তো অৰিহণা যোগাইছে। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ৰাজ্যসভালৈ মনোনীত কৰাত আনন্দিত হৈছো।তেওঁৰ অনন্য দৃষ্টিভংগীয়ে সংসদীয় কাৰ্য্যবিধি বহু পৰিমাণে সমৃদ্ধ কৰি তুলিব ।

@harshvshringla”

 

 

ড° মীনাক্ষী জৈনৰ মনোনয়ন সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া অপৰিসীম আনন্দৰ বিষয়। তেওঁ এগৰাকী পণ্ডিত, গৱেষক আৰু ইতিহাসবিদ হিচাপে তেওঁৰ বিশিষ্ট কামৰে স্বীকৃতি লভিছে  । প্ৰধানমন্ত্ৰীয়ে তেওঁৰ  শিক্ষা, সাহিত্য, ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰিছিল। ৰাজ্যসভাত তেওঁ মনোনয়ন লাভ কৰাৰ  বাবে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে।

 

 

প্ৰধানমন্ত্ৰীয়ে কয়;

 

 

ড০ মীনাক্ষী জৈনক ৰাষ্ট্ৰপতি জীয়ে ৰাজ্যসভালৈ মনোনীত কৰাটো অপৰিসীম আনন্দৰ বিষয়।এগৰাকী পণ্ডিত, গৱেষক আৰু ইতিহাসবিদ হিচাপে তেওঁ নিজকে বিশিষ্ট কৰি তুলিছে।শিক্ষা, সাহিত্য, ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰত তেওঁ কৰা  কামে শৈক্ষিক ক্ষেত্ৰ খনক যথেষ্ট সমৃদ্ধ কৰিছে।তেওঁৰ সংসদীয় কাৰ্যকালৰ বাবে শুভেচ্ছা জনালোঁ।

@IndiMeenakshi”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Out-of-pocket expenditure on health shows declining trend, states latest National Health Accounts

Media Coverage

Out-of-pocket expenditure on health shows declining trend, states latest National Health Accounts
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tributes to NTR Garu on his birth anniversary
May 28, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to NTR Garu on his birth anniversary.

The Prime Minister said that NTR Garu is fondly remembered for his commitment towards public welfare and governance which ensured dignity for the poor and marginalised.

The Prime Minister also noted that NTR Garu’s contributions to cinema continue to captivate generations and said that his life and ideals remain a source of immense inspiration.

The Prime Minister wrote on X;

“Tributes to the great NTR Garu on his birth anniversary. He is fondly remembered for his commitment towards public welfare and governance which ensured dignity for the poor and marginalised. His contributions to cinema continue to captivate generations. His life and ideals remain a source of immense inspiration. The NDA Government in Andhra Pradesh, under the leadership of my friend Chandrababu Naidu Garu, is committed to advancing the aspirations he cherished for the people.

@ncbn”