চৰকাৰী ভ্ৰমণসূচীলৈ নামিবিয়ালৈ গৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী। এই উপলক্ষে নামিবিয়াৰ ৰাষ্ট্ৰপতি মহামহিম নেটুম্বো নন্দি-দৈত্ৱাহে প্ৰধানমন্ত্ৰী মোদীক নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান - অৰ্ডাৰ অৱ দ্য মষ্ট এন্সিয়েণ্ট ৱেলৱিটচিয়া মিৰাবিলিছ প্ৰদান কৰে। মোদীয়েই হৈছে এই সন্মান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় নেতা।

সন্মান গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ১৪ কোটি জনসাধাৰণৰ লগতে ভাৰত আৰু নামিবিয়াৰ ঐতিহাসিক তথা চিৰস্থায়ী সম্পৰ্কৰ প্ৰতি এই সন্মান উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে এনে সন্মান প্ৰদান কৰা বাবে ৰাষ্ট্ৰপতি নন্দি-দৈত্ৱাহ আৰু নামিবিয়াৰ জনসাধাৰণৰ প্ৰতি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী মোদীক এই সন্মান প্ৰদান ভাৰত আৰু নামিবিয়াৰ দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাবে বিবেচিত হৈছে। লগতে ই বিশেষ দ্বিপাক্ষিক অংশীদাৰিত্বক অধিক উচ্চতালৈ লৈ যোৱাত দুয়োখন দেশৰ নৱ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হিচাপে পৰিগণিত হৈছে।



